Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

বীৰ চিলাৰায় বঁটাৰ বাবে নিৰ্বাচিত তন্ময়ী শ্ৰুতিধাৰা গগৈ৷ নাজিৰা, 2৮ জুলাই:- শিৱসাগৰ জিলাৰ নাজিৰা নবোদয় বিদ্যালয়ৰ ছাত্ৰী তথা এনচিচিৰ কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈলৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে ২০২২-২০২৩ বৰ্ষৰ বীৰ চিল্লা ৰয় বঁটা আগবঢ়াইছে৷ ১০ম অসম বেটেলিয়নৰ ডিব্ৰুগড়ৰ এনচিচি ইউনিটৰ অধীনৰ এনচিচি কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈয়ে জুনিয়ৰ ছোৱালীৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে এনচিচি প্ৰশিক্ষণত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছিল৷ অসম চৰকাৰৰ মুখ্য সচিব আৰু বীৰ চিলাৰায় এৱাৰ্ড ৰাজ্যিক কমিটিৰ অধ্যক্ষ জিষ্ণু বৰুৱাৰ অধক্ষ্যতাত অনুষ্ঠিত বাচনি সমিতিয়ে তন্ময়ী শ্ৰুতিধাৰা গগৈক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে৷ তন্ময়ী শ্ৰুতিধাৰা গগৈ নাজিৰাস্থিত জৱাহৰলাল নৱোদয় বিদ্যালয় শিৱসাগৰৰ ছাত্ৰী৷ ডিব্ৰুগড়ৰ এনচিচি…

Read More

নাজিৰা, ২৮ জুলাই- সমগ্ৰ ৰাজ্যখনৰ  লগতে আজি নাজিৰা মহকুমাতো তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু মহকুমা প্ৰশাসনৰ সহযোগত  মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত দেশ ভক্ত তৰুণৰাম ফুকনৰ স্মৃতি দিৱস উপলক্ষ্যে “দেশ ভক্তি দিৱস“ উদ্ যাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুয়া নাম্পুইয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰাম্ভ কৰি  দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। পৰৱৰ্তী সময়ত নাজিৰা মহকুমাৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীৰ লগতে বিশিষ্ট অতিথি সকলেও মাল্যৰ্পণ কৰে। নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুয়া নাম্পুইয়ে নিজৰ আদৰণি ভাষণত আজিৰ এই দিনটোৰ তাৎপৰ্যৰ কথা বৰ্ণনা কৰি কয় যে, “দেশ ভক্ত তৰুণৰাম ফুকন একেধাৰে মুক্তি যুঁজাৰু আৰু সাহিত্যিক আছিল। দেশক স্বাধীন…

Read More

চৰাইদেউ জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত ৭৬সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কে বৈঠকI সোণাৰি, ২৭ জুলাই: চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে জিলাখনত দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস যাতে সফলতাৰে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়, সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। প্ৰতিটো বিভাগৰ বিষয়া- কৰ্মচাৰীসকলক নিজা নিজা দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানত বিস্তৃত সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ পোষকতা কৰে। তেওঁ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ “হৰ ঘৰ তিৰঙ্গা” কাৰ্যসূচীৰ অন্তৰ্গত জিলাখনৰ প্রতিটো চৰকাৰী বিভাগৰ লগতে ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠান…

Read More

চৰাইদেউত কৃষি বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম-কাজৰ শেহতীয়া স্থিতি সম্পৰ্কে সভা I সোণাৰি, ২৭ জুলাই: জিলাখনৰ কৃষি বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম-কাজৰ শেহতীয়া স্থিতি সম্পৰ্কে আজি এক আলোচনা সভা অনুষ্ঠিত হয় চৰাইদেউ জিলা উপায়ুক্ত সভাকক্ষত। উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইন, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী তথা মুৰব্বী, কৃষি উন্নয়ন বিষয়া, নাবাৰ্ডৰ ডিডিএম, বেংক প্ৰতিনিধি, কৃষক প্ৰতিনিধি তথা বীমা কোম্পানীৰ বিষয়া কৰ্মচাৰী৷ সভাত জিলাখনত কৃষক ৰাইজৰ সুবিধাৰ্থে বীমাৰ কাম কাজৰ সবিশেষ খতিয়ান দাঙি ধৰে কৃষি বিষয়াই৷ লগতে জিলা উপায়ুক্ত মহোদয়েও এই…

Read More

সোণাৰি:- এক দেশ এক ভাষা হ’লে অসমবাসীয়ে অসুবিধাৰ সন্মুখীন হ’ব বুলি মন্তব্য অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। https://youtu.be/QVNoiw1RTAY  আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত পুৰ্ণ সমৰ্থন জনায় শীঘ্ৰেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি গৰাকীৰ। ইফালে চৰাইদেউ জিলাৰ সীমা সমস্যা সন্দৰ্ভতো মন্তব্য দেৱব্ৰত শইকীয়াৰ। সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেই এই সমস্যা সমাধান হ’ব বুলি মন্তব্য কংগ্ৰেছ নেতা জনৰ। সোণাৰি সমষ্টিৰ বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত চৰাইদেউ জিলাৰ নিমনাগড়ত অনুষ্ঠিত উজ্বল ভাৰত উজ্বল ভৱিষ্যত শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰৰ ভাল কামক সমৰ্থন আৰু বেয়া কামৰ সমালোচনা কৰি যাব বুলিও মন্তব্য নেতাজনৰ।

Read More

চৰাইদেউৰ নিমনাগড়ত উজ্বল ভাৰত, উজ্বল ভৱিষ্যত শক্তি @২০৪৭ৰ অধীনত বিজুলী মহোৎসৱ সোণাৰি, ২৭ জুলাই : ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যুৎ বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত আজি চৰাইদেউ জিলাৰ নিমনাগড়ত উজ্বল ভাৰত, উজ্বল ভৱিষ্যত শক্তি @২০৪৭ ৰ অধীনত বিজুলী মহোৎসৱ উদযাপনৰ কৰা হয়। নিমনাগড়ৰ ৰাইপুৰস্থিত শ্ৰীপুৰ ৰঙ্গমঞ্চত অনুষ্ঠিত এই অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ অংশ হিচাপে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সজাগতা…

Read More

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত বিজেপি দলত যোগদান কাৰ্যসূচী সম্পন্ন। কংগ্ৰেছ দলে ২৫ বছৰ ধৰি সোণাৰি সমষ্টি দখল কৰা পাছতো সামগ্ৰিক উন্নয়ন নহ’ল বুলি মন্তব্য বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। বিৰোধী দলৰ প্ৰতি আস্থা নথকাৰ বাবেই ভাৰতীয় জনতা পাৰ্টীৰ দলৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হৈছে বুলি মন্তব্য। সোণাৰি, ২৬ জুলাই:- সোণাৰিত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ আজি ডেৰকুৰিৰোধিক লোকে দলটোত যোগদান কৰে। এই উদ্দেশ্যে সোণাৰিত আজি অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰাক্তন আটাছু নেতা তথা অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সদ্যপ্ৰাক্তন নেতা গণেশ বৰগোহাঞিৰ নেতৃত্বত বিজেপি দলত যোগদান কৰে বিভিন্ন দল-সংগঠনৰ…

Read More