Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স , ২৫ আগষ্ট,২০২৫ : নাজিৰাৰ  শিমলুগুৰিত  দিখৌ নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷।  এই খহনীয়াই  ভাবুকিৰ সৃষ্টি কৰিছে শিমলুগুৰি নগৰৰ লগতে ইয়াৰ উপকণ্ঠীয়  অঞ্চল সমূহলৈ৷  শিমলুগুৰিৰ নগৰৰ মাজতে থকা বুধবৰীয়া বজাৰৰ লগতে তেতেলিগুৰিতো দিখৌৰ ক্ৰমবৰ্দ্ধিত খহনীয়াই এই অঞ্চলৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে৷ অপৰিকল্পিতভাৱে কিছুদিনৰ আগতে নিৰ্মাণ কৰা তেতেলিগুৰিৰ পৰা মাষ্টৰচুক সংযোগী মথাউৰি তথা পথটোৰ বহু অংশ নিম্নমানৰ কামৰ বাবেই দিখৌ নৈৰ বুকুত বিলীন হোৱাত উক্ত অঞ্চলৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ বিয়াগোম জলসম্পদ  বিভাগে এই গৰাখহনীয়া ৰোধৰ বাবে বিশেষ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ নকৰাত ৰাইজ শঙ্কিত আৰু ক্ষোধিত হৈ পৰিছে৷

Read More

নিউজডেক্স, ২০আগষ্ট,২০২৫: বিগত বহু দিনৰ পৰা নাজিৰাৰ বিভিন্ন স্থানত অব্যাহত আছে দিখৌ নৈৰ গৰাখহনীয়া। কাণসাৰ নাই ৰাজ্যৰ  জলসম্পদ বিভাগৰ।  নাজিৰাৰ বিহুৱৰ ,শিমলুগুৰি ইত্যাদি স্থানত দিখৌ নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷।  এই খহনীয়াৰ ফলত বিহুৱৰ গড়মূৰ পজাবস্তিত চপৰা চপৰে খহিছে দিখৌ নৈৰ গৰা। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। আনহাতে দিখৌ নৈত শিল, বালিৰ অবাধ খননে এই অঞ্চল সমূহলৈ বিপদ চপাই আনিছে বুলি সংবাদ মাধ্যমৰ আগত  মন্তব্য কৰে স্থানীয় ৰাইজে। আনহাতে শিমলুগুৰিৰ বুধবৰীয়া বজাৰৰ লগতে তেতেলিগুৰিতো দিখৌৰ ক্ৰমবৰ্দ্ধিত খহনীয়াই এই অঞ্চলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ অপৰিকল্পিতভাৱে কিছুদিনৰ আগতে নিৰ্মাণ কৰা তেতেলিগুৰিৰ পৰা মাষ্টৰচুক সংযোগী মথাউৰি তথা পথটোৰ বহু অংশ নিম্নমানৰ কামৰ…

Read More

নিউজডেক্স,১৫ আগষ্ট২০২৫: সমগ্ৰ দেশৰ লগতে আজি নাজিৰা সমজিলাতো দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা সমজিলা আয়ুক্ত কণিকাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পূৰ্বে সমজিলা আয়ুক্তই দেশৰ স্বাধীনতাৰ হকে  প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে আয়ুক্ত গৰাকীয়ে কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। এই কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা…

Read More

নিউজডেক্স,১২আগষ্ট২০২৫: ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি নাজিৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আজি এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজিৰ এই অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে নাজিৰা সমজিলা আয়ুক্ত কল্যাণ জ্যোতি হাজৰিকাই। ৬০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনৰ বিচাৰক তথা কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে লিগিৰীপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক দেৱজিৎ শৰ্মা , নাজিৰা উপ-কোষাগাৰৰ জ্যেষ্ঠ গাণনিক দিব্যজ্যোতি বৰা আৰু ন – মাটি হাইস্কুলৰ সহকাৰী শিক্ষক দীপাংকৰ শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে স্বৰাজ একাডেমীৰ অধ্যক্ষা অসমী গগৈ আৰু নাজিৰাৰ শঙ্কৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বৰুৱা ।…

Read More

নিউজডেক্স,১১আগষ্ট ২০২৫ : অসম নগালেণ্ড সীমান্তত অবৈধ শিল খননে বিপদ মাতিছে শৈল নগৰী বিহুবৰলৈ ৷ যিকোনো মুহূৰ্তত দিখৌ নদীয়ে গতিপথ সলনি কৰাৰ আশংকাত ভুগিছে বিহুবৰ বাসী। কাণষাৰ নাই বনবিভাগ তথা আৰক্ষী প্ৰশাসনৰ। বৰষুণ দিলে বোকা আৰু ৰ’দ দিলে ধূলিময় হৈ পৰে  সমগ্ৰ বিহুৱৰ। শিল মাফিয়া ক্ৰমে ৰিয়াজ আলি ওৰফে নানকি, গাজি খান, আৰু জাকিৰ আলিৰ নেতৃত্বত চলি আছে অবৈধ খনন৷  বন বিভাগ আৰু আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰিছে শিল মাফিয়াই। নগালেণ্ড আৰু অসমৰ সীমাত শিল খনন কাৰ্য্যত  ব্যৱহাৰ কৰা   ফকলেণ্ড, জে.চি.বিৰ অবাধ খননৰ দৃশ্য দেখিও আশ্বৰ্যজনকভাবে নিমাত ৰাজ্যৰ  বন বিভাগ তথা আৰক্ষী প্ৰশাসন! জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে এই অবৈধ…

Read More

Shiva Gogoi,NAZIRA, August 1: The Supreme Court has directed the Government of India, the petitioners and the intervener party to file affidavits within September clarifying the various aspects of the Rohingya issue for consideration by the apex court. A three-judge bench of the Supreme Court comprising Justice Surya Kant, Justice Dipankar Datta and Justice Nongmeikapam Kotiswar issued the instructions to the three parties to file affidavits while hearing the Rohingya case in Court No. 2 of the apex court on Thursday.  In a statement issued here, Assam Sanmilita Mahasangha (ASM) working president Matiur Rahman said that the Registrar General of…

Read More

নিউজডেক্স,১আগষ্ট,২০২৫: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল বেদখল মুক্ত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে অভয়পুৰ সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবলৈ বাতৰি প্ৰকাশ কৰাৰ বাবেই বিজেপি নেতাৰ ভাবুকিৰ সম্মুখীন হ’ল এগৰাকী সাংবাদিক। চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল বেদখল সন্দৰ্ভত ৩১ জুলাইত বাতৰি প্ৰকাশৰ দিনাই নিশালৈ চৰাইদেউ জিলা বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা গুণ বড়াই ফোন যোগে বিভিন্ন গালি-গালাজ পৰাৰ ওপৰিও হাত-ভৰি ভাঙি প্ৰাণে মৰাৰ ভাবুকি দিয়ে দৈনিক জনমভূমি কাকতৰ চাফ্ৰাইৰ  সাংবাদিক কপিল চেতিয়াক। একে সময়তে চিংলোপথাৰৰ হিতেশ বৰগোহাঁই নামৰ আন এজন ব্যক্তিয়েও মেছেঞ্জাৰৰ জৰিয়তে ভাবুকি প্ৰদান কৰে সাংবাদিক গৰাকীক। যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চৰাইদেউ জিলাত। ইয়াৰ পৰিপ্ৰেক্ষিতত সাংবাদিক গৰাকীয়ে চফ্ৰাই…

Read More

নিউজডেক্স,২৯জুলাই,২০২৫: : নাজিৰাত কৃষকসকলে ভয়াৱহ জল সংকটৰ সন্মুখীন হৈছে আৰু জলসিঞ্চনৰ অভাৱত পথাৰৰ মাটিত ছিৰাল ফাঁট দিছে৷ বহুদিন বৰষুণ নোহোৱাত বাৰিষাতো কৃষিভূমি শুকান হৈ পৰিছে। শ শ বিঘা খেতি মাটি ছন পৰাৰ আশংকাত কৃষকসকলে বৰষুণৰ বাবে  পৰম্পৰাগত ‘ভেকুলী বিবাহ’ৰ  আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ বৰষুণৰ আশাত আজি নাজিৰাৰ লিগিৰীপুখুৰী গাঁৱত অনুষ্ঠিত কৰা হয় ভেকুলী বিয়া ৷ এনে কৰিলে বৰৰষুণ আহে বুলি স্থানীয় ৰাইজৰ পৰম্পৰাগত বিশ্বাসৰ ভিত্তিত গাঁওবাসীয়ে সকলো  ৰীতি-নীতি পালন কৰি অতি উৎসাহেৰে এই অনুষ্ঠানৰ আয়োজন কৰে। এই প্ৰাচীন প্ৰথাই অঞ্চলটোৰ কৃষকসকলে নিজৰ শস্যৰ বাবে পৰ্যাপ্ত পানী লাভৰ বাবে সংগ্ৰাম কৰি থকা হতাশাক প্ৰতিফলিত কৰাৰ লগতে বগাহাতীত পৰিণত হোৱা চৰকাৰী জলসিঞ্চন…

Read More

নিউজডেক্স,২৫জুলাই,২০২৫ : চৰাইদেউ জিলাত পানীৰ বাবে হাহাকাৰ কৰিছে কৃষক ৰাইজে ৷অকৰ্মণ্য জলসিঞ্চন বিভাগৰ আঁচনি সমূহ বগা হাতীত পৰিণত হৈছে।মামৰে ধৰিছে জলসিঞ্চনৰ যন্ত্ৰ সহ পাইপত। পানীৰ অভাৱত শাওন মাহতো উদং হৈ পৰিছে  কৃষি ভূমি।উপান্ত কৃৰ্ষক  বৰষুণৰ অপেক্ষাত ।শ শ বিঘা মাটি ছ’ন পৰাৰ আশংকা।অৱশেষত উপায়ান্তৰ হৈ  ৰাইজে লোকবিশ্বাস অনুসৰি বৰষুণ বাবে ভেকুলী বিয়া পাতিলে । আজি এজাক বৰষুণৰ বাবে সাপেখাতী মৌজাৰ পশ্চিম বালিখেতীয়া গাওঁ বাসীয়ে অনুষ্ঠিত কৰে ভেকুলী বিবাহ। তেওঁলোকৰ লোকবিশ্বাস ভেকুলী বিয়া অনুষ্ঠিত কৰিলে, বৰষুণ হয়। সেয়ে সম্পুৰ্ণ ৰীতি নীতি অনুসৰি অনুষ্ঠিত কৰে ভেকুলী বিয়া। 

Read More

নিউজডেক্স,২৩জুলাই,২০২৫ : সোণাৰি চাহবাগিচাত আজি এটি নাহৰফুটুকী বাঘৰ পোৱালি ৰাইজে উদ্ধাৰ কৰে। স্হানীয় ৰাইজে বাঘৰ পোৱালি টো প্ৰত্যক্ষ কৰি বন বিভাগক খৱৰ দিয়াত আঘাতপ্ৰাপ্ত অৱস্থাত নাহৰফুটুকী পোৱালিটো  উদ্ধাৰ কৰা হয়৷সোণাৰি আঞ্চলিক বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱা আৰু ৰবীন বাইলুঙৰ তৎপৰাতাত উদ্ধাৰ কৰে নাহৰফুটুকী বাঘৰ পোৱালিটো। ঘটনা স্থলীত বাঘটো চাবলৈ ৰাইজৰ হেতা ওপৰা সৃষ্টি হয়।

Read More