Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,১৩ জুন,২০২৫ :শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ৰূদ্ৰসাগৰ নিবাসী ড° প্রফুল্ল চন্দ্ৰ কলিতা আৰু গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রিয়েল ইন্সটিটিউটৰ বিজ্ঞান শিক্ষয়িত্রী বেবী কলিতাৰ জ্যেষ্ঠ কন্যা প্রত্যাশা কলিতাৰ সাফল্যই সমগ্ৰ শিৱসাগৰ জিলাবাসীক উৎফুল্লিত কৰিছে। প্রত্যাশাই বিশ্বৰ আগশাৰীৰ কোম্পানী গুগলত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ আয়াৰলেণ্ডত SWE III (চফ্টৱেৰ ইঞ্জিনিয়াৰ) পদত নিযুক্তি লাভ কৰিছে। আয়াৰলেণ্ডত এমাজন কোম্পানীত আঢ়ৈ বছৰে চফ্টৱেৰ ডেভেলপমেন্ট ইঞ্জিনিয়াৰ পদত সফলতাৰে সেৱা আগবঢ়োৱা প্রত্যাশাই শেহতীয়াকৈ গুগলত নিযুক্তি লাভ কৰা বাতৰিয়ে সমগ্ৰ শিৱসাগৰ জিলাবাসীক আনন্দিত কৰি তুলিছে।
নিউজডেক্স,৫ জুন,২০২৫ :আজি বিশ্ব পৰিবেশ দিৱস। সমগ্ৰ ৰাজ্যৰ সমান্তৰাল ভাৱে শিৱসাগৰ বকতাৰ ৬৭৭নং পাৰিজাত প্ৰাৰ্থমিক বিদ্যালয়তো পালন কৰা হয় এই বিশ্ব পৰিবেশ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ আৰু সজাগতামূলক সভা অনুষ্ঠিত হয়। তাৰোপৰি অ’-এন- জি- চি অসম সম্পদৰ অনুদানেৰে নিৰ্মাণ কৰা স্মাৰ্ট বৰ্ড আৰু শিশু উদ্যান খন আজি এই বিশ্ব পৰিবেশ দিনাই শিৱসাগৰ জিলা শিক্ষা বিষয়াৰ লগতে ONGCৰ কৰ্তৃপক্ষৰ উপস্থিতিত শুভ উদ্বোধন কৰা হয়।
নিউজডেক্স,১জুন,২০২৫ : যোৱা ৩১ মে’ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নাজিৰাৰ এম চি ক্লাৱত অনুষ্ঠিত হোৱা চি পি আইৰ ২২ সংখ্যক ত্ৰিবাৰ্ষিক শিৱসাগৰ জিলা সন্মিলনৰ আজি পৰিসমাপ্তি ঘটে ৷ জিলা সহকাৰী সম্পাদক তথা যুৱ নেতা অনুপ গগৈয়ে আঁত ধৰা সন্মিলনৰ আৰম্ভণিতে চি পি আইৰ জেষ্ঠ নেতা ধীৰেন গগৈয়ে বৃক্ষ ৰূপন কৰাৰ পিছতে কেইবাশ ৰাইজে নাজিৰা নগৰত এক সাংস্কৃতিক শোভাযাত্ৰা কৰে৷ জিলা সম্পাদক মণি বুঢ়াগোহাঁইয়ে আদৰণি ভাষণ আৰু জেষ্ঠ কমিউনিষ্ট নেতা তথা ৰাজ্যিক নিয়ন্ত্ৰণ আয়োগৰ সভাপতি ধৰ্ম বৰুৱাই উদ্বোধনী ভাষণ দিয়ে ৷ জেষ্ঠ কমিউনিষ্ট নেতা, বিশিষ্ট সমাজকৰ্মী অতুল গগৈয়ে পৌৰহিত্য কৰা মুকলি সভাত নিদিষ্ট বক্তা হিচাপে চি পি আইৰ নেতা কনক গগৈয়ে ৰাজ্য…
নাজিৰাত প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সমাধি স্থলত চাকি বন্তি প্ৰজ্বলন
নিউজডেক্স,১জুন,২০২৫ :নাজিৰা গ্ৰাম্য আৰু শিমলুগুৰি -নাজিৰা পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ দ্বাৰা অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক নাজিৰাত উষ্ম আদৰণি জনোৱা হয়। সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰিয়েই ৩১মে’ৰ নিশা প্ৰায় দহ বজাত নাজিৰা নগৰত উপস্থিত হৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সমাধিস্থলত চাকি-বন্তি জ্বলাই আশীৰ্বাদ গ্ৰহণকৰাৰ লগতে লোকসভাৰ বিৰোধী দলৰ উপ- দলপতি তথা প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে খিলঞ্জীয়াৰ হাতত বন্দুক তুলি দিবলৈ বিচৰা বিষয়ক লৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে।গৌৰৱ গগৈক আদৰণি জনোৱাৰ উদ্দেশ্যে নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত আয়োজিত এক সভাত আগন্তুক ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দল অধিক শক্তিশালী ৰূপত নিৰ্বাচনত অৱৰ্তীণ হ’ব বুলি তেওঁ ৰাইজক…
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই নাজিৰাত শুভউদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ ইউনিটৰ
নিউজডেক্স,৩১ম’ ২০২৫: আজি নাজিৰাৰ লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পেলাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শুভউদ্বোধন কৰিলে তিনিখন বিচনাৰ সৈতে তিনিটাকৈ ডায়েলাইচিছ মেচিন। স্বাস্থ্যৰ ক্ষেত্ৰত এই সংযোজনে নাজিৰাৰ ৰোগী সকলক কিছু সকাহ দিব বুলি ৰাইজে আশা কৰিছে। ইফালে নাজিৰাত চিকিৎসকৰ দীৰ্ঘদিনীয়া অভাৱৰ পিছত শিৱসাগৰ জিলাত মুঠ ১৪জনকৈ নতুন চিকিৎসক নিযুক্তি দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈও আজি সন্ধিয়া নাজিৰাত নগৰত উপস্থিত হোৱাৰ কথা আৰু একেদিনাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই নাজিৰাত তিনিখন বিচনাৰ সৈতে তিনিটাকৈ ডায়েলাইচিছ মেচিনৰ শুভউদ্বোধন কৰা কাৰ্যই…
খিলঞ্জীয়াক নিজৰ সুৰক্ষাৰ বাবে মৰণাস্ত্ৰ দিয়াৰ অনুমতি প্ৰদান কৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা চি পি আইৰ
নিউজডেক্স,২৯ মে’ ২০২৪: কালি ৰাজ্যিক কেবিনেটে বৰপেটা, ধুবুৰী. গোৱালপাৰা, দক্ষিণ শালমৰা, মৰিগাঁও , নগাওঁকে ধৰি কেইবাখনো জিলাত থকা খিলঞ্জীয়াক নিজৰ সুৰক্ষাৰ বাবে মৰণাস্ত্ৰ দিয়াৰ যি অনুমতি প্ৰদান কৰিছে ইয়াক চি পি আইয়ে তীব্ৰ বিৰোধীতা কৰি চৰকাৰক এইক্ষত্ৰত পুনৰ বিবেচনা কৰিবলৈ দাবী জনায় ৷ আজি নাজিৰাত অনুষ্ঠিত এক সংবাদমেলত চি পি আই ৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে এই সিদ্ধান্ত হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে ৷ এই মৰণাস্ত্ৰ সমূহ অপপ্ৰয়োগ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকাৰ লগতে ই সামগ্ৰিক পৰিৱেশ উত্তেজনাময় কৰি তোলাৰ আশঙ্কা আছে আৰু কোনো লোকে অসৎ উদ্দেশ্য পূৰণ কৰিবলৈ আইন উলংঘা কৰাৰ সম্ভাৱনীয়তাকো নুই কৰিব নোৱাৰি ৷ কনক গগৈয়ে এই…
নাজিৰাত পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীক কংগ্ৰেছত যোগদানৰ হেঁচা :বিজেপি নেতা ময়ূৰ বৰগোঁহাইৰ সংবাদমেল
নিউজডেক্স,২০ মে’,২০২৫ :সদস্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ পিছত ৱাৰ্ড সদস্যক লৈ পঞ্চায়ত সভাপতি সন্দৰ্ভত এইবাৰ সদস্য কিনা বেচাৰ ৰাজনীতি চলিছে নাজিৰাত। এই সন্দৰ্ভত নাজিৰাৰ বৰবৰুৱা পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ এগৰাকী সদস্যাই শাসকীয় বিজেপি দলৰ এগৰাকী ৱাৰ্ড সদস্যাক বিভিন্ন প্ৰলোভন দি কংগ্ৰেছ দলত যোগদান কৰাবলৈ চেষ্টা কৰা কাৰ্যৰ সন্দৰ্ভত আজি সংবাদ মেলত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি বাজেপি নেতা ময়ূৰ বৰগোঁহায়ে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলকো তীব্ৰ আক্ৰমণ কৰে । আনহাতে কংগ্ৰেছ নেত্ৰীৰ ফোনকলৰ ৰেকৰ্ডিঙো সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বিজেপি নেতা ময়ূৰ বৰগোঁহাইয়ে।
নিউজডেক্স,১৯ মে’, :সীমান্তত ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ উত্তেজনা সম্পূৰ্ণ শেষ হোৱা নাই যদিও নিজৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি লগত ত্ৰিৰংগ পতাকা লৈ আজি পুৱাই তিনিজন যুৱকে শিৱসাগৰ হাঁহচৰাৰ লেবাং চাউলকৰা গাঁৱৰ পৰা চাইকেল যাত্ৰা কৰিছে সুদুৰ কেদাৰনাথলৈ৷ অহা যোৱাকে ধৰি সম্পূৰ্ণ ৭ হাজাৰ কিলোমিটাৰ এই চাইকেল যাত্ৰা কৰিব যুৱক কেইজনে।শিৱসাগৰ হাঁহচৰা লেবাং চাউলকৰা গাঁৱৰ ভাৰ্গৱ গগৈ,মৰাণ খোৱাঙৰ মোহিন পাহাৰীয়া আৰু লখিমপুৰৰ কুসুম্বৰ কুমাৰ দাসে আজি পুৱাই শিৱসাগৰ হাঁহচৰাৰ লেবাং চাউলকৰা গাঁৱৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰিছে সুদুৰ কেদাৰনাথলৈ৷এখন নিচামুক্ত অসম গঢ়ি তোলাৰ মানসেৰে এই তিনি যুৱকে চাইকেলেৰে যাত্ৰা কৰিছে কেদাৰনাথলৈ৷ এই যুৱকত্ৰয়ৰ অহাযোৱা কৰোঁতে সময় লাগিব প্ৰায় ডেৰমাহ৷
নিউজডেক্স,৫ মে’ ২০২৫ :নাজিৰাৰ মেজেঙ্গাত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুর্ঘটনাত থিতাতে নিহত দুজন ব্যক্তি , ইয়াৰে এজন গেলেকীৰ নামদঙীয়া গাঁৱৰ যতীন শইকীয়া আৰু আনজন ন-কচাৰীৰ পূৰ্ণ তামুলী ৷ যতীন শইকীয়াৰ পুত্ৰৰ বিয়াৰ দৰাৰ লগত গৈছিল গড়গাঁৱৰ এজন ব্যক্তি ৷ কইনা আনি ঘৰ সোমোৱাৰ পিছত আলহী থবলৈ গড়গাঁৱলৈ গৈছিল যতীন শইকীয়া৷গড়গাঁৱৰ পৰা ঘুৰি অহাৰ পথত পুৱা প্ৰায় ৪ বজাত মেজেঙ্গাৰ হুদুপাৰত দুর্ঘটনাত পতিত হয় তেওঁলোকৰ বাহন৷
নিউজডেক্স,৩০ এপ্ৰিল,২০২৫ : ভাৰতে আগন্তুক লোকপিয়লত জাতিগত জনগণনাক অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে, যিটো প্ৰথা স্বাধীনতাৰ পিছত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাহিৰে আন লোকৰ বাবে বন্ধ কৰা হৈছিল। ৰাজনৈতিক আৰু সামাজিক দাবীৰ দ্বাৰা পৰিচালিত এই সিদ্ধান্তৰ লক্ষ্য হৈছে জাতিভিত্তিক আৰ্থ-সামাজিক বৈষম্যৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা। আনহাতে বহুলোকে আশংকা কৰিছে যে এনে ব্যৱস্থাই জন বিভাজনক শক্তিশালী কৰিব পাৰে। ১৮৮১ চনৰ পৰা ১৯৩১ চনলৈকে ব্ৰিটিছ শাসনকালত জাতি গণনা লোকপিয়লৰ নিয়মীয়া বৈশিষ্ট্য আছিল।কিন্তু ১৯৫১ চনত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়লৰ লগে লগে অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ বাহিৰে আন লোকৰ বাবে চৰকাৰে এই প্ৰথা বন্ধ কৰি দিছিল৷ছয় দশকৰো অধিক সময়ৰ পাছত ক্ৰমাৎ…

