Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,৩ এপ্ৰিল ২০২৫ : ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নাজিৰা সমজিলাৰ ২ খন আঞ্চলিক পঞ্চায়ত ক্ৰমে নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ অধীনত থকা ৪ খন জিলা পৰিষদৰ অন্তৰ্গত গাওঁ পঞ্চায়ত এলেকা সমূহত নিৰ্বাচনী আচৰণ বিধি ইতিমধ্যে বলবৎ হৈছে। এই উপলক্ষে আজি নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰা হয়। নাজিৰাৰ সমজিলা আয়ুক্ত শ্ৰীমতী কণিকাই নাজিৰাত  স্বছ আৰু নিকা ভাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে লোৱা কাৰ্যব্যৱস্থা সমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। সংবাদমেলত  সমজিলা আয়ুক্তই জনাই যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাজিৰা সমজিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫৭৬৬৯ জন, ইয়াৰ ভিতৰত ৭৭৪৩৮ জন পুৰুষ আৰু ৮০২৩১  গৰাকী…

Read More

নিউজডেক্স ,৩১ মাৰ্চ,২০২৫: অসম দৰ্শন আঁচনিৰ অধীনত আজি নাজিৰা বৰবৰুৱা পুখুৰী পাৰত নাজিৰা সমজিলাৰ মুঠ ১৭৩ খন ধৰ্মানুষ্ঠানক অনুমোদন পত্ৰ বিতৰণ কৰা হয়। ভাৰত  চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচিত ধৰ্মানুষ্ঠান সমূহক অনুমোদন পত্ৰ বিতৰণ কৰে। তদুপৰি নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইও আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে, অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা এই অসম দৰ্শন আঁচনিৰ অধীনত দুটা কিস্তিত মুঠ ৩ লাখ টকাকৈ অনুমোদন প্ৰদান কৰা হ’ব। আজি প্ৰথম কিস্তিৰ ধন হিচাপে ১.৫ লাখ টকাৰ অনুমোদন প্ৰদান…

Read More

নিউজডেক্স,২৪ ফেব্ৰুৱাৰী,২০২৫ :নাজিৰা সম-জিলাৰ অন্তৰ্গত অতি ব্যস্ততাপূৰ্ণ শিমলুগুৰি আৰু নাগিনীমৰা সংযোগী পথটো বহুবছৰ ধৰি পৰিতক্ত অৱস্থাত আছে যদিও স্থানীয় দল-সংগঠনকে আদি কৰি ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ ফলত পথটি BRO (Border Roads Organization) য়ে কিছুদিনৰ আগৰ পৰা পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। উল্লেখযোগ্য যে, বিহুবৰ, নাগিনীমৰা শিল উদ্যোগৰ লগত সংগতি ৰাখি পথটিয়েদি দিনে-নিশাই সীমাহীন ট্রাক-ডাম্পাৰ চলাচল কৰে যাৰ ফলত পথটিৰ নির্মাণত বিসংগতি হোৱাৰ লগতে নিৰ্মাণৰ সময়ো বাঢ়ি গৈছে।  বিষয়টোৰ গুৰুত্ব বুজি নাজিৰা প্রশাসনেও NZR/MJ-09/144 Cr. PC/23/48 নং জানীৰ যোগেদি গধুৰ যান-বাহনৰ চলাচল সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু  সকলো নীতি নিয়ম উলংঘা কৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে পূৰ্বৰ সেই ছয় চকীয়া গাড়ীৰ…

Read More

নিউজডেক্স,২৪ ফেব্ৰুৱাৰী,২০২৫ :নাজিৰা চানবছা গাঁৱৰ নিৱাসী কৃষক বীৰেন কোঁৱৰ আৰু গৃহিণী অনিমা কোঁৱৰৰ কনিষ্ঠ পুত্ৰ  বাস্তৱ জ্যোতি কোঁৱৰে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ অন্তৰ্গত শিশু উন্নয়ন প্ৰকল্প বিষয়া পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত উত্তীর্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ টকৌআলিস্থিত কাৰ্যালয়ত বাস্তৱ জ্যোতি কোঁৱৰক  পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ লগতে নাজিৰাৰ  এৰিজন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র আৰু প্ৰণাম ক্ৰচিং চেণ্টাৰৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।     ইয়াৰ পিছতে বাস্তৱ জ্যোতি কোঁৱৰে অনুষ্ঠানত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতি আৰু নাজিৰা মহাবিদ্যালয় গোটৰ বিষয়ববীয়াসকল, এৰিজন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র আৰু প্ৰণাম ক্ৰচিং চেণ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ…

Read More

 নিউজডেক্স,২৬ জানুৱাৰী,২০২৫ : ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত আজি নাজিৰাৰ বৰবৰুৱা পুখুৰী পাৰত “ঐক্য সমাৰোহ” শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।  সমজিলা আয়ুক্ত কণিকাই শুভ উদ্বোধন কৰা এই ঐক্য সমাৰোহতে নাজিৰাৰ ৬ জন  জ্যেষ্ঠ নাগৰিক ক্ৰমে ঘন হাজৰিকা , জিতেন্দ্ৰ নাথ ফুকন, প্ৰভাত কুমাৰ বৰঠাকুৰ , উমা কোঁৱৰ, জৱাহৰ কুমাৰ লাচিত আৰু আয়েশা খাতুনক সম্বৰ্ধনা জনোৱা হয়। উল্লেযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই ঐক্য সমাৰোহত কেইবাটাও চৰকাৰী , বে – চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে, থলুৱা ভাৱে উৎপাদিত খাদ্য, বস্ত্ৰ আদি প্ৰদৰ্শন কৰে।

Read More

 নিউজডেক্স,১৫ ডিচেম্বৰ,২০২৫ :  বিজ্ঞান মনস্ক যাত্ৰা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু নাজিৰা নাট্য সমিতিৰ সহযোগত আজি নাজিৰা নাট্য মন্দিৰত বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰা হয়৷  প্ৰচলিত অন্ধবিশ্বাস,কুসংস্কাৰ আৰু ক্ষতিকাৰক পৰম্পৰা সমূহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে গঠিত বিজ্ঞান মনস্ক যাত্ৰা অসমে নাজিৰাৰ সুসন্তান,যুক্তিবাদী লেখক-গৱেষক শিৱনাথ বৰ্মনৰ মৃত্যু দিনটোত অৰ্থাৎ ১৫ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে  বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰি  আজি তেখেতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনা গুৱাহাটীৰ খানাপৰাত কেন্দ্ৰীয় ভাবে এই দিৱস উদযাপন কৰাৰ সমান্তৰালভাবে নাজিৰাতো  এই দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে বিজ্ঞান মনস্ক যাত্ৰা অসমৰ শিৱসাগৰ জিলা সমিতিৰ  দ্বাৰা নাজিৰা নাট্য…

Read More

নিউজডেক্স,২৫ নৱেম্বৰ,২০২৪ : যোৱা ২৪ নৱেম্বৰত অতীজৰ স্বাধীন অসমৰ প্ৰাচীন ৰাজধানী গড়গাঁৱৰ সিংহদুৱাৰত   অসম সন্মিলিত মহাসংঘৰ উদ্যোগত শৰাইঘাটৰ মহাৰণৰ ৩৫৩ বছৰ পূৰ্ণ হোৱা উপলক্ষে বিশেষ অভিবাদন অনুষ্ঠান আৰু সোঁৱৰণী সভা অনুষ্ঠিত হয়  । মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি প্ৰসন্ন সিংহই সভাপতিত্ব কৰা সোঁৱৰণী সভাৰ আঁত ধৰে আহ্বায়ক কেশৱানন্দ বৰুৱাই । মুখ্য বক্তা ৰূপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে  মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত খিলঞ্জীয়া জনগোষ্ঠী সমূহে কেনেদৰে ঐক্যবদ্ধ ভাবে আক্ৰমণকাৰী ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজি নিজৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ কথা তথ্য সহ ব্যাখ্যা কৰে ।আক্ৰমণকাৰী ভাৰতৰ সেনাধ্যক্ষ ৰাজা ৰামসিংহই নিজৰ সেনা বাহিনীক তেতিয়াৰ অসমৰ যাদু-মন্ত্ৰৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ…

Read More

নিউজডেক্স,২৪ নৱেম্বৰ, ২০২৪ : বিগত বহু বছৰ ধৰি নেটৱৰ্ক মাৰ্কেটিঙৰ দ্বাৰা অসমৰ চুকে কোণে বিভিন্ন দেশীয় আৰু বহুজাতিক কোম্পানীয়ে  খাদ্য পুষ্টি বা খাদ্য সম্পূৰক ( ফুড নিউট্ৰেচন বা ফুড চাপ্লিমেণ্ট ) ৰ নামত ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও স্বাস্থ্য বিভাগ এই সনদৰ্ভত ৰহস্যজনক ভাবে নিমাতেে থকাহে পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে দেশৰ প্ৰচলিত আইনত  খাদ্য পুষ্টিি বা খাদ্য সম্পূৰক আৰু ঔষধৰ মাজত সুস্পষ্ট প্ৰভেদ নথকাৰ সুযোগ লৈ এমৱে, ডেক্কান, আৰ এম চি , ভেষ্টিজ ইত্যাদি বিভিন্ন কোম্পানীৰ এজেণ্ট সকলে সৰ্বৰোগ বিশেষজ্ঞৰ ভূমিকাৰে ৰাজ্যখনত নগৰে চহৰে , গাৱেঁ ভূঞে সাধাৰণ ৰাইজৰ মাজত এই কোম্পানীবোৰৰ দ্বাৰা উৎপাদিত বিভিন্ন ধৰণৰ খাদ্য পুষ্টি বা…

Read More

নিউজডেক্স,১৮ নৱেম্বৰ,২০২৪ :শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত তথা অসম ভাৰোত্তোলন সন্থাৰ সহযোগত ২০২৮ আৰু  ২০৩২ অলিম্পিকৰ লক্ষ্যৰে  ৮ ৰ পৰা ১৩ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সাম্ভাব্য ভাৰোত্তোলকৰ তৃণমূল পৰ্য্যায়ৰ বাচনি শিবিৰ দুদিনীয়াকৈ অনুষ্ঠিত হয় । উক্ত শিবিৰত অংশগ্ৰহণ কৰে টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মহিলা ভাৰোত্তোলক, পদ্মশ্ৰী মীৰাবাঈ চানুৰ লগতে দ্ৰোণাচাৰ্য বঁটা প্ৰাপক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক বিজয় শৰ্মা, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বিষয় ববীয়া অলকেশ বৰুৱা, শ্বহীদ পিয়লিফুকন মহাবিদ্যালয় ৰ অধক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ,ভাৰতীয়  ভাৰোত্তোলন সন্থা ৰ উপ সভাপতি ভৱজ্যোতি গোস্বামী সহ বহু বিশিষ্ট ব্যক্তি। সদৌঅসম ভিত্তিত আয়োজিত বাচনি শিবিৰত সমগ্ৰ ৰাজ্য ৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী য়ে অংশগ্ৰহণ কৰে।বাছনি শিবিৰৰ…

Read More

গুৰু দুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এক সুন্দৰ প্ৰয়াসেৰে  শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ বিষয়ববীয়াৰ লগতে সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ শ্ৰীশ্ৰী কাৱৈমাৰী সত্ৰৰ উদ্যোক্তা সকলে যোৱা ৭জুলাইৰ পৰা পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত কৰিছে উঠা নামৰ কৰ্মশালা। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শ্ৰীশ্ৰী কাৱৈমাৰী সত্ৰত অনুষ্ঠিত এই উঠা নামৰ কৰ্মশালাত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ কিশোৰ সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

Read More