Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সহাৰ্য,শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নাজিৰাত পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীক কংগ্ৰেছত যোগদানৰ হেঁচা :বিজেপি নেতা ময়ূৰ বৰগোঁহাইৰ সংবাদমেল
নিউজডেক্স,২০ মে’,২০২৫ :সদস্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ পিছত ৱাৰ্ড সদস্যক লৈ পঞ্চায়ত সভাপতি সন্দৰ্ভত এইবাৰ সদস্য কিনা বেচাৰ ৰাজনীতি চলিছে নাজিৰাত। এই সন্দৰ্ভত নাজিৰাৰ বৰবৰুৱা পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ এগৰাকী সদস্যাই শাসকীয় বিজেপি দলৰ এগৰাকী ৱাৰ্ড সদস্যাক বিভিন্ন প্ৰলোভন দি কংগ্ৰেছ দলত যোগদান কৰাবলৈ চেষ্টা কৰা কাৰ্যৰ সন্দৰ্ভত আজি সংবাদ মেলত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি বাজেপি নেতা ময়ূৰ বৰগোঁহায়ে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলকো তীব্ৰ আক্ৰমণ কৰে । আনহাতে কংগ্ৰেছ নেত্ৰীৰ ফোনকলৰ ৰেকৰ্ডিঙো সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বিজেপি নেতা ময়ূৰ বৰগোঁহাইয়ে।
নিউজডেক্স,১৯ মে’, :সীমান্তত ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ উত্তেজনা সম্পূৰ্ণ শেষ হোৱা নাই যদিও নিজৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি লগত ত্ৰিৰংগ পতাকা লৈ আজি পুৱাই তিনিজন যুৱকে শিৱসাগৰ হাঁহচৰাৰ লেবাং চাউলকৰা গাঁৱৰ পৰা চাইকেল যাত্ৰা কৰিছে সুদুৰ কেদাৰনাথলৈ৷ অহা যোৱাকে ধৰি সম্পূৰ্ণ ৭ হাজাৰ কিলোমিটাৰ এই চাইকেল যাত্ৰা কৰিব যুৱক কেইজনে।শিৱসাগৰ হাঁহচৰা লেবাং চাউলকৰা গাঁৱৰ ভাৰ্গৱ গগৈ,মৰাণ খোৱাঙৰ মোহিন পাহাৰীয়া আৰু লখিমপুৰৰ কুসুম্বৰ কুমাৰ দাসে আজি পুৱাই শিৱসাগৰ হাঁহচৰাৰ লেবাং চাউলকৰা গাঁৱৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰিছে সুদুৰ কেদাৰনাথলৈ৷এখন নিচামুক্ত অসম গঢ়ি তোলাৰ মানসেৰে এই তিনি যুৱকে চাইকেলেৰে যাত্ৰা কৰিছে কেদাৰনাথলৈ৷ এই যুৱকত্ৰয়ৰ অহাযোৱা কৰোঁতে সময় লাগিব প্ৰায় ডেৰমাহ৷
নিউজডেক্স,৫ মে’ ২০২৫ :নাজিৰাৰ মেজেঙ্গাত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুর্ঘটনাত থিতাতে নিহত দুজন ব্যক্তি , ইয়াৰে এজন গেলেকীৰ নামদঙীয়া গাঁৱৰ যতীন শইকীয়া আৰু আনজন ন-কচাৰীৰ পূৰ্ণ তামুলী ৷ যতীন শইকীয়াৰ পুত্ৰৰ বিয়াৰ দৰাৰ লগত গৈছিল গড়গাঁৱৰ এজন ব্যক্তি ৷ কইনা আনি ঘৰ সোমোৱাৰ পিছত আলহী থবলৈ গড়গাঁৱলৈ গৈছিল যতীন শইকীয়া৷গড়গাঁৱৰ পৰা ঘুৰি অহাৰ পথত পুৱা প্ৰায় ৪ বজাত মেজেঙ্গাৰ হুদুপাৰত দুর্ঘটনাত পতিত হয় তেওঁলোকৰ বাহন৷
নিউজডেক্স,৩০ এপ্ৰিল,২০২৫ : ভাৰতে আগন্তুক লোকপিয়লত জাতিগত জনগণনাক অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে, যিটো প্ৰথা স্বাধীনতাৰ পিছত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাহিৰে আন লোকৰ বাবে বন্ধ কৰা হৈছিল। ৰাজনৈতিক আৰু সামাজিক দাবীৰ দ্বাৰা পৰিচালিত এই সিদ্ধান্তৰ লক্ষ্য হৈছে জাতিভিত্তিক আৰ্থ-সামাজিক বৈষম্যৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা। আনহাতে বহুলোকে আশংকা কৰিছে যে এনে ব্যৱস্থাই জন বিভাজনক শক্তিশালী কৰিব পাৰে। ১৮৮১ চনৰ পৰা ১৯৩১ চনলৈকে ব্ৰিটিছ শাসনকালত জাতি গণনা লোকপিয়লৰ নিয়মীয়া বৈশিষ্ট্য আছিল।কিন্তু ১৯৫১ চনত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়লৰ লগে লগে অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ বাহিৰে আন লোকৰ বাবে চৰকাৰে এই প্ৰথা বন্ধ কৰি দিছিল৷ছয় দশকৰো অধিক সময়ৰ পাছত ক্ৰমাৎ…
নিউজডেক্স,৩০ এপ্ৰিল,২০২৫ :অহা ২ মে তাৰিখে হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন৷ বিয়লি ৪বজাৰ লগে লগেই আজি অন্ত পৰে নিৰ্বাচনী প্ৰচাৰ। গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেওধাই ৰঙ্গমঞ্চত ৰাইজৰ দলৰ শেষৰখন প্ৰচাৰ সভাত উপস্থিত থাকে শিৱসাগৰ বিধায়ক অখিল গগৈ। এই সভাত অখিল গগৈয়ে কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয় ৷ ৰাইজৰ দলক পৰাস্ত কৰিবলৈ কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি অখিল গগৈয়ে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পেট চাফা নহয়, যদি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে তেনেহলে পেট চাফা কৰিব লাগিব বুলি কয় ।
নিউজডেক্স,২৬ এপ্ৰিল,২০২৫ : সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা আতঙ্কময় পৰিবেশ তথা দেশৰ এই দুৰ্দিনৰ সময়ত টি আৰ পিৰ পিছত অন্ধভাবে দৌৰি , নিজৰ দায়বদ্ধতা আৰু নৈতিকতা বিসৰ্জন দি বৰ্তমান দেশৰ শত্ৰু পক্ষকহে যেন সহায় কৰাৰ কামত আওপকীয়াকৈ নামি পৰিছে আমাৰ বহু সংবাদ মাধ্যম৷ সেইবাবেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তাৰক্ষীৰ চলাচলৰ লাইভ কভাৰেজ প্ৰদৰ্শনৰ পৰা বিৰত থাকিবলৈ সকলো সংবাদ মাধ্যমক আহ্বান জনাব লগা হৈছে। দেশৰ সংবাদ মাধ্যমলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা :- — প্ৰতিৰক্ষা অভিযান সম্পৰ্কীয় দৃশ্য পোনপটীয়াকৈ সম্প্ৰচাৰৰ ক্ষেত্ৰত বাধা, — সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱাৰ নিৰ্দেশ, — পূৰ্বৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাতৰি পৰিবেশনত…
নিউজডেক্স,২৫ এপ্ৰিল,২০২৫ :নাজিৰা প্ৰেছ ক্লাৱত আজি সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰত বৰ্ষৰ ভূ-স্বৰ্গ স্বৰূপ কাশ্মীৰত ২২ এপ্ৰিলৰ দুপৰীয়া সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত নিহত হোৱা ২৮ গৰাকীকৈ দেশী-বিদেশী পৰ্য্যটকলৈ বন্তি প্ৰজ্বলন আৰু নিহত সকলৰ প্ৰতিচ্ছবিৰ সমুখত পুষ্পমাল্য যাচি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁইৰ সঞ্চালনাত নাজিৰা প্ৰেছ ক্লাৱৰ সাহিত্য আৰু সাংস্কৃতিক সম্পাদক ধীৰেণ ফুকন, সাংগঠনিক সম্পাদক মুনীন্দ্ৰনাথ শইকীয়া, উপদেষ্টা খাইৰুল হাছানে বৰ্ব্বৰোচিত কাণ্ডৰে ধৰ্মান্ধ হৈ মানুহক হত্যা কৰাৰ ভূমিকাত সিদ্ধহস্ত সন্ত্ৰাসবাদীক কোনো সমাজ অথবা মানুহৰ ধৰ্মই স্থান নিদিয়ে বুলি কোৱাৰ লগতে পাক সমৰ্থিত ধৰ্মান্ধ সন্ত্ৰাসবাদীয়ে চলোৱা এনে নৰসংহাৰৰ পাচত সন্ত্ৰাসৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া প্ৰতিজন নাগৰিক চৰকাৰৰ…
নিউজডেক্স,২৫ এপ্ৰিল,২০২৫ : যোৱা ২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে যি হত্যালিলা চলালে ইয়াক চি পি আইয়ে তীব্ৰ গৰিহণা আৰু নিন্দা জনাই নাজিৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ চি পি আইৰ কৰ্মকৰ্তা সকলে সন্ত্ৰাসবাদ নিপাত যাওক, সকলো ধৰ্মীয় মৌলবাদী নিপাত যাওক,নিৰীহৰ ওপৰত তেজৰ ফাকু খেলা কাপুৰুষহঁত হুচিয়াৰ, সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱাৰা মোদী চৰকাৰ হায় হায়, ব্যৰ্থতা স্বীকাৰ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শীঘ্ৰে পদত্যাগ কৰক, সাধাৰণ জনতাৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সকলো সন্ত্ৰাসবাদীক নিশেষ কৰক,ইত্যাদি শ্ল’গান দি নাজিৰাৰ নাট্যমন্দিৰ সন্মুখত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ প্ৰতিবাদস্থলিত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক তথা…
চমুকৈ ক’বলৈ গ’লে — মুম্বাই-মনমাদ পঞ্চৱতী এক্সপ্ৰেছ ৰেলত প্ৰৱৰ্তন কৰা হৈছে দেশৰ প্ৰথম এ টি এম ৰে’লত এটিএমৰ সম্ভাৱনীয়তা পৰীক্ষাৰ বাবে এই পাইলট প্ৰগ্ৰেম হাতত লোৱা হৈছে৷ এটিএম সেৱাৰ কিছুমান মূল সুবিধা: নগদ ধনৰ সহজ সুবিধা: ভ্ৰমণকাৰীসকলে আৰু ভ্ৰমণত ধন শেষ হোৱাৰ চিন্তা কৰিব নালাগে।উন্নত সুবিধা : বিশেষকৈ জৰুৰীকালীন অৱস্থাত বা বেংকিং সুবিধা সীমিত দূৰৱৰ্তী স্থানলৈ যাত্ৰা কৰাৰ সময়ত উপযোগী।উন্নত নিৰাপত্তা: যিহেতু নিৰাপদ পৰিৱেশত নগদ ধন উলিওৱা হৈছে, গতিকে ইয়াৰ ফলত বৃহৎ পৰিমাণৰ ধন কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত হোৱা বিপদ কম হয়।যদিহে এই পাইলট প্ৰজেক্টটো ভাল হয় তেন্তে অদূৰ ভৱিষ্যতে ভাৰতীয় ৰে’লৱেই অতিৰিক্ত পথ আৰু ৰে’লত এই সেৱা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। প্ৰথমবাৰৰ বাবে ভাৰতীয়…

