Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
লোকসভাৰ অধ্যক্ষ পদৰ বাবে এন ডি এৰ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে সাংসদ কে সুৰেশে
নিউজডেক্স,২৫জুন,২০২৪: শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে বিজেপিৰ সাংসদ ওম বিৰলাক লোকসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কিছু মুহূৰ্তৰ পিছতে মঙলবাৰে সাংসদ কে সুৰেশে লোকসভাৰ অধ্যক্ষ পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। বিজেপি নেতৃত্বাধীন এন ডি এ আৰু বিৰোধীৰ মাজত আলোচনা বিফল হোৱাত লোকসভাৰ অধ্যক্ষ পদত নিৰ্বাচন অনুষ্ঠিত হ’ব। এন ডি এয়ে বিজেপিৰ সাংসদ ওম বিৰলাক প্ৰাৰ্থী হিচাপে বাছি লোৱাৰ বিপৰীতে বিৰোধীয়ে প্ৰবীণ কংগ্ৰেছ নেতা কে সুৰেশক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লয়৷বুধবাৰে পুৱা ১১ বজাত অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছ নেতা কে চি ভেনুগোপালে প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙক সাক্ষাৎ কৰি কয় যে চৰকাৰে বিৰোধীক উপাধ্যক্ষ…
নিউজডেক্স,২৪ জুন,২০২৪ :জিম্বাবুৱেত অনুষ্ঠিতব্য টি-২০ৰ বাবে বিচিচিআয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দল ৷আইপিএলত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকীও খেলুৱৈয়ে এইবাৰ স্থান লাভ কৰিলে জিম্বাবৱে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলত। জিম্বাবুৱেৰ টি-২০ৰ বাবে ভাৰতৰ দলত অধিনায়ক ৰূপে শুভমন গিলৰ নাম ঘোষণাৰ সময়তে ৰিয়ান পৰাগৰ নামো ঘোষণা কৰে বিচিচিআইয়ে৷ বিচিচিআইয়ে গ্ৰহণ কৰা এক উল্লেখযোগ্য পদক্ষেপত অহা জুলাই মাহত পাঁচখন মেচৰ শৃংখলাৰ বাবে ভাৰতে জিম্বাবুৱে ভ্ৰমণ কৰাৰ সময়ত শ্বুবমান গিলক টি-২০ৰ নতুন অধিনায়কত্বৰ দায়িত্ব দিয়াৰ লগতে অভিষেক শৰ্মা, ৰিয়ান পৰাগ, আৰু আই পি এল ২০২৪ত আকৰ্ষণীয় খেল খেলা তুষাৰ দেশপাণ্ডেকো দলত অন্তৰ্ভুক্ত কৰিছে বিচিচিআইয়ে ৷ আই পি এল ২০২৪ৰ অসাধাৰণ খেলৰ অন্তত বছৰৰ উদীয়মান…
নিউজডেক্স, ২৪ জুন, ২০২৪: আজি শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নাজিৰাৰ আৱৰ্ত ভৱনত ৰিজাৰ্ভাৰসহ পানী পৰিশোধন প্ৰকল্প উদ্বোধন কৰে। উদ্বোধন অনুষ্ঠানৰ পিচত সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে হোৱা এক বৈঠকত তেখেতে আৱৰ্ত ভৱনৰ আন্তঃগাঁথনি আৰু পুনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। তেখেতে কয় যে নাজিৰাৰ আৱৰ্ত ভৱনৰ মেৰামতিৰ লগতে আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজন হৈ আছিল। এই ক্ষেত্ৰত তেওঁ নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে ক্ষীপ্রতাৰে লোৱা পদক্ষেপৰ শলাগ লয়। বৈঠকৰ অন্তত তেওঁ আৱৰ্ত ভৱনৰ পুনৰ নিৰ্মাণৰ কামৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰীৰ সহায় সহযোগিতা কামনা কৰি নিজৰ দায়িত্ব সমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ আহ্বান জনায়। এই উদ্ধোধনী অনুষ্ঠানত নাজিৰা নিৰ্বাচনী বিষয়া, নাজিৰাৰ সহকাৰী…
নাজিৰাত প্ৰহসনত পৰিণত জলজীৱন মিছন : এটুপি খোৱাপানীৰ বাবে হাহাঁকাৰ : ক্ষোভিত জনগণে আজি ঘেৰাও কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় :
নিউজডেক্স,১২জুন,২০২৪ :প্ৰধানমন্ত্ৰী জলজীৱন মিছনৰ আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ জয়ঢোল কোবাই থকা অৱস্থাতে সেই আঁচনিখন নাজিৰাত চৰম প্ৰহসনত পৰিণত হৈছে ৷ বিগত প্ৰায় তিনি মাহধৰি বি জে পি নেৰ্তৃত্বাধীন নাজিৰা পৌৰসভাই নগৰবাসীক যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ।নাজিৰা পৌৰসভাৰ পৰা পৰিচালিত আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰে যদিও মটৰ আৰু টেংকীৰ বিজুতি হোৱাৰ বাবে আজি তিনিমাহ ধৰি যোগান ধৰা নাই খোৱাপানী । যাৰ বাবে নগৰবাসী সৰ্বসাধাৰণ জনগণে ব্যাপক সমস্যাৰ সম্মুখীন হৈ আহিছে । বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত নাজিৰা নগৰৰ একাংশ জনগণে আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদেৰে ক্ষোভ উজাৰে ।…
৭১ জনীয়া মোদী মন্ত্ৰীসভাত অসমৰ পৰা স্থান লভিলে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই
নিউজডেক্স,৯জুন,২০২৪ :আজি একাদিক্ৰমে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে । ৭১ জনীয়া মোদী মন্ত্ৰীসভাত এইবাৰ অসমৰ পৰা দুগৰাকী সাংসদক অন্তৰ্ভুক্ত হৈছে তেওঁলোক হ’ল লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা । সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰীৰূপে আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে । এইবাৰ কেবিনেট মন্ত্ৰী হিচাপে ৩০ গৰাকী সাংসদে শপত গ্ৰহণ কৰাৰ লগতে স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে ৫ গৰাকী সাংসদে আৰু ৰাজ্যমন্ত্ৰী হিচাপে ৩৬ গৰাকীয়ে শপত গ্ৰহণ কৰে । মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাসকল হৈছে :- কেবিনেট মন্ত্ৰীসকল হল- : ১) নৰেন্দ্ৰ মোদী ( গুজৰাট ) ২) ৰাজনাথ সিং ( উত্তৰ প্ৰদেশ…
न्यूज़ -डेस्क, 8 जून2024:भौतिक शिक्षा से हम रोजगार प्राप्त कर सकते हैं, लेकिन परिवार, समाज, कार्यस्थल में परेशानी या चुनौती का मुकाबला नहीं कर सकते है | युवा उच्च शिक्षा प्राप्त करके डॉक्टर, इंजीनियर बनकर धनोपार्जन कर सुख-सुविधा युक्त जीवन निर्वाह करना चाहते हैं, परंतु जब उनका उद्देश्य पूर्ण नहीं हो पाता | नैतिक शिक्षा से युवाओं को नई दिशा मिल सकती है | भौतिक शिक्षा से भौतिकता का विकास होगा और नैतिक शिक्षा से सर्वागिंण विकास होगा | । उक्त उदगार माउंट आबू राजस्थान से पधारे हुए बी के भगवान भाई ने कहे | वे बरतला सीनियर सेकंडरी स्कुल …
নাজিৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি : ৰজাঘৰীয়া ঠিকাদাৰে নিম্নমানৰ কামেৰে লুণ্ঠন কৰিলে ঐতিহাসিক বৰশিল সংযোগী পথৰ ধন
নিউজডেক্স,১৭মে’,২০২৪ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত ঐতিহাসিক বৰশিলৰ পৰা মেকিপুৰ সংযোগী ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ প্ৰায় ১৫ কোটি টকীয়া কামত নিজৰ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ শিৱা হৰলালকাৰ বিৰুদ্ধে। বিগত ১৯- ২০ বৰ্ষতেই নিবিদা লাভ কৰা ঠিকাদাৰ শিৱা হৰলালকাই প্ৰায় ৫ মাহৰ আগতে এই কাম সম্পূৰ্ণ কৰিছিল যদিও বৰ্তমান ঐতহাসিক বৰশিলৰ সমীপত প্ৰায় দুই তিনি কিলোমিটাৰ পৰ্যন্ত পথটোত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বখলা বখলে ব্লেক কাৰ্পেটিং এৰাই যোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ লুণ্ঠনৰ মানসিকতাৰে নিৰ্মাণ কৰা এই পথটোৰ চাইদ-বামৰ কাম সম্পন্ন নকৰাৰ ফলত ক্ৰমান্বয়ে খহি গৈছে…
न्यूज़ हन्ट -डेस्क 13 मई 2024: 12 मई को मातृ दिवस के अवसर पर पूर्वोत्तर प्रदेशीय मारवाड़ी सम्मेलन की सिमलगुड़ी शाखा द्वारा क्षेत्र की पांच महिलाओं का उनके निवास स्थान पर जाकर दुपट्टे एवं मिठाई भेंट कर सम्मानित किया गया तथा उन सभी मातृशक्ति को उनके सुखद भविष्य की शुभकामनाएं व्यक्त की गई৷ इस दौरान शाखा अध्यक्ष शिव प्रसाद बाजोरिया. पवन मस्करा, सुभाष अग्रवाल, दीनदयाल शर्मा एवं दीपचंद माड़ोदिया शामिल थे
নিউজডেক্স,১৩মে’,২০২৪:ডাইনী হত্যাৰ দৰে কুসংস্কাৰক নিৰ্মূল কৰিবলৈ অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভাৰ আজি পুৱা ৯-৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে৷ তেখেতৰ বিয়োগৰ বাতৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ আনহাতে সমাজ সংস্কাৰক বীৰুবালা ৰাভাৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব বুলি ব্যক্ত কৰি এই বিষয়ত তদাৰকৰ বাবে মন্ত্ৰীদ্বয় শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী আৰু শ্ৰীজয়ন্ত মল্লবৰুৱাক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে৷
চূণপোৰাত অনুষ্ঠিত হ’ল থলুৱা জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান : বহু কেইটা জনগোষ্ঠীয় নৃত্য গীতত সমন্বয়ৰ থলীলৈ ৰূপান্তৰ হ’ল হেমেনাবাৰী ৰঙ্গমঞ্চ
নিউজডেক্স,১৩মে’,২০২৪ : শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁও চূণপোৰা হেমেনাবাৰী মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ১১ আৰু ১২ মে’ত দুদিনীয়া কাৰ্যসূচীৰে হেমেনাবাৰী ৰঙ্গমঞ্চত থলুৱা জনগোষ্ঠী সমূহৰ এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু থলুৱা জনগোষ্ঠীৰ সাংস্কৃতিক দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

