Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,৩০ এপ্ৰিল,২০২৫ :অহা ২ মে তাৰিখে হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন৷ বিয়লি ৪বজাৰ লগে লগেই আজি অন্ত পৰে নিৰ্বাচনী প্ৰচাৰ। গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেওধাই ৰঙ্গমঞ্চত ৰাইজৰ দলৰ শেষৰখন প্ৰচাৰ সভাত উপস্থিত থাকে শিৱসাগৰ বিধায়ক অখিল গগৈ। এই সভাত অখিল গগৈয়ে কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয় ৷ ৰাইজৰ দলক পৰাস্ত কৰিবলৈ কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি অখিল গগৈয়ে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পেট চাফা নহয়, যদি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে তেনেহলে পেট চাফা কৰিব লাগিব বুলি কয় ।
নিউজডেক্স,২৬ এপ্ৰিল,২০২৫ : সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা আতঙ্কময় পৰিবেশ তথা দেশৰ এই দুৰ্দিনৰ সময়ত টি আৰ পিৰ পিছত অন্ধভাবে দৌৰি , নিজৰ দায়বদ্ধতা আৰু নৈতিকতা বিসৰ্জন দি বৰ্তমান দেশৰ শত্ৰু পক্ষকহে যেন সহায় কৰাৰ কামত আওপকীয়াকৈ নামি পৰিছে আমাৰ বহু সংবাদ মাধ্যম৷ সেইবাবেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তাৰক্ষীৰ চলাচলৰ লাইভ কভাৰেজ প্ৰদৰ্শনৰ পৰা বিৰত থাকিবলৈ সকলো সংবাদ মাধ্যমক আহ্বান জনাব লগা হৈছে। দেশৰ সংবাদ মাধ্যমলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা :- — প্ৰতিৰক্ষা অভিযান সম্পৰ্কীয় দৃশ্য পোনপটীয়াকৈ সম্প্ৰচাৰৰ ক্ষেত্ৰত বাধা, — সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱাৰ নিৰ্দেশ, — পূৰ্বৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাতৰি পৰিবেশনত…
নিউজডেক্স,২৫ এপ্ৰিল,২০২৫ :নাজিৰা প্ৰেছ ক্লাৱত আজি সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰত বৰ্ষৰ ভূ-স্বৰ্গ স্বৰূপ কাশ্মীৰত ২২ এপ্ৰিলৰ দুপৰীয়া সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত নিহত হোৱা ২৮ গৰাকীকৈ দেশী-বিদেশী পৰ্য্যটকলৈ বন্তি প্ৰজ্বলন আৰু নিহত সকলৰ প্ৰতিচ্ছবিৰ সমুখত পুষ্পমাল্য যাচি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁইৰ সঞ্চালনাত নাজিৰা প্ৰেছ ক্লাৱৰ সাহিত্য আৰু সাংস্কৃতিক সম্পাদক ধীৰেণ ফুকন, সাংগঠনিক সম্পাদক মুনীন্দ্ৰনাথ শইকীয়া, উপদেষ্টা খাইৰুল হাছানে বৰ্ব্বৰোচিত কাণ্ডৰে ধৰ্মান্ধ হৈ মানুহক হত্যা কৰাৰ ভূমিকাত সিদ্ধহস্ত সন্ত্ৰাসবাদীক কোনো সমাজ অথবা মানুহৰ ধৰ্মই স্থান নিদিয়ে বুলি কোৱাৰ লগতে পাক সমৰ্থিত ধৰ্মান্ধ সন্ত্ৰাসবাদীয়ে চলোৱা এনে নৰসংহাৰৰ পাচত সন্ত্ৰাসৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া প্ৰতিজন নাগৰিক চৰকাৰৰ…
নিউজডেক্স,২৫ এপ্ৰিল,২০২৫ : যোৱা ২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে যি হত্যালিলা চলালে ইয়াক চি পি আইয়ে তীব্ৰ গৰিহণা আৰু নিন্দা জনাই নাজিৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ চি পি আইৰ কৰ্মকৰ্তা সকলে সন্ত্ৰাসবাদ নিপাত যাওক, সকলো ধৰ্মীয় মৌলবাদী নিপাত যাওক,নিৰীহৰ ওপৰত তেজৰ ফাকু খেলা কাপুৰুষহঁত হুচিয়াৰ, সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱাৰা মোদী চৰকাৰ হায় হায়, ব্যৰ্থতা স্বীকাৰ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শীঘ্ৰে পদত্যাগ কৰক, সাধাৰণ জনতাৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সকলো সন্ত্ৰাসবাদীক নিশেষ কৰক,ইত্যাদি শ্ল’গান দি নাজিৰাৰ নাট্যমন্দিৰ সন্মুখত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ প্ৰতিবাদস্থলিত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক তথা…
চমুকৈ ক’বলৈ গ’লে — মুম্বাই-মনমাদ পঞ্চৱতী এক্সপ্ৰেছ ৰেলত প্ৰৱৰ্তন কৰা হৈছে দেশৰ প্ৰথম এ টি এম ৰে’লত এটিএমৰ সম্ভাৱনীয়তা পৰীক্ষাৰ বাবে এই পাইলট প্ৰগ্ৰেম হাতত লোৱা হৈছে৷ এটিএম সেৱাৰ কিছুমান মূল সুবিধা: নগদ ধনৰ সহজ সুবিধা: ভ্ৰমণকাৰীসকলে আৰু ভ্ৰমণত ধন শেষ হোৱাৰ চিন্তা কৰিব নালাগে।উন্নত সুবিধা : বিশেষকৈ জৰুৰীকালীন অৱস্থাত বা বেংকিং সুবিধা সীমিত দূৰৱৰ্তী স্থানলৈ যাত্ৰা কৰাৰ সময়ত উপযোগী।উন্নত নিৰাপত্তা: যিহেতু নিৰাপদ পৰিৱেশত নগদ ধন উলিওৱা হৈছে, গতিকে ইয়াৰ ফলত বৃহৎ পৰিমাণৰ ধন কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত হোৱা বিপদ কম হয়।যদিহে এই পাইলট প্ৰজেক্টটো ভাল হয় তেন্তে অদূৰ ভৱিষ্যতে ভাৰতীয় ৰে’লৱেই অতিৰিক্ত পথ আৰু ৰে’লত এই সেৱা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। প্ৰথমবাৰৰ বাবে ভাৰতীয়…
নিউজডেক্স,৩ এপ্ৰিল ২০২৫ : ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নাজিৰা সমজিলাৰ ২ খন আঞ্চলিক পঞ্চায়ত ক্ৰমে নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ অধীনত থকা ৪ খন জিলা পৰিষদৰ অন্তৰ্গত গাওঁ পঞ্চায়ত এলেকা সমূহত নিৰ্বাচনী আচৰণ বিধি ইতিমধ্যে বলবৎ হৈছে। এই উপলক্ষে আজি নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰা হয়। নাজিৰাৰ সমজিলা আয়ুক্ত শ্ৰীমতী কণিকাই নাজিৰাত স্বছ আৰু নিকা ভাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে লোৱা কাৰ্যব্যৱস্থা সমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। সংবাদমেলত সমজিলা আয়ুক্তই জনাই যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাজিৰা সমজিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫৭৬৬৯ জন, ইয়াৰ ভিতৰত ৭৭৪৩৮ জন পুৰুষ আৰু ৮০২৩১ গৰাকী…
নিউজডেক্স ,৩১ মাৰ্চ,২০২৫: অসম দৰ্শন আঁচনিৰ অধীনত আজি নাজিৰা বৰবৰুৱা পুখুৰী পাৰত নাজিৰা সমজিলাৰ মুঠ ১৭৩ খন ধৰ্মানুষ্ঠানক অনুমোদন পত্ৰ বিতৰণ কৰা হয়। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচিত ধৰ্মানুষ্ঠান সমূহক অনুমোদন পত্ৰ বিতৰণ কৰে। তদুপৰি নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইও আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে, অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা এই অসম দৰ্শন আঁচনিৰ অধীনত দুটা কিস্তিত মুঠ ৩ লাখ টকাকৈ অনুমোদন প্ৰদান কৰা হ’ব। আজি প্ৰথম কিস্তিৰ ধন হিচাপে ১.৫ লাখ টকাৰ অনুমোদন প্ৰদান…
নিউজডেক্স,২৪ ফেব্ৰুৱাৰী,২০২৫ :নাজিৰা সম-জিলাৰ অন্তৰ্গত অতি ব্যস্ততাপূৰ্ণ শিমলুগুৰি আৰু নাগিনীমৰা সংযোগী পথটো বহুবছৰ ধৰি পৰিতক্ত অৱস্থাত আছে যদিও স্থানীয় দল-সংগঠনকে আদি কৰি ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ ফলত পথটি BRO (Border Roads Organization) য়ে কিছুদিনৰ আগৰ পৰা পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। উল্লেখযোগ্য যে, বিহুবৰ, নাগিনীমৰা শিল উদ্যোগৰ লগত সংগতি ৰাখি পথটিয়েদি দিনে-নিশাই সীমাহীন ট্রাক-ডাম্পাৰ চলাচল কৰে যাৰ ফলত পথটিৰ নির্মাণত বিসংগতি হোৱাৰ লগতে নিৰ্মাণৰ সময়ো বাঢ়ি গৈছে। বিষয়টোৰ গুৰুত্ব বুজি নাজিৰা প্রশাসনেও NZR/MJ-09/144 Cr. PC/23/48 নং জানীৰ যোগেদি গধুৰ যান-বাহনৰ চলাচল সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু সকলো নীতি নিয়ম উলংঘা কৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে পূৰ্বৰ সেই ছয় চকীয়া গাড়ীৰ…

