Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
অসম চৰকাৰৰ “বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি নাজিৰাৰ কেইবাটাও প্ৰকল্পৰ শিলান্যাস মন্ত্ৰী ডা: ৰনোজ পেগুৰ
নিউজডেক্স,৫ মাৰ্চ,২০২৪ : অসম চৰকাৰৰ “বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু মেকিপুৰ পূজা ফিল্ডত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগৰ মন্ত্ৰী ডা: ৰনোজ পেগু ডাঙৰীয়া উপস্থিত থাকি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে। এই প্ৰকল্প সমূহে শিক্ষাৰ ক্ষেত্রত নতুন বাট মুকলি কৰাৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। প্ৰকল্পসমূহ হৈছে:- লেঙিবৰ চাহ বাগিচা বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস, দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস , লক্ষ্মীজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস, হাতীপট্টি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আৰু নাজিৰা…
কা” আইন বাতিলৰ দাবীৰে নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ।
দিলিপ হাজৰিকা, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪ : কা'(CAA) বিৰোধী প্ৰতিবাদেৰে পুনৰ উত্তাল হ’ল নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ। “কা”ৰ বিৰোধীতাৰে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে।অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে । ধৰ্ণাস্থলীৰ পৰাই কা'(CAA) বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
১৪ মাৰ্চৰ পৰা দেশত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনা :মাৰ্চৰ মাজভাগত ঘোষিত হ’ব পাৰে লোকসভা নিৰ্বাচনৰ তাৰিখ
নিউজডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪ : বহু প্ৰত্যাশিত লোকসভা ২০২৪ নিৰ্বাচনৰ তাৰিখ ১৪ বা ১৫ মাৰ্চত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।২০১৯ চনৰ দৰে এইবাৰো সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে আৰু এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত প্ৰথম পৰ্যায়ৰ ভোটদান হ’ব পাৰে বুলি এক বিশেষ সূত্ৰই দেশৰ আগশাৰীৰ এক সংবাদ প্ৰতিষ্ঠানক অৱগত কৰাৰ কথা প্ৰকাশিত হৈছে ৷ আনহাতে অহা ১৪ মাৰ্চৰ পৰা আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনা আছে।লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত শীঘ্ৰে সংবাদমেল অনুষ্ঠিত কৰিব পাৰে নিৰ্বাচন আয়োগে। সূত্ৰৰ তথ্য অনুসৰি অহা সপ্তাহৰ যিকোনো দিনতে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰে। বৰ্তমান আয়োগে সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে বহু ৰাজ্য ভ্ৰমণ কৰি আছে।…
দিলিপ হাজৰিকা, ৪ মাৰ্চ, ২০২৪ :আজি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰী পুখুৰীত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় । নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মীয়মাণ পকী গৃহৰ যোগালী হিচাপে কৰ্মৰত উত্তৰ প্ৰদেশৰ চুমিত নামৰ যুৱকজনক যোৱা নিশা কোনো দুবৃৰ্ত্তই দাৰে বুকু , মূৰ আৰু ডিঙীত ঘপিয়াই অতি নৃশংস ভাৱে হত্যা কৰি সমীপৰ হনুমানবাগ চাহ বাগিচাৰ ৩ নং বি লাইনৰ নলাত পেলাই থয় । আজি পুৱা এগৰাকী মহিলাই বাগিচাৰ কাম কৰিবলৈ অহাৰ সময়ত ডিঙি ছিগি নলাত পৰি থকা মৃতদেহটো দেখি চিঞৰি চিঞৰি অচেতন হৈ পৰাত লগে লগে মহিলা গৰাকীক বাগিচাৰ মহৰি আৰু শ্ৰমিকে চিকিৎসালয়লৈ নিয়াৰ লগতে নাজিৰা আদৰ্শ…
নিউজডেক্স, ৪ মাৰ্চ,২০২৪ :যোৱা ৩ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দিল্লীত “ হজ সুবিধা এপ” মুকলি কৰে যিয়ে হজ যাত্ৰী সকলক প্ৰশিক্ষণ মাপাংক, বিমানৰ বিৱৰণ, আৰু থকাৰ ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহৰ প্ৰত্যক্ষ তথ্য আৰু সেৱা প্ৰদান কৰিব।সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জন বাৰ্লাৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হজ ২০২৪ৰ প্ৰস্তুতিৰ অংশ হিচাপে ইৰাণীয়ে দুদিনীয়া প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে।বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৫০ জনতকৈ অধিক প্ৰশিক্ষকে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে হজ যাত্ৰী সকলক অধিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষকসকলক সংবেদনশীল শিক্ষা প্ৰদান কৰা, যাতে তীৰ্থযাত্ৰীসকলে পৰিপূৰ্ণ অভিজ্ঞতা লাভ কৰে আৰু তীৰ্থযাত্ৰাৰ বিভিন্ন দিশৰ প্ৰতি…
নিউজডেক্স,৩ মাৰ্চ,২০২৪ : আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস ৷ ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৬৮ সংখ্যক অধিবেশনত থাইলেণ্ডে বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ বাণিজ্য সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় সন্মিলনত ৩ মাৰ্চক বিশ্ব বন্যপ্ৰাণীদিৱস হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ পিছৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ৩ মাৰ্চ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস ৰূপে পালন কৰি আহিছে৷ ২০১৪ চনত প্ৰথম বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হৈছিল। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ জীৱ-জন্তু সংৰক্ষণ কৰা। এইবাৰ ‘বিশ্ব বন্যপ্ৰাণী দিৱস’ৰ বিষয়বস্তু হৈছে ‘মানুহ আৰু গ্ৰহৰ সংযোগ : বন্যপ্ৰাণী সংৰক্ষণত ডিজিটেল উদ্ভাৱনৰ অন্বেষণ’। বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…
নিউজডেক্স, ২ মাৰ্চ, ২০২৪ : হৰিনামৰ ধ্বনিৰে আজি মুখৰিত হ’ল শিৱসাগৰ হাঁহচৰা হাতিমূৰীয়া চুকৰ নামঘৰ প্ৰাংগণ। পুৱাৰেই পৰা বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে অনুষ্ঠিত হৈছে গাওঁ খনৰ বাৰ্ষিক কৰ্ম। শিৱসাগৰ হাঁহচৰাৰ ৰাইলুং চেতিয়া গাঁৱৰ হাতিমূৰীয়া চুক নামঘৰত পুৱা পৰা ঊষা কীৰ্তন, পতাকা উত্তোলনৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। গাঁওখনৰ শতাধিক লোকে ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশ লৈ ভক্তিৰসত বুৰ যোৱা পৰিলক্ষিত হয়। দিনত নাম প্ৰসংগৰ পাছতে সন্ধিয়ালৈ স্থানীয় ৰাইজৰ দ্বাৰা।স্থানীয় ৰাইজৰ দ্বাৰা “হৰিচন্দ্ৰ উপাখ্যান” ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷
নিউজডেক্স, ২ মাৰ্চ,২০২৪ : পেৰিছস্থিত ইউনেস্ক’ত নিয়োজিত ভাৰতৰ ৰাষ্ট্ৰদূত তথা স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মাই যোৱা এক মাৰ্চত চৰাইদেউ জিলাত উপস্থিত হৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভৰ বাবে মনোনীত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে। এই সন্দৰ্ভত মৈদাম ক্ষেত্ৰত স্থিত সভাকক্ষত তেওঁ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ প্ৰমুখ্যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত দ্বয় নিবেদন দাস পাটোৱাৰী আৰু আদিত্য বিক্ৰম য়াদবৰ উপস্থিতিত ভাৰতীয় পুৰাতত্ত্ব বিভাগ আৰু ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ঐতিহাসিক চৰাইদেউ মৈদামথলীত গ্ৰহণ কৰা সংৰক্ষণ আৰু সংবৰ্ধন কাৰ্যাৱলী তথা ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে বুজ লয়। বৈঠকত অসম চৰকাৰৰ সাংস্কৃতিক বিশেষজ্ঞ ডঃ কে…
নিউজডেক্স, ২৯ ফেব্ৰুৱাৰী ২০২৪ : : অসম চৰকাৰৰ “মিছন বসুন্ধৰা” অভিযানৰ অধীনত ভূমিহীন খিলঞ্জীয়া লোকক সবলীকৰণৰ উদ্দেশ্যেৰে বিতৰণ কৰা ভূমিৰ পট্টা প্ৰদানৰ অংশ স্বৰূপে আজি নাজিৰা মহকুমা অন্তৰ্গত মেকিপুৰ পূজা ফিল্ডত নাজিৰা বিধান সভা সমষ্টিৰ অধীনত মুঠ ১১২৬ টা পৰিয়ালৰ মাজত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ভূমি পট্টা প্ৰদান কৰে। এই অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন, টাই আহোম…
লিগিৰীপুখুৰী আৰু মেজেংগা সংযোগী বিধস্ত পথৰ উন্নয়নৰ দাবী আটছা আৰু স্থানীয় ৰাইজৰ : অতিশীঘ্রে উন্নয়ন নকৰিলে অৱৰোধ কৰাৰ হুংকাৰ।
নিউজডেক্স,২৫ ফেব্ৰুৱাৰী,২০২৪ : নাজিৰাৰ লিগিৰীপুখুৰী আৰু মেজেংগা সংযোগী এটা ব্যস্ততাপূৰ্ণ পথ।এই পথৰ কাষতে দিল্লী পাব্লিক স্কুল, ONGC ৰ পাইপৰ ষ্টৰ, ONGC ৰ গল্ফ ক্লাৱ, চি আই এছ এফ(CISF) কেম্পৰ অৱস্থিত। দৈনিক শ শ ছাত্ৰ-ছাত্ৰী গাড়ীয়েদি অহা-যোৱা কৰে দিল্লী পাব্লিক স্কুললৈ। উক্ত পথেদিয়েই কেইবাখনো গাঁৱৰ ৰাইজ আহ-যাহ কৰে, আনকি লিগিৰীপুখুৰী বাগিচাত কাম কৰিবলৈ অহা ব্যক্তি সকলেও এই পথৰেই অহা-যোৱা কৰে। জয়সাগৰত অৱস্থিত চিকিৎসালয় আৰু লিগিৰীপুখুৰীত অৱস্থিত চিকিৎসায়লৈ ৰোগী নিবলৈও চমু পথ হিচাপে ৰাইজে ব্যৱহাৰ কৰে এই পথটোৰ বিভিন্ন ঠাইত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈ বৰ্তমান যাতায়তৰ অনুপযোগী হৈ পৰিছে।এজাক বৰষুণ দিলেই পথত থকা পুখুৰী সদৃশ গাঁতত পানী জমা হয় আৰু…

