Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,৩১ ডিচেম্বৰ,২০২৫:সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাত অব্যাহত থকা প্ৰচণ্ড শীতৰ  পৰিপ্ৰেক্ষিতত তথা  শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত ১ জানুৱাৰী, ২০২৬ৰ পৰা ৬ জানুৱাৰী, ২০২৬ তাৰিখলৈ জিলাখনৰ সমূহ চৰকাৰী, প্ৰাদেশিকৃত, আৰু ব্যক্তিগত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় খোলাৰ সময় পুৱা ৯:৩০ বজা কৰা হৈছে। অৱশ্যে, বিদ্যালয় ছুটিৰ সময় অপৰিবৰ্তিত থাকিব। শিৱসাগৰ জিলাৰ জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে আজি এই আদেশ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰী দেৱজ্যোতি গগৈয়ে জাৰি কৰিছে। উক্ত আদেশ তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাতে বলবৎ হ’ব।

Read More

নিউজডেক্স,২৮ ডিচেম্বৰ ২০২৫ : ২৭ ডিচেম্বৰত শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ,শিৱসাগৰ আৰু নাজিৰা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়৷ ৯৫নং ডিমৌ বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৭৯২১০ জন,ইয়াৰে ৮৮০০৪জন পুৰুষ,৯১২০৫গৰাকী মহিলা আৰু ১জন তৃতীয় লিংগৰ ভোটাৰ৷ডিমৌ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হল ২৩০টা৷ ৯৬নং শিৱসাগৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হল ২০৯৭৭৮জন,ইয়াৰে পুৰুষ ভোটাৰ হল ১০৩৪৩০ জন, ১০৬৩৪৭ গৰাকী হল মহিলা আৰু ১জন তৃতীয় লিংগৰ ভোটাৰ৷ শিৱসাগৰ সমষ্টিৰ মুঠ  ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল ২৭৮টা   ৷আনহাতে ২৩৩টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল ১৮৩২৩১জন,ইয়াৰে ৮৯০৭০ জন পুৰুষ,৯৪১৫৯গৰাকী মহিলা আৰু ২ জন তৃতীয় লিংগৰ ভোটাৰ৷সামগ্ৰিক…

Read More

নিউজডেক্স,২৩ডিচেম্বৰ,২০২৫ : নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত থকা নাজিৰা সমজিলাৰ অন্তৰ্গত  নিম্ন প্ৰাথমিক,মধ্য ইংৰাজী আৰু মজলীয়া বিদ্যালয় সমূহত প্ৰায় সহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে কাম কৰি আছে যদিও নাজিৰাৰ মুঠ ৩১৯ খন এনে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰছাত্ৰীৰ সংখ্যা ২৭০৭৭ জনহে, অৰ্থাৎ বিদ্যালয়ে প্ৰতি প্ৰায় ৮৪জন৷ চৰকাৰী নিৰ্দ্দেশনা অনুসৰি প্ৰতিখন বিদ্যালয়ত ৩০ জন ছাত্ৰছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক/শিক্ষয়িত্ৰী থাকিব লাগে ৷সেই অনুপাতে নাজিৰাৰ মুঠ ২৭০৭৭ জন ছাত্ৰছাত্ৰীৰ বিপৰীতে প্ৰায় ৯০৩ জন শিক্ষক-শিক্ষয়িত্ৰী থাকিব লাগে যদিও নাজিৰাত এই পৰিমাণতকৈ বহু অধিক সংখ্যক , প্ৰায় ১২০০ জন  শিক্ষক-শিক্ষয়িত্ৰী নিয়োজিত হৈ আছে৷ কিন্তু নাজিৰাৰ নগৰাঞ্চল বা সুচল স্থানত থকা প্ৰায়বোৰ বিদ্যালয়ত  অধ্যয়নৰত ছাত্ৰছাত্ৰীৰ বিপৰীতে অধিকসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী নিয়োজিত হৈ থকাৰ…

Read More

নিউজডেক্স,১৭ডিচেম্বৰ,২০২৫: বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামত ক্ষেত্ৰত বিগত সময়ৰ দৰে এইবাৰো আগন্তুক ৯,১০,১১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  চৰাইদেউ মহোৎসৱৰ আয়োজন কৰা হব । ১৬ ডিচেম্বৰত এই চৰাইদেউ মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়৷বিগত বৰ্ষৰ দৰে এইবাৰো টাই-আহোম জনগোষ্ঠীৰ লোক সংস্কৃতিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী তথা থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা তথা বিভিন্ন কাৰ্যসূচীৰ উপৰিও বৃহৎ বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলাৰে চৰাইদেউ মহোৎসৱ উদযাপন কৰাৰ লগতে এইবাৰ বিদেশী পৰ্যটকক নিমন্ত্ৰণ জনায় পূৰ্বতকৈ ডাঙৰকৈ এই মহোৎসৱ আয়োজন কৰা হ’ব বুলি উদ্যোগতা জনায়।

Read More

সোণমনি বৰঠাকুৰ,১৭ ডিচেম্বৰ:  শিৱসাগৰ জিলাৰ খনামুখ মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী লিপিকা বৰকাকতীৰ ৩২ বছৰীয়া শিক্ষকতা জীৱন ৩০ নবেম্বৰত সফলতাৰে সম্পূ্ৰ্ণ কৰি অৱসৰ গ্ৰহন কৰাত  ১৬ ডিচেম্বৰত তেখেতক আনুষ্ঠানিক ভাবে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে ৰাজহুৱা বিদায় সম্ভাষণ জনায়।  এই উপলক্ষে খনামুখ উচ্চ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত খনামুখ মজলীয়া বিদ্যালয়ৰ প্ৰধান ভবেন্দ্ৰ নাথ কটকী খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনন্দ বৰা, অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক ভোলা নাথ দত্ত, প্ৰবীন গগৈ,খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিনমণি ভূঞাকে ধৰি ভালেসংখ্যক ন- পুৰনি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে বিদায় সম্ভাষণ জনায়। শিক্ষক বসন্ত বৰুৱা আৰু দিনেশ গগৈয়ে…

Read More

নিউজডেক্স,১৫ডিচেম্বৰ:   শিৱসাগৰ জিলাৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰিয়া সপ্তাহ  বিভিন্ন কাৰ্যসুচীৰে আজি ১৫ ডিচেম্বৰ তাৰিখে সামৰণি পৰে। এই উপলক্ষে   বিদ্যালয়ৰ অধ্যক্ষ আনন্দ বৰাৰ অধ্যক্ষতাত ছাত্ৰ একতা সভাৰ সভাপতি দেৱাশিষ বৰুৱা আৰু পিঙ্কু দত্তই  আঁত ধৰা বঁটা বিতৰণি আৰু মুকলি সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ আনন্দ বৰাই ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত বিদ্যালয় সপ্তাহৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰি কয় – ভবিষ্যত জীৱন গঢ় দিয়াত বিদ্যালয়ৰ এই অনুষ্ঠান সমুহে বিশেষ ভাবে প্ৰভাৱ পেলায় আৰু এখন সুষ্ঠ সবল সমাজ গঢ়াত অনবদ্য ভূমিকা গ্ৰহন কৰে । চলিত বৰ্ষত সৰ্বাধিক ৭১ সংখ্যাক প্ৰতিযোগিতাৰ বিজয়ী…

Read More

নিউজডেক্স,১৩ ডিচেম্বৰ,২০২৫: আহোম স্বৰ্গদেউ সকলৰ দিনৰ ঐতিহাসিক পুখুৰী সমুহৰ এটা অন্যতম নাজিৰা নগৰৰ মধ্যস্থলত থকা  দেওধাই পূখুৰী বৰ্তমান লুপ্তপ্ৰায় হৈ পৰিছে ৷ আজিও পুৰাতত্ত্ব বিভাগ তথা চৰকাৰৰ  দৃষ্টিত নপৰা এই ঐতিহাসিক  দেওধাই পুখুৰীটো সংৰক্ষণৰ অভাৱত এতিয়া নিশ্চিহ্ন হোৱাৰ পথত।আহোমৰ ৰাজধানী গড়গাঁওৰ পৰা নাতিদূৰৰ দিখৌ নদীৰ দক্ষিণ পাৰত তথা পৰবৰ্তী সময়ৰ ধোদৰ আলি আৰু ৰেল লাইনৰ মাজত থকা ঐতিহাসিক দেওধাই পুখুৰীটো আহোমৰ তিনি খেলৰ পুৰোহিত দেওধাই খেলক সেই স্থানতে থাকিবলৈ দিয়া হৈছিল  আৰু তেওঁলোকৰ  সুবিধাৰ্থে ৰজাই এই পুখুৰী খন্দাই দিছিল ৷  অসমত থকা আহোম ৰাজত্ব কালৰ পুখুৰী সমুহৰ মাজত দেওধাই সকলৰ নামত কেৱল নাজিৰাতহে দেওধাই পুখুৰী  থকাৰ কথা বুৰঞ্জীত  পোৱা যায়…

Read More

নিউজডেক্স,৯ডিচেম্বৰ,২০২৫: নাজিৰা নগৰৰ মূল পথ ৰূপে ব্যবহৃত ঐতিহাসিক ধোদৰ আলিৰ জৰাজীৰ্ণ অৱস্থাই স্থানীয় ৰাইজক দীৰ্ঘদিন ধৰি জীয়াতু ভূগাই অহাৰ পিছত বৰ্তমান অসম চৰকাৰে অসম মালা আঁচনিৰ অন্তৰ্গত  “আছাম চেকেণ্ডাৰী ৰোড নেটৱৰ্ক ইম্প্ৰভমেণ্ট প্ৰজেক্ট” ( এ এছ আৰ আই পি) ৰ অধীনত বালিঘাট তিনিআলিৰ পৰা বৰতল তিনিআলিৰ লৈকে মুঠ ৪.৯৩৭ কিলোমিটাৰ দৈঘ্যৰ ধোদৰ আলি পথ ছোৱাৰ পুনৰ্নিৰ্মাণ তথা উন্নয়নৰ বাবে এচিয়ান ইনফ্ৰাচষ্ট্ৰাকছাৰ ইনভেষ্টমেণ্ট বেঙ্ক (এ আই আই বি) ৰ ৫৭ কোটি ৬৩লাখ ২৩ হাজাৰ ৭৭৮ টকা ব্যয়েৰে অহা ২৪ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ বাবে ডিচিচি ইনফ্ৰা প্ৰজেক্ট লিমিটেড নামৰ হাৰিয়ানাৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক দায়িত্ব প্ৰদান কৰে৷ নাজিৰা নগৰৰ সোঁমাজদি যোৱা…

Read More

নিউজডেক্স,৯ডিচেম্বৰ,২০২৫:অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আজি নাজিৰা মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ নিৰ্বাচিত হিতাধিকাৰী সকলক গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। সভাত  নাজিৰাৰ  সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, বিধায়ক  দেৱব্ৰত শইকীয়াৰ প্ৰতিনিধি জিন্টি ৰাজকুমাৰী, নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ ক্ৰমে পৰিণীতা শইকীয়া আৰু আশাবন্তী বদ্ৰা, নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক  বিজয় চন্দ্ৰ বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷বন্তি প্ৰজ্বলনেৰে সভাৰ শুভ আৰম্ভণি কৰাৰ পিছতে নিৰ্বাচিত ১০ গৰাকী হিতাধিকাৰীক মঞ্চত অনুমোদন পত্ৰ বিতৰণ…

Read More

নিউজডেক্স, ৮ ডিচেম্বৰ,২০২৫ :অসম- অৰুণাচল আৰু নাগালেণ্ড ৰাজ্যৰ ত্ৰিবেণী সংগমত অৱস্থিত চৰাইদেউ জিলা। এসময়ত আহোমৰ ৰাজধানী চৰাইদেউৰ হাজাৰ হাজাৰ হেক্টৰ মাটি দুয়োখন চুবুৰীয়া ৰাজ্যই বেদখল কৰি গোজেই গজালিত পৰিণত হৈছে। বিশেষকৈ   চৰাইদেউৰ চৰাইপুং,হোলোঙামৰা,খেৰবাৰী এলেকাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে প্ৰায় ছয়  হাজাৰ হেক্টৰৰো অধিক মাটি বেদখল কৰি ৰাস্তা ঘাট,ঘৰ বাৰি কৰি আহিছে যদিও অসম চৰকাৰৰ কোনো কাণষাৰ নাই। অতি পৰিতাপৰ বিষয় আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা ঐতিহাসিক লাহদৈগড়টো বেদখল কৰি একাংশ অৰুনাচলীয়ে ঘৰ বাৰী নিৰ্মাণ কৰি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে যদিও ৰাজ্যৰ প্ৰশাসন আজিও নিৰ্বিকাৰ৷

Read More