Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স, ১০ এপ্ৰিল, ২০২৩:   বিশিষ্ট কমিউনিষ্ট নেতা, প্ৰাক্তন সাংসদ-বিধায়ক, ত্যাগবীৰ দ্ৰুপদ বৰগোহাঁইৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী অনুষ্ঠান সমাজকৰ্মী তথা চিপিআইৰ জেষ্ঠ নেতা চেনীৰাম বৰগোহাঁইৰ সভাপতিত্বত আজি ১০ এপ্ৰিলত শিৱসাগৰ জিলাৰ মাদুৰি লাইথেপেনা মৈদামৰ মুকলি সভাগৃহত অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বৰগোহাঁইৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে চেনীৰাম বৰগোহাঁইয়ে । দ্ৰুপদ বৰগোহাঁইৰ সহধৰ্মিনী অমিয়া বৰগোহাঁই আৰু উপস্থিত ৰাইজে পুষ্পাঞ্জলি অৰ্পণ কৰে । ইয়াৰ পাছতে দ্ৰুপদ বৰগোহাঁইৰ জীৱন কৃতি তথা কমিউনিষ্ট পাৰ্টি আৰু ৰাজ্যখনলৈ তেখেতে আগবঢ়োৱা অৱদানৰ সম্পৰ্কে আলোকপাত কৰে চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ আৰু ৰাজ্যিক  কাৰ্যনিৰ্বাহক ধৰ্ম বৰুৱাই ৷ তেওঁলোকে সাম্প্ৰতিক সময়ত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত কমিউনিষ্ট পাৰ্টিৰ দ্বায়িত্ব অতি বেছি…

Read More

নিউজ ডেক্স, ৫ এপ্ৰিল,২০২৩ :  সমগ্ৰ অসমৰ লগতে নাজিৰা নগৰতো অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধি কৰা কাৰ্য্যৰ প্ৰতিবাদত বিগত ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা নাগৰিক সভাই যোৱা ৯ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী, নগৰ উন্নয়ন মন্ত্ৰী, নাজিৰাৰ মহকুমাধিপতি আৰু পৌৰ সভানেত্ৰীক পৌৰকৰ অস্বাভাৱিক বৃদ্ধি হ্ৰাস কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত আজি পুনৰ  অত্যাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীৰে নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈনক স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰদান কৰা হয় ৷ উল্লেখ্য যে অসম চৰকাৰে ইতিমধ্যে  একৰ পৰা পছিশ শতাংশলৈকে পৌৰকৰ বৃদ্ধিৰ বাবে পৌৰ কৰ্তৃপক্ষক অনুমতি প্ৰদান কৰাৰ পিছত অসমৰ বিভিন্ন স্থানৰ…

Read More

न्यूज डेस्क -3अप्रेल,2023 : भारत की अध्यक्षता में आयोजित जी -20की बैठक का द्वितीय चरण की बैठक आज गुवाहाटी में आयोजित हो रही है। पांच अप्रैल तक तीन दिवसीय इस कार्यक्रम में 19से भी अधिक देशों के जी -20 सदस्यों सहित,सात अतिथि देशों एवं पांच अंतरराष्ट्रीय संगठनों से जुड़े 72 प्रतिनिधि  शामिल हो रहे हैं। इस बैठक में आयोजित होने वाले जिन मुद्दों पर चर्चा होनी है उनमें प्रमुख हैं वैश्विक स्तर पर योग्य परक व्यवधानों को दूर करना,आर्थिक एवं सामाजिक सुरक्षा, एवं सामाजिक सुरक्षा के लिए वित्तीय स्थिति का सम्यक निर्धारण किया जाना प्रस्तावित है।बैठक कै पहले दिन शिक्षा,…

Read More

Newsdesk, April 2, 2023: Expressing reservations about the process of disqualification of Rahul Gandhi as an MP, Nazira Block Congress Committee (NBCC) has alleged that BJP’s central leaders are maliciously trying to keep the Congress leader away from parliamentary democracy in view of the 2024 general elections. Addressing a press conference organised by NBCC at Nazira-based Rajiv Bhawan on Saturday, APCC member Abdur Rahman said that Rahul Gandhi has been disqualified from the Lok Sabha for “only a verbal criminal offence” whereas BJP leaders have committed bigger crimes. “The BJP is scared of Rahul Gandhi’s growing popularity following his Bharat…

Read More

নিউজ ডেক্স, ১ এপ্ৰিল,২০২৩ :  বৰ্তমান  ইচলাম সম্প্ৰদায়ৰ লোক সকলৰ মাজত  চলি আছে পৱিত্ৰ ৰমজান মাহ। পৱিত্ৰ ৰমজান মাহৰ এই সময় খিনিত নিজৰ লগতে সমাজৰ মঙ্গলৰ বাবে ইছলাম সম্প্ৰদায়ৰ লোক সকলে পালন কৰে ৰোজা । তেওঁলোকে ৰোজা পালন কৰি দিনটোৰ শেষত সন্ধিয়া  সকলো মিলি   গ্ৰহণ কৰে ইফতাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মছ্‌জিদ সমূহৰ সমান্তৰালকৈ নাজিৰাৰ সদৰ মছ্‌জিদটো স্থানীয় সমূহ ইচলাম সম্প্ৰদায়ৰ লোক সকল লগ লাগি একে লগে কৰি আহিছে ইফতাৰ। তাৰে মাজতে যোৱা ৩১ মাৰ্চত  নাজিৰাৰ জেষ্ঠ  চিকিৎসক প্ৰদুৎ কোঁৱৰে  হিন্দু মুছলমানৰ মাজৰ  সম্প্ৰীতীৰ  এনাজৰী কটকটীয়া কৰাৰ    মানসেৰে  নাজিৰাৰ সদৰ মছজিদ প্ৰদান কৰিলে ইফতাৰ। নাজিৰা সদৰ মছ্‌জিদ প্ৰাংগণত  ইচলাম সম্প্ৰদায়ৰ…

Read More

নিউজ ডেক্স, ৩১ মাৰ্চ, ২০২৩ :  অহা এক  এপ্ৰিলৰ পৰা ৰাজ্যত  বৃদ্ধি হ’ব বিদ্যুত্‍ ফিক্সড চাৰ্জ  । এতিয়াৰে পৰা  বিভিন্ন শ্ৰেণীৰ প্ৰতিজন বিদ্যুত্‍ গ্ৰাহকে প্ৰতিমাহে প্ৰতি kw/kvত ফিক্সড চাৰ্জ হিচাপে অতিৰিক্ত মাচুল ১০ টাকাকৈ ভৰিব লাগিব। ৰাজহ বৃদ্ধিৰ স্বাৰ্থত এইবাৰ অসম বিদ্যুত্‍ নিয়ামক আয়োগে বৃদ্ধি কৰিছে প্রতি কিলোৱাট/ কেভিত বিদ্যুত্‍ মাচুলৰ ফিক্সড চার্জ। এতিয়াৰ পৰা ৰাজ্যৰ বিদ্যুত্‍ গ্ৰাহকে প্রতি মাহে প্রতি কিলোৱাট/ কেভিত ফিক্সড চার্জ হিচাপে অতিৰিক্ত ১০ টকাকৈ দিব লাগিব  ৷ অসম বিদ্যুত্‍ বিতৰণ কোম্পানীয়ে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত কৰা প্ৰস্তাৱৰ ভিত্তিত অসম বিদ্যুত্‍ আয়োগে এই মাচুল বৃদ্ধিত অনুমোদন জনাইছে। বিদ্যুত্‍ গ্রাহকে পূর্বে ফিক্সড চাৰ্জৰ বাবদ প্ৰায় ১২০ টকা পৰিশোধ কৰি আহিছিল…

Read More

নিউজ ডেক্স,২৬ মাৰ্চ,২০২৩:  বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীন বৰগোঁহায়ে।৭৫ কিলো শাখাত স্বৰ্ণ জয় কৰিলে লাভলীনাই। ২৬ মাৰ্চ অৰ্থাৎ  দেওবাৰে  দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অলিম্পিক পদক বিজয়ী লভলিনা বৰগোহাঁয়ে বিশ্ব খিতাপ দখল কৰে। লাভলীনাই আজি ফাইনেল খেল খনত অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ মুখামুখি হয়। দুগৰাকী বক্সাৰে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে।প্ৰথম ৰাউণ্ডত লাভলীনাই সৰ্বোচ্চ পইণ্ট পাই আগবাঢ়িছিল যদিও দ্বিতীয় ৰাউণ্ডত পিছ পৰিব লগীয়া হৈছিল অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ দ্বাৰা।কিন্তু অন্তিম তথা ফাইনেল ৰাউণ্ডত লাভলীনাই দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি স্বৰ্ণ পদক নিজৰ কৰিবলৈ সক্ষম হয়। ইতিপূৰ্বে লাভলীনাই বিশ্ব মহিলা বক্সিংত দুবাৰকৈ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ…

Read More

নিউজ ডেক্স, ২১ মাৰ্চ ২০২৩ : শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা প্ৰাচীন কীৰ্তি চিহ্ন সমূহ বেদখলমুক্ত আৰু উপযুক্ত সংৰক্ষণ কৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিয়ে আজি শিৱসাগৰ জিলা উপায়ুক্তক কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। সভাপতি সুশীল বৰুৱা আৰু সম্পাদক মনোজ কুমাৰ গগৈৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা অন্যান্য দাবী সমূহ হ’ল: (১) শিৱসাগৰ জিলা প্ৰশাসনে ২০১৪ চনৰ ১ জুলাইৰ দিনা তথা  ” শিৱসাগৰ দিৱস ” ৰ উপলক্ষে তদানীন্তন উপায়ুক্ত এছ এছ মিনাক্ষী সুন্দৰম দেৱৰ কাৰ্যকালত তথ্য সম্বলিত  এখন পুস্তিকা প্ৰকাশ কৰা হৈছিল। এই পুস্তিকা খনত শিৱসাগৰ জিলাৰ ( বৰ্তমানৰ শিৱসাগৰ আৰু চৰাইদেউ…

Read More

নিউজ ডেক্স, ২০ মাৰ্চ,২০২৩ :  থলুৱা শিপিনীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে আজি নাজিৰা নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত বহিৰাজ্যৰ পৰা অহা লগতে শক্তি চালিত তাঁতশালত (powerloom) উৎপাদিত গামোচা বিক্ৰীৰ ওপৰত বাধা আৰোপ কৰাৰ উদ্দেশ্যে এক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। সেই মৰ্মে নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্তদ্বয় কল্যাণ জ্যোতি হাজৰিকা আৰু উপাসনা বৰাই হস্ততাঁত-বস্ত্ৰশিল্প বিভাগ আৰু আৰক্ষী বিভাগ সহযোগত নাজিৰা নগৰৰ বিভিন্ন সাজ-পাৰৰ দোকানত শক্তি চালিত তাঁতশালত তৈয়াৰী গামোচাৰ বিৰুদ্ধে অভিযান চলায়।

Read More

নিউজ ডেক্স, ১৯ মাৰ্চ,২০২৩ :নাজিৰা মাদুৰিৰ জয়মতীৰ জন্মস্থানতেই ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ। প্ৰাথমিক পৰ্য্যায়ত ৪কোটিটকাৰ ব্যয়ৰে নিৰ্মাণ কৰিব লগা জয়মতীৰ স্মৃতি ক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰিব ২৮ মাৰ্চত মন্ত্ৰী পিযুষ হাজৰিকাই।১৩ বিঘাকৈ মাটিত মহীয়সী জয়মতীৰ স্মৃতি ক্ষেত্ৰত  নিৰ্মাণ হ’ব।  এই জয়মতীৰ স্মৃতি ক্ষেত্ৰ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব নাজিৰাৰ ঐতিহাসিক মাদুৰিত।আজি এই সন্দৰ্ভত নাজিৰাৰ ঐতিহাসিক মাদুৰি জয়মতী স্মৃতি দিৱস উদ্‌যাপন স্থলীত অনুস্থিত হয় এখন সংবাদমেল।অহা ২৭আৰু ২৮মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে নাজিৰাৰ মাদুৰিত অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ উদ্যোগত,মাদুৰি জয়া স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি,মেছাগড় ,মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দলসংগঠনৰ সহযোগত উদ্‌যাপন কৰা হ’ব ৩৪৪সংখ্যক মহীয়সী…

Read More