Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজ ডেক্স, ০১ মাৰ্চ ২০২৩ : যোৱা ২৬ তাৰিখৰ পৰা দিখৌ নদীত সন্ধানহীন হৈ থকা শিৱসাগৰ হাঁহচৰা চাউদাং গাঁৱৰ গোপাল বৰুৱাৰ সন্ধানত SDRF বাহিনীয়ে চলোৱা অভিযান আজি সামৰণি পৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল সন্ধানহীন ব্যক্তিজনক। সন্ধানহীন ব্যক্তিজনক বিচাৰি যোৱা ২৭, ২৮ ফেব্ৰুৱাৰী আৰু আজি ১ মাৰ্চ তাৰিখত SDRFএ অভিযান চলাইছিল। শিৱসাগৰ SDRF বাহিনী সফল নোহোৱাত দিখৌ নদীত গোলাঘাট জিলাৰ পৰা আন এটা SDRFৰ দল আহি চলাইছিল অভিযান। কিন্তু সফল হব নোৱাৰিলে উদ্ধাৰকাৰী দল SDRF.
নাজিৰা মহকুমা প্ৰশাসনৰ প্ৰজেক্ট – SHARP শীৰ্ষক অভিযানৰ শুভ উদ্ধোধন : ক্লীনাৰ, গ্ৰীনাৰ আৰু হেলথী – গেলেকী গঢ়াৰ অভিযান
নিউজ ডেক্স,২৭ ফেব্ৰুৱাৰী, ২০২৩: নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অঞ্চলক প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে আজি গেলেকী হাইস্কুল খেলপথাৰত প্ৰজেক্ট – SHARP ( STUDENTS HOLISTIC APPROACH TO REDUCE POLLUTION) শীৰ্ষক যুগান্তকাৰী পদক্ষেপৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্ধোধন কৰি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে কয় যে, ছাত্ৰ ছাত্ৰী সকলৰ মাজত সজাগতা তথা পৰিৱেশ পৰিস্কাৰ, প্ৰদূষণ মুক্ত কৰি ৰখাৰ মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যৰে প্ৰজেক্ট – SHARP হাতত লোৱা হৈছে।” ক্লীনাৰ, গ্ৰীনাৰ আৰু হেলথী গেলেকী – মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ হ’বলগীয়া এই অভিযান পৰৱৰ্তী সময়ত নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত হাতত…
নিউজ ডেক্স,২৭ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰ জিলাৰ বেতবাৰীৰ বাকচুৰ কোঁচ গাঁও,কোঁৱৰ গাঁও,খেলুৱা গাঁও,দুৱৰী গাঁও,খেলুৱা কৈৱৰ্ত্ত গাঁও,মাউত মৌপিয়া গাঁও,শ্ৰীশ্ৰী কাৱৈমাৰি সত্ৰ,শ্ৰীশ্ৰী সাউদকুছি সত্ৰ আৰু শ্ৰীশ্ৰী আদ্যগজলা কোৰেখনা সত্ৰৰ ভাগৱত প্ৰেমী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ধিতাইপুখুৰীৰ বাকচু কোঁচগাঁৱৰ সৰুবিল খেলপথাৰ তথা বৃন্দাবন ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অহা ২৪,২৫আৰু২৬মাৰ্চত বাকচু অনুস্থিত কৰিবলৈ লোৱা হৈছে ভাগৱত ব্যাখ্যা মহোৎসৱ।এই ভাগৱত ব্যাখ্যা মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয় বাকচু কোঁচ গাঁৱৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত।এই লাইখুঁটা স্থাপন কাৰ্য্যসূচীৰ লাইখুঁটা স্থাপন কৰে সাউদকুছি সত্ৰৰ নামঘৰ পৰিচালনা সমিতিৰ হৰি মহন্ত,লগতে বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক জয়জ্যোতি গগৈ,অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি শইকীয়া।এই লাইখুঁটা স্থাপন…
নিউজ ডেক্স, ২৭ ফ্ৰেব্ৰুৱাৰী,২০২৩ : সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো ৰাজ্যিক কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম কৰ্মচাৰী পৰিষদে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এখনি প্ৰতিবাদী সভাৰ আয়োজন কৰে। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰা, ৰাজ্যিক কৰ্মচাৰীৰ বিনামূলীয়া চিকিৎসাসেৱা আঁচনি কাৰ্যকৰী কৰা , শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি, বিভিন্ন বিভাগৰ কনিষ্ঠ অভিযন্তাক এক্স-কেডাৰ পদ সৃষ্টিৰে পদোন্নতি দিয়া, সকলো বিভাগৰ চাকৰিৰ সেৱাবিধি প্ৰস্তুত কৰা, দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলে লাভ কৰা ফিক্সড টি এ আদায় দিয়া আদিকে ধৰি মুঠ ২১ দফীয়া দাবীৰে প্ৰতিবাদী সভা অনুস্থিত কৰাৰ লগতে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।…
নিউজডেক্স, ফ্ৰেব্ৰুৱাৰী ২৭, ২০২৩: পৃথিৱীৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো হাতী-মানুহৰ সংঘাত আৰু জৈৱবৈচিত্ৰৰ সংৰক্ষণ দুই বৃহৎ প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে । এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে যোৱা দেওবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে । বন্য প্ৰাণীৰ খাদ্যৰ অভাব আৰু বনাঞ্চলৰ দ্ৰুত হ্ৰাস হাতী-মানুহৰ সংঘাতৰ এক অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হয় । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী বিভূতি লহকৰে স্লাইডৰ জড়িয়তে অসমৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাত দুৰ কৰিবলৈ সংগঠনটোৱে কি কি কাৰ্যপন্থা হাতত লৈছে সেই বিষয়ে বিতংকৈ আলোচনা কৰে । তেওঁ উল্লেখ কৰা মতে, ২০১৮-২০২২ বৰ্ষত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী আৰু চৰাইদেউ জিলাত হাতী-মানুহৰ…
নিউজ ডেক্স,২৬ ফ্ৰেব্ৰুৱাৰী,২০২৩: আজি দ’লবাগান আঞ্চলিক ঈদগাহ ময়দানত উদ্যাপন কৰা হয় “দ্বীনি জলছা” । দ’লবাগান আঞ্চলিক আহমদীয়া মাদ্ৰাছাৰ হাফিজ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱা ছাত্ৰ সকলক আজিৰ এই অনুষ্ঠানত প্ৰদান কৰা হয় পাগুৰী। মাদ্ৰাছাৰ নতুন ভৱনৰ আধাৰশিলা উপলক্ষে দ’লবাগান আঞ্চলিকৰ অন্তৰ্গত সমূহ জামাত আৰু মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সৌজন্যত দিনজোৰা কাৰ্য্যসূচীৰে আয়োজিত হয় দ্বীনি জলছা। এই অনুষ্ঠানত তিনিজন ছাত্ৰক পাগুৰি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক মাজত কেইবাটাও শিতানত অনুষ্ঠিত কৰা হয় প্ৰদৰ্শনী।বহুসংখ্যক ইছলাম ধৰ্মীয়গুৰু উপস্থিত থকা উক্ত জলছাত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়৷
নিউজ ডেক্স,২৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰ জিলাৰ হাঁহচৰাৰ কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন সমন্বয় ক্ষেত্ৰত আজি সদৌ অসম ভিৰ্ত্তিত চেতিয়া সন্মিলনৰ লাইখুটা স্থাপন কৰা হয়। অহা ইংৰাজী ১,২আৰু৩ এপ্ৰিল তাৰিখত সদৌ অসম ভিৰ্ত্তিত অনুষ্ঠিত হ’ব এই অনুস্থান। ইয়াৰ বাবে পূৰ্ণ গতিত চলিছে ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সকলে। সমগ্ৰ অসমত সিঁচৰতি হৈ থকা চেতিয়া বংশধৰ সকলক একত্ৰিত কৰাৰ সংকল্পৰে শিৱসাগৰ হাঁহচৰাত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
অনামিকা বৰাৰ ফেচবুক প’ষ্টে কঢ়িয়াইছে সম্প্ৰীতিৰ বতৰা : ৪৪ বছৰ পূৰ্বে ধাৰলৈ লোৱা ১০ টকা ওভতাই দিবলৈ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত উপস্থিত হ’ল মংগল শ্বেখ,
নিউজ ডেস্ক , ২৫ ফ্ৰেব্ৰুৱাৰী,২০২৩ : অনামিকা বৰা নামৰ এগৰাকী ছাত্ৰীৰ এটা ফেচবুক প’ষ্টে পুনৰ এবাৰ আলোকিত কৰিছে অসমীয়া জনজীৱন৷ অগ্নিগৰ্ভা ঐতিহাসিক অসম আন্দোলনৰ সময় অৰ্থাৎ ১৯৭৯ চনৰ কথা। অগ্নিগৰ্ভা হৈ পৰা তেতিয়াৰ অসমখনত নিদ্ৰা হৰণ হৈছিল বহু পৰিয়ালৰ। জীৱনৰ তাড়নাত বহুতো পৰিয়ালে আত্মগোপন কৰিবলগীয়া হৈছিল।সেই সময়তে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰা নামৰ লোকজনৰ ঘৰত আশ্ৰয় বিচাৰি আহিছিল অঞ্চলটোত সৰু সৰু বেপাৰ-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে।যোগেন্দ্ৰনাথ বৰাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰা মুছলমান লোক কেইজনৰ মাজত আছিল মংগল শ্বেখো।নিশাটো বৰাৰ ঘৰতে পাৰ কৰাৰ পিছত পুৱতি নিশাই মুছলমান লোক কেইজনক কেনেবাকৈ কপিলী নৈ পাৰ কৰাই থৈ আহিছিল গৃহস্থ…
নিউজ ডেক্স,২৫ ফ্ৰেব্ৰুৱাৰী,২০২৩: নাজিৰাৰ ৰহদৈ পুখুৰীৰ শিৱসাগৰ কৃৰ্ষি বিজ্ঞান কেন্দ্ৰত যোৱা ৯ফেব্ৰুৱাৰী পৰা অনুস্থিত হোৱা কৃৰ্ষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ ২৪ ফ্ৰেব্ৰুৱাৰীৰ দিনা সামৰণি পৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ কেইবাগৰাকী কৃষি বিজ্ঞানীয়ে অংশ লোৱা এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎ,চৰাইদেউ জিলা কৃষি বিষয়া ৰবীন য়েন,নাজিৰা মহকুমা কৃষি বিষয়া খিৰেশ্বৰ শইকীয়া,শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ কৃষি বিজ্ঞানী ড° প্ৰদীপ সন্দিকৈ আৰু শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষিবিজ্ঞানী,প্ৰশিক্ষণ সমন্বয়ক ড° অৰুন্ধুতী বৰদলৈকে ধৰি আন বহু লোক ৷
নিউজ ডেক্স, ২৪ ফ্ৰেব্ৰুৱাৰী, ২০২৩: নাজিৰাৰ শিমলুগুৰিত যোৱা নিশা সংঘটিত হৈছে এক গাড়ী চুৰি ঘটনা। প্ৰণৱ সন্দিকৈ নামৰ এজন ব্যক্তিৰ এখন বলেৰ বাহনখন যোৱা নিশা তেওঁৰ ভাড়া ঘৰৰ পৰা চুৰি হয়। পুৱা প্ৰায় ৫ মান বজাত তেওঁৰ পৰিয়ালে যেতিয়া শুৱা পাটি এৰি বাহিৰলৈ আহে তেতিয়া তেওঁলোকে পূৰ্বৰ গাড়ী ৰখাই থোৱা স্থানত গাড়ী খন দেখা নাপাই স্বাভাৱিকতে শংকিত হৈ উঠে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ লগতে প্ৰণৱ সন্দিকৈয়ে গাড়ী খনৰ অনুসন্ধান কৰি কোনো সন্ধান নোপোৱাত শিমলুগুৰি আৰক্ষীৰ কাষ চাপে । চুৰি হোৱা বলেৰ খনৰ নম্বৰ হৈছে AS 04 1ED4864 । শিমলুগুৰি আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত যদিও তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানৰ লৈকে…

