Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
প্ৰাচীন কীৰ্তি চিহ্ন বেদখলমুক্ত আৰু সংৰক্ষণ কৰাৰ দাবীত শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ স্মাৰক পত্ৰ প্ৰদান
নিউজ ডেক্স, ২১ মাৰ্চ ২০২৩ : শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা প্ৰাচীন কীৰ্তি চিহ্ন সমূহ বেদখলমুক্ত আৰু উপযুক্ত সংৰক্ষণ কৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিয়ে আজি শিৱসাগৰ জিলা উপায়ুক্তক কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। সভাপতি সুশীল বৰুৱা আৰু সম্পাদক মনোজ কুমাৰ গগৈৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা অন্যান্য দাবী সমূহ হ’ল: (১) শিৱসাগৰ জিলা প্ৰশাসনে ২০১৪ চনৰ ১ জুলাইৰ দিনা তথা ” শিৱসাগৰ দিৱস ” ৰ উপলক্ষে তদানীন্তন উপায়ুক্ত এছ এছ মিনাক্ষী সুন্দৰম দেৱৰ কাৰ্যকালত তথ্য সম্বলিত এখন পুস্তিকা প্ৰকাশ কৰা হৈছিল। এই পুস্তিকা খনত শিৱসাগৰ জিলাৰ ( বৰ্তমানৰ শিৱসাগৰ আৰু চৰাইদেউ…
নিউজ ডেক্স, ২০ মাৰ্চ,২০২৩ : থলুৱা শিপিনীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে আজি নাজিৰা নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত বহিৰাজ্যৰ পৰা অহা লগতে শক্তি চালিত তাঁতশালত (powerloom) উৎপাদিত গামোচা বিক্ৰীৰ ওপৰত বাধা আৰোপ কৰাৰ উদ্দেশ্যে এক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। সেই মৰ্মে নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্তদ্বয় কল্যাণ জ্যোতি হাজৰিকা আৰু উপাসনা বৰাই হস্ততাঁত-বস্ত্ৰশিল্প বিভাগ আৰু আৰক্ষী বিভাগ সহযোগত নাজিৰা নগৰৰ বিভিন্ন সাজ-পাৰৰ দোকানত শক্তি চালিত তাঁতশালত তৈয়াৰী গামোচাৰ বিৰুদ্ধে অভিযান চলায়।
নাজিৰা মাদুৰিৰ জয়মতীৰ জন্মস্থানতেই ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ।
নিউজ ডেক্স, ১৯ মাৰ্চ,২০২৩ :নাজিৰা মাদুৰিৰ জয়মতীৰ জন্মস্থানতেই ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ। প্ৰাথমিক পৰ্য্যায়ত ৪কোটিটকাৰ ব্যয়ৰে নিৰ্মাণ কৰিব লগা জয়মতীৰ স্মৃতি ক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰিব ২৮ মাৰ্চত মন্ত্ৰী পিযুষ হাজৰিকাই।১৩ বিঘাকৈ মাটিত মহীয়সী জয়মতীৰ স্মৃতি ক্ষেত্ৰত নিৰ্মাণ হ’ব। এই জয়মতীৰ স্মৃতি ক্ষেত্ৰ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব নাজিৰাৰ ঐতিহাসিক মাদুৰিত।আজি এই সন্দৰ্ভত নাজিৰাৰ ঐতিহাসিক মাদুৰি জয়মতী স্মৃতি দিৱস উদ্যাপন স্থলীত অনুস্থিত হয় এখন সংবাদমেল।অহা ২৭আৰু ২৮মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে নাজিৰাৰ মাদুৰিত অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ উদ্যোগত,মাদুৰি জয়া স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি,মেছাগড় ,মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দলসংগঠনৰ সহযোগত উদ্যাপন কৰা হ’ব ৩৪৪সংখ্যক মহীয়সী…
নিউজ ডেক্স, ১৯ মাৰ্চ,২০২৩ : বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ৰাজ্যৰ সহস্ৰাধিক ঢুলীয়া-নাচনী l অসম চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমৰ প্ৰতিখন জিলাৰ পৰা সাজু হৈছে শতাধিক বিহুৱা বিহুৱতী৷ অংশগ্ৰহণ কাৰী প্ৰতিজন বিহুৱা বিহুৱতীক চৰকাৰে ১০৫০০/টকা প্ৰদান কৰিব ৷ ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলা ভিত্তিত আৰু ৯-১২ এপ্ৰিললৈ গুৱাহাটীৰ সৰুসজাইত কেন্দ্ৰীয় ভাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিগৰাকী বিহুৱা বিহুৱতীয়ে ব্যক্তিগত ভাবেও লাভ কৰিব গিণিজ বিশ্ব ৰেকৰ্ডৰ প্ৰমাণপত্ৰ৷ ১৪ এপ্ৰিলত অৰ্থাৎ গৰু বিহুৰ দিনা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে গুৱাহাটীত এই বিহু প্ৰদৰ্শন কৰা হ’ব ৷ বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশিক্ষণত ব্যস্ত হাজাৰ হাজাৰ বিহুৱা বিহুৱতী…
নাজিৰাত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ সদৌ অসম ছাত্ৰ সন্থাৰ।
নিউজ ডেক্স,১৩ মাৰ্চ,২০২৩ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা হোৱা কাণ্ডৰ প্ৰতিবাদত আজি নাজিৰাত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে।ছেবাৰ কৰ্মদক্ষতা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আজি নাজিৰাত আছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হোৱা ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰে ছাত্ৰ সংগঠনটোৱে।
নিউজ ডেক্স, ১০ মাৰ্চ,২০২৩ : শিৱসাগৰ জিলা শিক্ষা বিভাগৰ উদ্যোগত যোৱা ৮ মাৰ্চত শিৱসাগৰ যুৱদলত জিলা ভিত্তিত ইংৰাজী ভাষাত আয়োজিত ’’ প্ৰাদেশিক ভাষাৰ শিক্ষা ইংৰাজীত যোগাযোগৰ অন্তৰায় নহয়“ শীৰ্ষক বিষয়ৰ তৰ্ক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ফুলেশ্বৰী উঃ মাঃ বালিকা বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মিছ ৰজদা আফিফা হানুমে সাৱলীল ভাবে ইংৰাজী ভাষাত আগবঢ়োৱা বক্তব্যত মুগ্ধ হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত গৌৰৱেৰে এই কথা প্ৰচাৰ কৰে৷ উল্লেখ্য যে উক্ত বিদ্যালয়ৰে শিক্ষক তথা এসময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক প্ৰশান্ত শৰ্মাৰ তত্বাৱধানত ইংৰাজী কথন শিল্পত বিশেষ পাৰদৰ্শিতা লাভ কৰা ৰজদা আফিফা হানুমৰ ভাইৰেল ভিডিঅ’ই ৰাজ্যখনৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক উচ্ছসিত কৰি তুলিছে৷
নিউজ ডেক্স, ৯ মাৰ্চ,২০২৩: নাজিৰা নগৰত অত্যাধিক হাৰত পৌৰ কৰ বৃদ্ধিৰ বাবে নাজিৰা পৌৰসভাই চলোৱা প্ৰচেষ্টাৰ প্ৰতিবাদত যোৱা পাঁচ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা বৃহৎ ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে আজি নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ যোগেদি বৰ্দ্ধিত পৌৰ কৰ প্ৰত্যাহাৰৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷ এই স্মাৰকপত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘাল, স্থানীয় সাংসদ তপন গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া আৰু নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াকো প্ৰদান কৰা হয়৷ স্মাৰকপত্ৰ প্ৰদানৰ সময়ত নাজিৰা পৌৰসভাৰ সভানেত্ৰীয়ে কয় যে পৌৰকৰ বৃদ্ধিৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই আৰু এইক্ষেত্ৰত ৰাইজৰ মতামতক গুৰুত্ব সহকাৰে লোৱা হব যদিও চৰকাৰে পৌৰকৰ বৃদ্ধি…
নিউজ ডেক্স,৮ মাৰ্চ, ২০২৩: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে নাজিৰা মহকুমা প্ৰশাসনৰ:মহিলা কোষৰ উদ্যোগত আজি নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত “এমব্ৰেচ ইকুইটী”(Embrace Equity) শীৰ্ষক এখন সভা আয়োজন কৰা হয়। নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই সভাত নাজিৰা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ মহিলা মুৰব্বী বিষয়া সকল, বিশিষ্ট মহিলা সমাজ কৰ্মী সকল, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ মহিলা ৱাৰ্ড কমিছনাৰ সকল, নগৰীয়া আৰু গ্ৰাম্য অভিযান, বেচৰকাৰী প্ৰতিষ্ঠান সমূহত নিয়োজিত মহিলা সকল, অংগনৱাড়ী কর্মী সকল, মহিলা চাফাই কৰ্মী সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকল আৰু নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে। উপস্থিত বহু কেইগৰাকী মহিলাই নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা…
न्यूज डेस्क -6मार्च 2023 : नाजिरा नगरपालिका द्वारा शहर के वार्षिक कर दाताओं पर वार्षिक कर (टैक्स) की अप्रत्याशित वृद्धि किए जाने के विरोध में शहर कै दस वार्डो के अधीन स्थानीय नागरिकों द्वारा कल नाजिरा नाट्य मंदिर में एक जनसभा आयोजित की गई। हाल ही में नाजिरा नगरपालिका द्वारा जारी नए निर्देश के अनुसार नगरपालिका क्षेत्र के अधीन कर दाताओं पर नए टैक्स स्लैब के तहत पहले के मुकाबले कई गुना अधिक प्रस्तावित टैक्स से लोगों में तीखी प्रतिक्रिया देखी जा रही है। स्थानीय शिक्षाविद् एवं सामाजिक कार्यकर्ता प्रभात बरठाकुर की अध्यक्षता में आयोजित सभा में नई टैक्स व्यवस्था…
আজিৰ পৰা ৰাজ্যত আৰম্ভ হ’ল মেট্ৰিক পৰীক্ষা :ৰাজ্যৰ ৯১২টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে ৪২২১৭৪ জন পৰীক্ষাৰ্থী
নিউজ ডেক্স, ৩ মাৰ্চ,২০২৩ : আজিৰে পৰা ৰাজ্যত নতুন শিক্ষা নীতিৰে আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ১,৯৪,০৫৪ গৰাকী ছাত্ৰ আৰু ২,২৮,১২০ গৰাকী ছাত্ৰী। এইবাৰ বৰপেটা জিলাত সৰ্বাধিত ২৭,৬৪৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। মুখ্য বিষয় চাৰিটা- গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ দুটা খণ্ডৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।বিগত বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কিছু পৃথক৷ পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰৰ প্ৰশ্নকাকতো কিছু পৃথক ,কিয়নো চাৰি বিষয়ত ৪৫ নম্বৰ হ’ব অৱজেক্টটিভ৷ অৱজেক্টটিভ প্ৰশ্নৰ বাবে আছে সুকীয়া…

