Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজ ডেক্স, ১৭ ফ্ৰেব্ৰুৱাৰী ২০২৩ :  পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ৫ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হৈছে মহাশিৱৰাত্ৰি৷ আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ’লমুখ চাৰিআলিত আনুষ্ঠানিক ভাবে শিৱৰাত্ৰিমেলা  উদ্ধোধন কৰাৰ পিছত ১৮ ফ্ৰেব্ৰুৱাৰীৰ পুৱাৰ পৰাই শিৱদ’লত শিৱপূজা আৰম্ভ হব৷  শিৱৰাত্ৰিক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিবেশ৷ শিৱমেলাৰ বাবে দেশৰ বিভিন্ন ঠাইৰ পৰা শতাধিক ব্যৱসায়ীৰ  আগমণ ঘটাৰ লগতে শিৱৰাত্ৰি অংশ গ্ৰহণৰ বাবে বহু সংখ্যক সাধু সন্যাসী আৰু  পৰ্যটক শিৱসাগৰত উপস্থিত হোৱা দেখা গৈছে৷  ২১ নবেম্বৰত খাতনামা শিল্পী অনুৰাধা পাড়োৱালে “সত্যম শিৱম সুন্দৰম” শীৰ্ষক সংগীতানুষ্ঠানত ভাগ লব৷

Read More

নিউজ ডেক্স, ১৭ ফেব্ৰুৱাৰী,২০২৩ :  ৱাইল্ডলাইফ কনজাৰভেচন ছ’চাইটি অৱ ইণ্ডিয়াৰ  আমন্ত্ৰণক্ৰমে ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত পশ্চিমবঙ্গ, উৰিষ্যা, দিল্লী আৰু তামিলনাডুৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা উপস্থিত হোৱা বহু কেইজন সাংবাদিকে এক সাংবাদিক কৰ্মশালাত  অংশ গ্ৰহণ কৰে । ভাৰতবৰ্ষত বন্য জীৱ – জন্ত্তৰ সুৰক্ষা দিয়া, বন্য জীৱৰ আবাস স্থল সমূহৰ ৰক্ষণাবেক্ষণ ঘটোৱাৰ লগতে বিজ্ঞান ভিত্তিক চিন্তাৰ বিকাশেৰে জীৱ-জন্ত্তৰ সংৰক্ষণাত্মক কাৰ্য্য সাধন, শিক্ষা আৰু প্ৰকৃতিৰ মূল উপলব্ধি জগাই তোলা আদি লক্ষ্যত সাধাৰণ লোকক উৎসাহ যোগাই তুলিবলৈ যোৱা দহ বছৰে এই অনুষ্ঠানে ৰাষ্ট্ৰভিত্তিক কাৰ্য্যসূচী পালন কৰি আহিছে । গুৱাহাটীৰ হোটেল পেলেচিঅ’ত আয়োজিত বন্য জন্ত্তৰ চোৰাং সৰবৰাহ প্ৰতিৰোধ শীৰ্ষক কাৰ্য্যসূচীত উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবঙ্গত বন্য-প্ৰাণীৰ চোৰাং…

Read More

নিউজ ডেক্স,১৬ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : যোৱা বুধবাৰে  আইচিচি ৰেংকিঙত প্ৰথমবাৰৰ  ভাৰত টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানলৈ উন্নীত হোৱাৰ  কথা ঘোষণা কৰা হৈছিল৷ ইয়াৰ আগতে ক্ৰিকেটৰ আন দুটা সংস্কৰণত ভাৰত এক নম্বৰ দল আছিল। অৰ্থাত্‍, ভাৰত একে সময়তে তিনিটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত উপনীত হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়। আইচিচিয়ে এক বিবৃতিত কয়, “২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত এক চমু কাৰিকৰী বিজুতিৰ বাবে ভাৰতক আইচিচি ৱেবছাইটত এক নম্বৰ দল হিচাপে দেখুওৱা হৈছে। এনে ত্ৰুটিৰ বাবে মই ক্ষমা বিচাৰিছো।” সংশোধিত ৰেংকিং অনুসৰি অষ্ট্ৰেলিয়া এতিয়াও টেষ্ট ৰেংকিঙৰ শীৰ্ষত আছে।   বৰ্তমানলৈকে  দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ তিনিওটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত থকা একমাত্ৰ দল হিচাপে অভিলেখ এতিয়াও অটুত…

Read More

নিউজ ডেক্স, ১৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ :এক গুৰুত্বপূৰ্ণ অভিযোগ উণ্থাপিত হৈছে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে। এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই  সামাজিক মাধ্যমত  অভিযোগ কৰিছে যে, পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে ১৬ লাখকৈ টকা লৈছিল সমুজ্জ্বল ভট্টাচাৰ্যই৷ সামাজিক মাধ্যমত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই অভিযোগ কৰিছে যে- এনআৰচি কেলেংকাৰীত জড়িত আছিল সমুজ্জ্বল ভট্টাচাৰ্য। আৰু এই কেলেংকাৰীৰ ভাগ হিচাপেই ভট্টাচাৰ্যই লৈছিল এই ধন।হিতেশ দেৱ শৰ্মাই ফেচবুক পোষ্টটোত কয় যে  ‘আঢ়ৈ বছৰৰ বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলো। বেছ দীঘলীয়া সময়। আছুৰ নেতৃত্বই মোক এবাৰো লগ নকৰিলে। অথচ ময়েই এন আৰ…

Read More

নিউজ ডেক্স,১৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ :  ভাৰতীয় ক্ৰিকেট দলে তিনিওটা ফৰ্মেটতে আই চি চি ৰেংকিঙৰ শীৰ্ষস্থানত আৰোহণ কৰিছে আাই চি চি ৰ শেহতীয়া ৰেংকিঙ অনুসৰি টেষ্ট, এদিনীয়া, আৰু টি-২০ত ভাৰতে ক্ৰমে ১৫, ১১৪, আৰু ২৬৭ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত আছে।এই কৃতিত্ব অৰ্জন কৰা এছিয়াৰ প্ৰথমটো দল হিচাপেও পৰিগণিত হৈছে ভাৰত।এইদৰে দক্ষিণ আফ্ৰিকাৰ পিছত একেসময়তে আইচিচিৰ তিনিওটা ফৰ্মেটতে শীৰ্ষস্থান দখল কৰা দ্বিতীয়টো দলত পৰিণত হৈছে ভাৰত। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেৱল দক্ষিণ আফ্ৰিকাই ২০১৪ চনত এই কৃতিত্ব অৰ্জন কৰিছিল।

Read More

নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰী৷ ৩০২৩ : অসমত চিকিৎসা সেৱা বিষয়ত অধ্যয়ন কৰিব খোজা   ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুখবৰ ৷ ৰাজ্যৰ চিকিত্‍সা মহাবিদ্যালয় সমূহত MBBS শিক্ষা গ্ৰহণৰ বাবে ১০০ খন আসন বৃদ্ধি কৰা হৈছে৷ উল্লেখযোগ্য যে, পূৰ্বৰ ১২০০ আসনৰ ঠাইত বৃদ্ধি পাই এতিয়া অসমত MBBS ৰ সৰ্বমুঠ আসন ১৩০০ লৈ বৃদ্ধি পালে।যোৱা মঙলবাৰে কোকৰাঝাৰ চিকিত্‍সা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মেডিকেল আয়োগে  ১০০ খন আসন বৃদ্ধি অনুমোদন প্ৰদান কৰাৰ কথা  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে  অৱগত কৰে কৰে।

Read More

নিউজ ডেক্স,১৫ ফ্ৰেব্ৰুৱাৰী ২০২৩ : : সমগ্ৰ অসমত বাল্য বিবাহ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখনে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ তথা  মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আদিত ডুব গৈ থকা ৰাইজক আৰু এবুকু সমস্যাত পোত খুৱাই তেওঁলোকৰ সাংসাৰিক জীৱনত  জুই লগোৱাৰ স্বাৰ্থত বাল্য বিবাহৰ নামত হাজাৰ হাজাৰ লোকক জেলত ভৰাই হাৰাশাস্তি কৰি আছে।এই কথা  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিয়া ৰায়দানৰ জৰিয়তে পুনৰবাৰ প্ৰমাণিত হ’ল। ন্যায়ালয়ে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰিছে আৰু স্পষ্টকৈ উল্লেখ কৰিছে যে, চৰকাৰে বাল্য…

Read More

নিউজ ডেক্স,১৫ ফেব্ৰুৱাৰী,২০২৩: নাজিৰা মহকুমাৰ মহকুমাধিপতি তথা মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া আয়ুষী জৈনৰ অধ্যক্ষতাত আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।উক্ত  সভাত নাজিৰা মহকুমা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগ সমূহে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মোকাবিলা কৰিব পৰাকৈ লব লগা কাৰ্যব্যৱস্থাৰ পূৰ্বপ্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় । মহকুমাধিপতিয়ে বানপানী, ধুমুহা আদিৰ সময়ত  আশ্ৰয় শিৱিৰ স্থাপন কৰা আৰু আশ্ৰয় শিৱিৰ সমূহৰ বাবে পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগক আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বীজাণুনাশক পৰ্যাপ্ত পৰিমাণে মজুত ৰখাটো সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে শক্তি বিভাগক বানপানীত বুৰ যোৱাৰ সম্ভাৱনা থকা অঞ্চল…

Read More

न्यूज डेस्क-15फरवरी2023 : गुवाहाटी हाईकोर्ट ने राज्य में बाल विवाह से जुड़े विभिन्न मामलों में आरोपियों को अग्रिम जमानत देने के साथ ही कहा है कि ये ऐसे मामले नहीं है जिसमें आरोपियों को हिरासत में लेकर पूछताछ की जाए। गुवाहाटी हाईकोर्ट के न्यायमूर्ती सुमन श्याम ने कहा कि अगर कोई शादी कानून का उल्लंघन कर के हुई है तो कानून अपना काम करेगा, इस तरह के मामले कोई नए नहीं हैं और ये सब बहुत पहले से होता आ रहा है। हाईकोर्ट ने बाल विवाह विरोधी अभियान चलाने के दौरान पुलिस की कार्य प्रणाली पर नाराजगी जाहिर की। कोर्ट…

Read More

নিউজ ডেস্ক, ১৫ ফ্ৰেব্ৰুৱাৰী,২০২৩:  আজি ৰাজ্যজুৰি পালন কৰা হৈছে মিচিং জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ আলি-আঃয়ে-লৃগাং ৷কৃষিজীৱি মিচিং লোকসকলে  প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উত্‍সৱ পালন কৰে। আঃয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাত্‍ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন৷ এই দিনটোৰ পৰাই মিচিং লোকসকলে ধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে।শস্যৰ অধিক উত্‍পাদন কামনা কৰি এইউত্‍সৱৰ দিনটোত সকলো মিচিং জনগোষ্ঠীয় লোকে ইষ্ট দেৱতাক পূজা অৰ্চনা কৰি সমূহীয়া ভাবে পৰম্পৰাগত ৰীতি নীতিৰে ভোজ…

Read More