Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
ঐতিহাসিক কাৰেংঘৰত শৌচালয়/প্ৰসাৱগাৰৰ দুৰাৱস্থাত জীয়াতু ভূগিছে পৰ্যতকে : নিদ্ৰাৰত পৰ্যতন আৰু পুৰাতত্ত্ব বিভাগ
নিউজডেক্স,৫ডিচেম্বৰ,২০২৫ : নাজিৰা মহকুমাৰ গড়গাঁওত থকা আহোম স্বৰ্গদেউ সকলৰ স্মৃতি বিজড়িত ঐতিহাসিক কাৰেং ঘৰ দৰ্শনৰ বাবে দেশে বিদেশী বহু পৰ্যতক আহে যদিও ইয়াৰ চৌহদত থকা শৌচালয় তথা প্ৰসাৱগাৰৰ দুৰাৱস্থাৰ বাবে পৰ্যতকে জীয়াতু ভূগিবলগীয়া হয়৷ বিগত বহু দিনৰ পৰা এই শৌচালয় তথা প্ৰসাৱগাৰত পানী যোগান নথকাৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হৈছে৷ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ দৰে মৌলিক সুবিধাৰ অভাৱত পৰ্যতক তথা দৰ্শনাৰ্থীয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে।আহোম স্বৰ্গদেউ সকলৰ দিনৰ চৰাইদেউৰ মৈদাম ক্ষেত্ৰক ইউনেস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ( ৱল্ড হেৰিটেজ চাইট) ৰূপে ঘোষণা কৰাৰ সময়তে আহোমৰ ৰাজধানী গড়গাঁওৰ কাৰেংঘৰৰ চৌহদত পৰ্যতকৰ বাবে শৌচালয় আৰু প্ৰসাৱগাৰৰ ব্যৱস্থা নথকাটো কেৱল দুখজনকেই নহয়…
নাজিৰা পৌৰসভাৰ অভিলাষী প্ৰকল্প : গান্ধী ময়দানৰ কাষত নিৰ্মাণ কৰা হব অত্যাধুনিক ভেণ্ডিং জ’ন
নিউজডেক্স,৫ডিচেম্বৰ,২০২৫ :নাজিৰা পৌৰসভাই নাগৰিক সকলৰ সুবাধাৰ্থে নাজিৰা গান্ধী ময়দানৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰি প্ৰায় ৫০ লাখ টকা ব্যয়েৰে ইয়াত এখন অত্যাধুনিক উদ্যান নিৰ্মাণ কৰাৰ লগতে উক্ত উদ্যানত দুই এপদ খেলা-ধূলা আৰু কচৰৎ সামগ্ৰী ৰখাৰো পৰিকল্পনা কৰিছে৷ আনহাতে এই উদ্যানত জেষ্ঠ নাগৰিক সকলৰ প্ৰাতঃ আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৌপাশে পদপথৰ ব্যৱস্থা কৰা হ’ব বুলি পৌৰ কৰ্তৃপক্ষই আমাক অৱগত কৰে৷ তদুপৰি নগৰখনৰ ক্ৰমবৰ্ধিত যান-জঁট ৰোধৰ বাবে গান্ধী ময়দানৰ সমীপত প্ৰায় ছয় লাখ টকা ব্যয়েৰে এটা বিক্ৰয় এলেকা ( ভেণ্ডিং জন) নিৰ্মাণ কৰি তালৈ নগৰখনৰ মূল পথৰ দাঁতিত য’তে ত’তে সৰু সৰু গাড়ী,ঠেলা ইত্যাদিত ফাৰ্ষ্ট ফুড জাতীয় খাদ্য সামগ্ৰী বিক্ৰী কৰা ক্ষুদ্ৰ…
নিউজডেক্স,২ডিচেম্বৰ,২০২৫ :অসমীয়া জাতিৰ জনক তথা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মহান আদৰ্শ আৰু অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই আজি তেখেতৰ স্মৃতিত অসম দিৱসৰ ঐতিহাসিক দিনটোক স্মৰণ কৰি , টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত তথা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিৰ সহযোগত নাজিৰা চাৰি আলিৰ সমীপত নিৰ্মাণ কৰা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ শুভ উদ্ধোধন কৰে অসম চৰকাৰৰ জল সম্পদ , তথ্য , জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে দুশ গৰাকী মুলঙৰ দ্বাৰা বানফি পূজা অনুষ্ঠিত কৰাৰ পিছতে প্ৰতিমূৰ্তি উন্মোচন স্থানৰ পৰা নাজিৰা খেলপথাৰ লৈ এক সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়। অসম দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগ,…
জাঁজিৰ পৰা সোণমণি বৰঠাকুৰ,১৮ নবেম্বৰ,২০২৫ :অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন শিল্পী গৰাকীৰ অনুপষ্ঠিতিত প্ৰথম বাৰৰ বাবে জাঁজিৰ পিতৃ ভিঠা ককাক ঁ কুমুদ বৰঠাকুৰৰ বাস গৃহৰ সমুখৰ তামুলীছিগা ঘনকান্ত বৰা মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ অধীনত ১৮/১১/২০২৫ তাৰিখে অনুষ্ঠিত কৰা হয় ।এই উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অধ্যক্ষ দেৱজিত বৰাৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰকাশ বৰঠাকুৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আদ্য দেওপানী গজলা সত্ৰৰ সত্ৰীয়া , জ্যেষ্ঠ সাংবাদিক দেৱকুমাৰ মহন্তই এটি বক্ ফুলৰ পুলী ৰোপন কৰি জুবীন গাৰ্গৰ প্ৰকৃতি…
নাজিৰাত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন : নাজিৰা সাংবাদিক মঞ্চৰ নতুন কাৰ্যালয় উদ্ধোধন
নিউজডেক্স, ১৬ নৱেম্বৰ,২০২৫ : নাজিৰা প্ৰেছ ক্লাব,নাজিৰা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত তথা নাজিৰা সাংবাদিক মঞ্চ আৰু সমজিলা প্ৰশাসনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি নাজিৰা এম.চি. ক্লাৱত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত —“বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান” শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰি চাৰিঙৰ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিদ্যানন্দ বৰকাকতিয়ে বৰ্তমান সময়ত সংবাদ ক্ষেত্ৰখনে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বিশদ ভাবে আলোচনা কৰে৷ তেখেতে সংবাদসেৱী সকলক সকলোক্ষেত্ৰতে সচেষ্ট আৰু সতৰ্ক হৈ নিৰপেক্ষ ভাবে সংবাদ পৰিবেশন কৰিবৰ বাবে আহ্বান জনায়৷ ভুল আৰু মিছা তথ্যৰে বাতৰি…
নাজিৰা পৌৰসভাই অপৰিকল্পিত ভাবে নিৰ্মাণ কৰিবলৈ লোৱা “মাষ্টাৰ ড্ৰেইন”ৰ বিসংগতিৰ বিৰুদ্ধে নাগৰিকৰ প্ৰতিবাদ: সম জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান
নিউজডেক্স,১৪ নবেম্বৰ,২০২৫ : শত বৰ্ষ গৰকা নাজিৰা নগৰখন পৌৰসভাৰ অদূৰদৰ্শী পদক্ষেপৰ বাবে বিগত বহুদিন ধৰি এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যোৱাত স্থানীয় জনসাধাৰণ বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ নগৰখনৰ স্বাভাবিক জল নিস্কাষণৰ পথ ৰুদ্ধ কৰি য’তে ত’তে অপৰিকল্পিত ভাবে ঘৰ নিৰ্মাণৰ অনুমতি দিয়াৰ ফলশ্ৰুতিত দিনক দিনে নগৰখনত কৃত্ৰিম বানৰ সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷নগৰখনৰ দহটা ৱাৰ্ডৰ প্ৰায় সকলো ৱাৰ্ড বিশেষকৈ ২ ,৩ ,৪, ৫, ৭, ৮, ৯ আৰু ১০ নং ৱাৰ্ডৰ বাসিন্দাই দীৰ্ঘদিন ধৰি কৃত্ৰিম বানত জীয়াতু ভূগাৰ লগতে এজাক ডাঙৰ বৰষুণ হলেই এই অঞ্চলৰ বহু ঘৰ বাৰীৰ লগতে বাট পথ সমূহো পানীত ডুব যায়৷নগৰ খনৰ জনতাই বিগত বহু দিনৰ…
নাজিৰা ৰাজহ চক্ৰত ব্যাপক দুৰ্নীতি আৰু জালিয়াতি : ৬২ বছৰৰ পিছতো ভুৱা নথিৰে চাকৰি কৰি থকাৰ অভিযোগ
নিউজডেক্স,৯ নৱেম্বৰ,২০২৫ :গৰাকীৰ অজ্ঞাতে জালিয়াতিৰে আনৰ নামলৈ ভূমি হস্তান্তৰিত কৰি চৰ্চাত থকা নাজিৰা ৰাজহ চক্ৰৰ এচাম দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীৰ বাবে স্থানীয় ৰাইজ দীৰ্ঘদিন ধৰি বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে৷৷ চৰকাৰে ৰাইজৰ সুবিধাৰ্থে ভূমি সমস্যা সমাধানৰ বাবে অনলাইন পদ্ধতিৰ প্ৰয়োগ কৰি ৰাইজক সকাহ দিয়াৰ প্ৰয়াস চলাইছে যদিও নাজিৰা ৰাজহ চক্ৰত নিজৰ কোনো কাম কৰাবৰ বাবে আজিও ৰাইজে দীৰ্ঘদিন ধৰি তাঁতবাতি কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কথা৷ ৰাজহ চক্ৰটোত জনৈক গোহাঁই, সন্দিকৈ আৰু দুৱৰা উপাধিৰ কৰ্মচাৰী কেইজনে চৰকাৰী নিৰ্দ্দেশনা আওকাণ কৰি “কৰোবাৰ কৃপাত” একেখন চকীতে বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকাৰ অভিযোগো উণ্থাপিত হৈছে৷ আনহাতে কাৰ্যালয়টোত খুঁটি পুতি বহা এনে একাংশ কৰ্মচাৰীয়ে নিজৰ মন…
অসম-অৰুণাচল সীমান্তবৰ্তী সাপেখাতীৰ খেৰবাৰী সাপ্তাহিক বজাৰক লৈ দুয়োখন ৰাজ্যৰ জনসাধৰণৰ মাজত সংঘাট অব্যাহত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰ্থনৈতিক অৱৰোধ ৰ হুংকাৰ
নিউজডেক্স,৭নৱেম্বৰ,২০২৫ :চৰাইদেউ জিলাৰ সাপেখাতী মৌজাৰ খেৰবাৰী সাপ্তাহিক বজাৰক লৈ অসম আৰু অৰুণাচল প্ৰদেশৰ জনসাধৰণৰ মাজত সংঘাট অব্যাহত আছে। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ কানুবাৰীত বছৰ বছৰ ধৰিপ্ৰতি বৃহস্পতি বজাৰ অনুষ্ঠিত হৈ আহিছিল। কিন্তু ৭ মাহৰ পূৰ্বে অৰুণাচল প্ৰশাসনে অসমৰ পৰা যোৱা ব্যৱসায়ীৰ লগতে ক্ৰেতা বিক্ৰীতাৰ ইনাৰ প্ৰামিট বাধ্যতামূলক বুলি উল্লেখ কৰাত বৃহস্পতি বাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰ খনি বন্ধ হৈ পৰে।উপায়ন্তৰ হৈ অসমৰ ব্যৱসায়ী সকলে অৰুণাচল কানুবাৰীৰ গাতে লাগি থকা খেৰবাৰীত বৃহস্পতি বাৰে বজাৰ খন অনুষ্ঠিত কৰে। দুয়োখন ৰাজ্যৰ জনসাধৰণে সাত মাহ ধৰি সমিল মিলে ব্যৱসায় বাণিজ্য কৰি আহিছিল। হঠাৎ অৰুণাচল প্ৰদেশৰ প্ৰশাসনে যোৱা বৃহস্পতি বাৰে বজাৰ খনি মুকলি কৰা…
নিউজডেক্স,৫ নবেম্বৰ,২০২৫ :অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাই, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আত্মীয় অজিৎ হাজৰিকাও আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ পিছতে নাজিৰা সমজিলাৰ নবীন-প্ৰবীণ শিল্পী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীকে ধৰি উপস্থিত প্ৰায়…
নাজিৰা ৰাজহ চক্ৰত ব্যাপক ভূমি কেলেংকাৰী : গৰাকীৰ অজ্ঞাতেই আনলৈ হস্তান্তৰিত হ’ল কোটিটকীয়া ভূমি
নিউজডেক্স, ৪ নবেম্বৰ,২০২৫ : নাজিৰা ৰাজহ চক্ৰৰ ধোপাবৰ মৌজাৰ লুথুৰী গাঁওৰ ৭১ নং ম্যাদী পট্টাৰ ৩৫৯ নং দাগৰ ৩ কঠা, ১২৫ নং ম্যাদী পট্টাৰ ৩৬০ নং দাগৰ ১ কঠা ১৯ লোচা আৰু ২০১ নং ম্যাদী পট্টাৰ তাবৎ ৩ বিঘা ১ কঠা ৮ লোচা, মুঠ ৪ বিঘা ১ কঠা ৭ লোচা ভূমিৰ মূল পট্টাদাৰ ঁ চৈয়দা সোণামাই বেগম তথা তেওঁৰ উত্তৰাধিকাৰীৰ অজ্ঞাতে জালিয়াতিৰে আন ব্যক্তিৰ নামত নামজাৰি কৰাৰ ভয়ঙ্কৰ অভিযোগ উণ্থাপিত হৈছে৷ এই সন্দৰ্ভত চৈয়দা সোণামাই বেগমৰ উত্তৰাধিকাৰীয়ে নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰা এক আবেদনৰ প্ৰতুত্তৰত এই ভয়ঙ্কৰ অনিয়ম আৰু জালিয়াতিৰ তথ্যৰ লগতে এই বিষয়ত কাৰ্যালয়টোৰ ‘হাতৰ জমাবন্দী’ আৰু …

