Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নাজিৰা বিধান সভা সমষ্টিত অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ পুঁজি বিতৰণৰ শুভ উদ্বোধন
নিউজডেক্স,৭অক্টোবৰ,২০২৫ :আজি সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা বিধান সভা সমষ্টিতো অৰুণোদয় আঁচনিৰ যোগেদি বুনিয়াদী অৰ্থনীতি সবলীকৰণ কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ “অৰুণোদয় ৩.০” ৰ পুঁজি বিতৰণৰ শুভ উদ্বোধন কৰা হয়। নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আজিৰ এই সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নাজিৰাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়া আৰু নাজিৰা পৌৰসভাৰ কাৰ্যবাহী বিষয়া দিব্যা সোনাৰ।উল্লেখযোগ্য যে, নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৫৩টা ভোট গ্ৰহণ কেন্দ্ৰত আজি অৰুণোদয় ৩.০ ৰ পুঁজি বিতৰণৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাতে গুৱাহাটীস্থ খানাপাৰা পশু চিকিৎসা বিজ্ঞান…
নিউজডেক্স, ৪ অক্টোবৰ, ২০২৫: অন্ন সেৱা দিন উদযাপনৰ অংশস্বৰূপে, নাজিৰাৰ সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম আৰু সহকাৰী আয়ুক্ত তথা খাদ্য ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক,কল্যাণজ্যোতি হাজৰিকাই আজি নাজিৰা সম-জিলাৰ বিভিন্ন সুলভ মূল্যৰ দোকান (FPS) পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত কেইবাগৰাকী বিভাগীয় কৰ্মচাৰী উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ত, সম-জিলা আয়ুক্ত গৰাকীয়ে দোকান সমূহৰ ষ্টক ৰেজিষ্টাৰ, বিতৰণ ৰেকৰ্ড আৰু আন প্ৰাসংগিক নথিপত্ৰসমূহ পৰীক্ষা কৰে। লগতে, হিতাধিকাৰীসকলক বিতৰণ কৰা চাউলৰ গুণগত মান আৰু পৰিমাণো পৰীক্ষা কৰে।তদুপৰি তেখেতে কেইবাজনো হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে আৰু নিয়ম অনুসৰি নিজৰ প্ৰাপ্য অংশ লাভ কৰিছে নে নাই, সেইটো নিশ্চিত কৰে। লগতে সম-জিলা আয়ুক্ত গৰাকীয়ে, বিতৰণ প্ৰক্ৰিয়াত…
নিউজডেক্স,২অক্টোবৰ,২০২৫ : আজি নাজিৰা নগৰৰ মাজমজিয়াত থকা বশিষ্ট গংগা খ্যাত দিখৌনৈৰ ঘাটত বিসৰ্জন দিয়া হয় দেৱী দূৰ্গাৰ প্ৰতিমাৰ । প্ৰশাসনে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলী পালন কৰি সকলো আয়োজক সমিতিয়ে বিসৰ্জন দিয়ে প্ৰতিমা সমুহ । প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা নাজিৰাৰ দিখৌ নৈৰ পাৰ ঘাটত যথেষ্ট সংখ্যক আৰক্ষী ,এছ ডি আৰ এফ, আৰু চিভিল ডিফেন্সৰ লোক মোতায়ন কৰা হয় । বৃহত্তৰ নাজিৰা অঞ্চলৰ লিগিৰী পুখুৰী , ষ্টেচন তিনিআলি , কলেজ তিনিআলি , নাজিৰা মিলন মন্দিৰ , নাজিৰা পূজা মন্দিৰ , নাজিৰা চাৰিআলিকে ধৰি বিভিন্ন স্থানৰ পৰা অহা…
অসমীয়াৰ প্ৰাণৰ স্পন্দন, জন শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ্থে নাজিৰাৰ আমোলাপট্টীত মহা নাম-প্ৰসঙ্গ
নিউজডেক্স,২৯চেপ্তেম্বৰ,২০২৫: নাজিৰা আমোলাপট্টীবাসী ৰাইজৰ সহযোগত আজি আমোলাপট্টিত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনটোতেই পালন কৰা হয় মহা নাম-প্ৰসঙ্গ৷অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন – জনতাৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনৰে পৰা শোকস্তব্ধ হৈ পৰা জনতাই তেৰাৰ আত্মাৰ চিৰশান্তি কামনাৰে বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত থকাৰ লগতে মহান শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সৰ্বস্তৰতে উত্থাপন হৈছে । শোকত ম্ৰিয়মান জনতাই শিল্পী জনাৰ বৈকুণ্ঠ গামী হোৱাৰ আজি একাদশ দিনা আদ্যশ্ৰাদ্ধৰ দিনটোতে নাজিৰা আমোলাপট্টী বাসী ৰাইজৰ সহযোগত আমোলাপট্টিত মহা নাম-প্ৰসঙ্গৰ আয়োজন কৰে৷ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছতেই মহা নাম-প্ৰসঙ্গ অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা…
শিমলুগুৰিত অভিনৱ কায়দাৰে ৪০লাখ টকা চুৰি : আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে ১৪লাখ ৭৩হাজাৰ টকা
নিউজডেক্স,২৭চেপ্তেম্বৰ,২০২৫ : যোৱা শুক্ৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা ৪০ লাখ টকা হৰলুকি হয় । ব্যৱসায়ীজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ কৰ্মচাৰী বিক্ৰাণ জচোৱাল আৰু এজন অচিনাকি ব্যক্তিয়ে চোৰ কৰি নিছিল ৪০ লাখ টকা । পৰৰ্ৱতী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে এই বিষয়ে শিমলুগুৰিৰ আৰক্ষীক অৱগত কৰিছিল । শিমলুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা , উপ-পৰিদৰ্শক বেদান্ত বুঢ়াগোঁহাই আৰু নাজিৰাৰ সমজিলা আৰক্ষী অধীক্ষক তুষাৰ দেশায়ে অভিযান চলাই বিকাশ কুমাৰৰ গাড়ী চালক শিমলুগুৰিৰ অভয়পুৰীয়াৰ বিতু গগৈক আটক কৰাৰ পিছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰাণ জচোৱাল আৰু অচিনাকি ব্যক্তি এগৰাকীয়ে ৪০লাখ টকা চুৰ…
নিউজডেক্স,২৬চেপ্তেম্বৰ,২০২৫ :ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা অসম চৰকাৰৰ “সেৱাই সমৰ্পণ: সেৱা সপ্তাহ” কাৰ্যসূচীৰ অংশস্বৰূপে আজি নাজিৰা বিধানসভা সমষ্টিৰ বাবে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত “শুশ্ৰূষা সেতু” শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্রতিছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইয়ে । এই উদ্ধোধনী অনুষ্ঠানত নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, ডিমৌ সমজিলা আয়ুক্ত মীনাক্ষী পের্মে, শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত পৰিশ্মিতা দিহিঙ্গীয়া, নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্তদ্বয় অৰুণাভ সোণোৱাল আৰু কল্যাণ জ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ…
নাজিৰাৰ বিভিন্ন স্থানত অসমীয়াৰ হিয়াৰ আমঠু, অমৃত কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি : শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল
নিউজডেক্স ২০ চেপ্তেম্বৰ,২০২৫ : দৰদী শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত নাজিৰাত আজি স্বত: স্ফূত ভাবে সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে সন্ধিয়া নাজিৰা নগৰৰ বিভিন্ন স্থানৰ লগতে নাজিৰা দৈনিক বজাৰৰ সন্মুখত বীৰ লাচিত সেনৰ লগতে নাজিৰা সাংবাদিক মঞ্চ , টাইপা, অসমীয়া যুৱ মঞ্চ আৰু স্থানীয় ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ জুবিন ফেন ক্লাৱ আৰু স্থানীয় ৰাইজে মবাইল টৰ্চ জ্বলাই নাজিৰাত এক শান্তি সমদলো বাহিৰ কৰে৷ জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি শ্যামকানু মহন্তৰ বিৰুদ্ধে নামতিৰ প্ৰভাকৰ ফুকনৰ শিৱসাগৰৰ আৰক্ষী অধীক্ষকক এজাহাৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি নামতিৰ প্ৰভাকৰ ফুকনৰ শিৱসাগৰ আৰক্ষী অধীক্ষকক নামতি…
নাজিৰাত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান , বাল্য বিবাহ আৰু গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা সন্দৰ্ভত সজাগতা সভা সম্পন্ন
নিউজডেক্স,৪চেপ্তম্বৰ,২০২৫ : শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত তথা স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ সহযোগত আজি নাজিৰা নাট্য মন্দিৰত “মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান,বাল্য বিবাহ আৰু গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা শিশু সুৰক্ষা বিষয়া ড° বিকাশ ৰঞ্জন কোঁৱৰে কয় যে, বাল্য বিবাহ আইনমতে নিষিদ্ধ আৰু দণ্ডনীয়। বাল্য বিবাহৰ চিকাৰ হোৱা শিশু সকলৰ শাৰীৰিক, বৌদ্ধিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হোৱাৰ লগতে প্ৰসূতি মাতৃৰ মৃত্যু হাৰ (MMR) আৰু নৱজাতকৰ মৃত্যু হাৰ (IMR) বৃদ্ধি হোৱাটো পৰিলক্ষিত…
নিউজডেক্স , ২৫ আগষ্ট,২০২৫ : নাজিৰাৰ শিমলুগুৰিত দিখৌ নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷। এই খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে শিমলুগুৰি নগৰৰ লগতে ইয়াৰ উপকণ্ঠীয় অঞ্চল সমূহলৈ৷ শিমলুগুৰিৰ নগৰৰ মাজতে থকা বুধবৰীয়া বজাৰৰ লগতে তেতেলিগুৰিতো দিখৌৰ ক্ৰমবৰ্দ্ধিত খহনীয়াই এই অঞ্চলৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে৷ অপৰিকল্পিতভাৱে কিছুদিনৰ আগতে নিৰ্মাণ কৰা তেতেলিগুৰিৰ পৰা মাষ্টৰচুক সংযোগী মথাউৰি তথা পথটোৰ বহু অংশ নিম্নমানৰ কামৰ বাবেই দিখৌ নৈৰ বুকুত বিলীন হোৱাত উক্ত অঞ্চলৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে এই গৰাখহনীয়া ৰোধৰ বাবে বিশেষ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ নকৰাত ৰাইজ শঙ্কিত আৰু ক্ষোধিত হৈ পৰিছে৷
নিউজডেক্স, ২০আগষ্ট,২০২৫: বিগত বহু দিনৰ পৰা নাজিৰাৰ বিভিন্ন স্থানত অব্যাহত আছে দিখৌ নৈৰ গৰাখহনীয়া। কাণসাৰ নাই ৰাজ্যৰ জলসম্পদ বিভাগৰ। নাজিৰাৰ বিহুৱৰ ,শিমলুগুৰি ইত্যাদি স্থানত দিখৌ নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷। এই খহনীয়াৰ ফলত বিহুৱৰ গড়মূৰ পজাবস্তিত চপৰা চপৰে খহিছে দিখৌ নৈৰ গৰা। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। আনহাতে দিখৌ নৈত শিল, বালিৰ অবাধ খননে এই অঞ্চল সমূহলৈ বিপদ চপাই আনিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে স্থানীয় ৰাইজে। আনহাতে শিমলুগুৰিৰ বুধবৰীয়া বজাৰৰ লগতে তেতেলিগুৰিতো দিখৌৰ ক্ৰমবৰ্দ্ধিত খহনীয়াই এই অঞ্চলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ অপৰিকল্পিতভাৱে কিছুদিনৰ আগতে নিৰ্মাণ কৰা তেতেলিগুৰিৰ পৰা মাষ্টৰচুক সংযোগী মথাউৰি তথা পথটোৰ বহু অংশ নিম্নমানৰ কামৰ…

