Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নাজিৰাৰ কমলাবাৰী বনভোজ স্থলীত শিশুৰ লগত অন্তৰংগ আলাপ মহকুমাধিপতি আয়ুষী জৈনৰ : ট্ৰেকিং কাৰ্য্যসূচী অনুষ্ঠানৰ শুভ উদ্ধোধন
নিউজ ডেক্স, ৮ জানুৱাৰী: নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু গাৰোপৱন যৌথ বন পৰিচালনা সমিতি তথা কমলাবাৰী বনভোজ স্থলী পৰিচালনা সমিতিৰ সহযোগত আজি নাজিৰা মহকুমা অন্তৰ্গত গেলেকীস্থিত কমলাবাৰী বনভোজ স্থলীত এখন “শিশু সভা”ৰ লগতে “ট্ৰেকিং কাৰ্য্যসূচী” অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিত বাবুল গগৈৰ পৰিচালিত এটি বিহু দলে মহকুমাধিপতি আয়ুষী জৈনৰ লগতে উপস্থিত ৰাইজক আদৰি আনে। ইয়াৰ পিছতে গাৰোপৱন তথা কমলাবাৰী বনভোজ স্থলী পৰিচালনা সমিতিৰ সদস্য সকলে মহকুমাধিপতি আৰু মহকুমা প্ৰকাশনৰ বিষয়া সকলক এখন ফুলাম গামোচাৰে আদৰণি জনায়। দহ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰু নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে কমলাবাৰী বনভোজ স্থলীত “জঙ্ঘল ট্ৰেকিংৰ”ৰ…
আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল চৰাইদেউ মহোৎসৱ৷২০১৫ -১৬ চনতে জন্ম লাভ কৰা চৰাইদেউ মহোৎসৱৰ আজি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত আৰম্ভ হ’ল চৰাইদেউ মহোৎসৱ ৷ চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই মহোৎসৱক লৈ মৈদাম ক্ষেত্ৰৰ এক উখল- মাখল পৰিবেশ বিৰাজ কৰিছে ৷মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰা পিছতে জিলা উপায়ুক্ত পল বৰুৱাই স্মৃতি তৰ্পণ আৰু বিশিষ্ট সমাজকৰ্মী শৈলেন ফুকনে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে ৷ইয়াৰ পিচতেই সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পাছতে গ্রন্থ বিপণী আৰু জনগোষ্ঠীয় খাদ্য মেলা শুভ উদ্বোধন কৰিব ৰাজহ…
গুৱাহাটীত ১৭শ কোটি টকাৰে বিভিন্ন প্ৰকল্প নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা : নতুনকৈ নিৰ্মিত হ’ব ৰাজনিবাস
নিউজ ডেক্স,৫ জানুৱাৰী ২০২৩ : বিগত বৰ্ষৰ ৫ ডিচেম্বৰৰ পৰা ৰাজ্যৰ ১১খন জিলাত আৰম্ভ হোৱা “ বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অংশস্বৰূপে আজি কামৰূপত ১৭৭৭ কোটি টকাৰ বিভিন্ন প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷এই প্ৰকল্পৰ ভিতৰত অন্যতম প্ৰকল্প হ’ব নতুন ৰাজভৱনৰ নিৰ্মাণ। ৪১.৩২ কোটি ব্যয়ৰে ৯৬৩১ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ হ’বলগীয়া নতুন ৰাজনিৱাসৰ আজি ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মা আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। খাৰঘুলিত নতুন ৰাজনিৱাসৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই অহা ১৮ মাহৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়াৰ লগতে পুৰণি ৰাজভৱনত ভূমিস্খলনৰ আশংকা থকাৰ বাবেই ৰাজ্য চৰকাৰে ভূমি…
নিউজ ডেক্স,৪ জানুৱাৰী ২০২৩ : আজি ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডাঃ তপন শইকীয়াক। ডা: শইকীয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ ৰোগ বিশেষজ্ঞ চিকিৎসক৷ আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত এই বঁটাসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ। অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে নৱগ্ৰহত সেৱা আগবঢ়াই অহা ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা (চিংফৌ হেৰিটেজৰ ৰণুৱা),…
“নিউজ ডেক্স, ৩ জানুৱাৰী,২০২২: ৩ জানুৱাৰী তাৰিখে নাজিৰাত প্ৰথিতযশা সাহিত্যিক , চিৰসেউজ তৰুণী এলি আহমেদক অসম কোম্পানী নাজিৰা ল’ৰা প্ৰাইমেৰী বিদ্যালয়ৰ শতবাৰ্ষিকী সমিতিৰ দ্বাৰা ওপৰ নাজিৰাস্থিত তেখেতৰ ভ্ৰাতৃ গৃহত সম্বৰ্দ্ধনা জনোৱা হয়৷ উল্লেখ্য যে নাজিৰাৰ কন্যা এলি আহমেদে ২০১৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰাৰ লগতে ৰাজ্যখনৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ইতিপূৰ্বে বহুবাৰ পুৰস্কৃত হৈছে
নিউজ ডেক্স; ৩১ ডিচেম্বৰ ২০২২ : ৰাজ্যৰ ৪খন জিলা অবলুপ্ত কৰা হল। সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিলুপ্ত হোৱা জিলা কেইখন হৈছে, বিশ্বনাথ, বজালী, হোজাই আৰু তামুলপুৰ জিলা। বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰত অন্তৰ্ভুক্ত, বজালী জিলাক বৰপেটাত অন্তৰ্ভুক্ত, হোজাই জিলাক নগাঁও জিলাৰ সৈতে একত্ৰিত কৰাৰ লগতে তামুলপুৰ জিলাক পুনৰ বাক্সা জিলাৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হয়। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটীৰ টাউন কমিটীৰ সালসলনি কৰা হ’ব। উত্তৰ গুৱাহাটী কামৰূপ মহানগৰত সন্নিবিষ্ট হ’ব।
ইউনিচেফ ইণ্ডিয়াৰ উদ্যোগত উত্তৰাখণ্ডৰ ডেৰাদুনত সৰ্বভাৰতীয় পৰ্যায়ৰ সংবাদ মাধ্যম , ছাত্ৰ-ছাত্ৰীসকলৰ সমালোচনাত্মক মূল্যায়ন দক্ষতা কৰ্মশালা ৷
ইউনিচেফ ইণ্ডিয়াৰ উদ্যোগত উত্তৰাখণ্ডৰ ডেৰাদুনত সৰ্বভাৰতীয় পৰ্যায়ৰ সংবাদ মাধ্যম , ছাত্ৰ-ছাত্ৰীসকলৰ সমালোচনাত্মক মূল্যায়ন দক্ষতা কৰ্মশালা ৷ ডেৰাদুন, ২৯ অক্টোবৰ – ২৮ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ উত্তৰাখণ্ডৰ ডেৰাদুন আয়োজন কৰা প্ৰমাণভিত্তিক স্বাস্থ্য সাংবাদিকতাৰ ওপৰত অনুষ্ঠিত দুখন কৰ্মশালাত সমগ্ৰ ভাৰতৰ ১৫০ জনতকৈ অধিক সংবাদ মাধ্যম আৰু ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনলাইনযোগে এই কৰ্মশালাত যোগদান কৰা ইউনিচেফ ইণ্ডিয়াৰ যোগাযোগ, এডভোকেচি আৰু পাৰ্টনাৰশ্বিপৰ মুৰব্বী জাফ্ৰিন চৌধুৰীয়ে কয় যে, ‘ভ্ৰান্ত তথ্যই হয়তো ক’ৰোনাতকৈ অধিক সংক্ৰামক একমাত্ৰ বস্তু। ই দ্ৰুতগতিত বিয়পি পৰে আৰু জনস্বাস্থ্য সুৰক্ষাৰ প্ৰতি অচিৰেই ভাবুকিৰ সৃষ্টি কৰে।” ৩৬০ ডিগ্ৰী বিজ্ঞানভিত্তিক যোগাযোগৰ সামগ্ৰিক আখ্যান গঢ়ি তোলাত আৰু যিকোনো ভুল তথ্য প্ৰতিহত কৰিবলৈ সংবাদ মাধ্যমৰ সামৰ্থ্য…
নাৰীক সন্মান কৰিবলৈ শিকক ! কিন্তু কিয় বুলি যদি ভাবিছে তেনেহলে হিমাংশু প্ৰসাদ দাসৰ মুক্তিৰ অপেক্ষাত থকা BULU FLIM চিনেমা খন চাওক৷
নাৰীক সন্মান কৰিবলৈ শিকক ! কিন্তু কিয় বুলি যদি ভাবিছে তেনেহলে হিমাংশু প্ৰসাদ দাসৰ মুক্তিৰ অপেক্ষাত থকা BULU FLIM চিনেমা খন চাওক৷ ৯ ছেপ্তেম্বৰত অসমৰ প্ৰতিটো ছবি গৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া কথাছবি BULU FLIM । নাজিৰাত চিনেমাখনৰ প্ৰচাৰত ব্যস্ত পৰিচালক। অহা ৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব BULU FLIM নামৰ নতুন অসমীয়া কথাছবি খনে৷ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া চিনেমাখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে BULU FLIM কথাছবি খনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে ছবি খনত জড়িত কলা কৌশলী সকল৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰাতো ছবি খনৰ প্ৰচাৰৰ বাবে কালি উপস্থিত হয়হি ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাস। নাজিৰা নাট্যমন্দিৰ,নাজিৰা…
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অনুমোদিত জিলা সমাজ কল্যাণ বিভাগ শিৱসাগৰৰ তত্ত্বাৱধানত “সখী একক অৱস্থান কেন্দ্ৰ”ৰ আজি আধাৰ শিলা স্থাপন কৰা হয়৷ শিৱসাগৰ জিলাৰ জয়সাগৰতস্থাপন হোৱা উক্ত কেন্দ্ৰটিৰ আধাৰশিলা কৰে শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া জ্যোতি বিকাশ দত্তই ৷ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু একক অৱস্থান কেন্দ্ৰৰ কৰ্মচাৰী সকল উপস্থিত থাকে৷ মহিলা সকলৰ সুৰক্ষাৰ বাবেই এই সখী একক অৱস্থান কেন্দ্ৰ স্থাপন কৰিছে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ৷ ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক মহিলা সকলে নিৰ্যাতিতা বুলি অনুভৱ কৰিলে এই কেন্দ্ৰই সহায় কৰিব, যৌতুক সংক্ৰান্তীয় বিষয়, নাবালিকা বা মহিলাই অসহায় অনুভৱ কৰিলে , মাহিলাৰ…

