Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
APSC ৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া পদৰ পৰীক্ষাত উত্তীর্ণ হৈ নাজিৰালৈ গৌৰৱ কঢ়িয়াই অনা বাস্তৱ জ্যোতি কোঁৱৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অভিনন্দন আৰু মত-বিনিময় অনুষ্ঠান
নিউজডেক্স,২৪ ফেব্ৰুৱাৰী,২০২৫ :নাজিৰা চানবছা গাঁৱৰ নিৱাসী কৃষক বীৰেন কোঁৱৰ আৰু গৃহিণী অনিমা কোঁৱৰৰ কনিষ্ঠ পুত্ৰ বাস্তৱ জ্যোতি কোঁৱৰে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ অন্তৰ্গত শিশু উন্নয়ন প্ৰকল্প বিষয়া পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত উত্তীর্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ টকৌআলিস্থিত কাৰ্যালয়ত বাস্তৱ জ্যোতি কোঁৱৰক পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ লগতে নাজিৰাৰ এৰিজন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র আৰু প্ৰণাম ক্ৰচিং চেণ্টাৰৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। ইয়াৰ পিছতে বাস্তৱ জ্যোতি কোঁৱৰে অনুষ্ঠানত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতি আৰু নাজিৰা মহাবিদ্যালয় গোটৰ বিষয়ববীয়াসকল, এৰিজন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র আৰু প্ৰণাম ক্ৰচিং চেণ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ…
নিউজডেক্স,২৬ জানুৱাৰী,২০২৫ : ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত আজি নাজিৰাৰ বৰবৰুৱা পুখুৰী পাৰত “ঐক্য সমাৰোহ” শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সমজিলা আয়ুক্ত কণিকাই শুভ উদ্বোধন কৰা এই ঐক্য সমাৰোহতে নাজিৰাৰ ৬ জন জ্যেষ্ঠ নাগৰিক ক্ৰমে ঘন হাজৰিকা , জিতেন্দ্ৰ নাথ ফুকন, প্ৰভাত কুমাৰ বৰঠাকুৰ , উমা কোঁৱৰ, জৱাহৰ কুমাৰ লাচিত আৰু আয়েশা খাতুনক সম্বৰ্ধনা জনোৱা হয়। উল্লেযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই ঐক্য সমাৰোহত কেইবাটাও চৰকাৰী , বে – চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে, থলুৱা ভাৱে উৎপাদিত খাদ্য, বস্ত্ৰ আদি প্ৰদৰ্শন কৰে।
নিউজডেক্স,১৫ ডিচেম্বৰ,২০২৫ : বিজ্ঞান মনস্ক যাত্ৰা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু নাজিৰা নাট্য সমিতিৰ সহযোগত আজি নাজিৰা নাট্য মন্দিৰত বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰা হয়৷ প্ৰচলিত অন্ধবিশ্বাস,কুসংস্কাৰ আৰু ক্ষতিকাৰক পৰম্পৰা সমূহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে গঠিত বিজ্ঞান মনস্ক যাত্ৰা অসমে নাজিৰাৰ সুসন্তান,যুক্তিবাদী লেখক-গৱেষক শিৱনাথ বৰ্মনৰ মৃত্যু দিনটোত অৰ্থাৎ ১৫ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি তেখেতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনা গুৱাহাটীৰ খানাপৰাত কেন্দ্ৰীয় ভাবে এই দিৱস উদযাপন কৰাৰ সমান্তৰালভাবে নাজিৰাতো এই দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে বিজ্ঞান মনস্ক যাত্ৰা অসমৰ শিৱসাগৰ জিলা সমিতিৰ দ্বাৰা নাজিৰা নাট্য…
শৰাইঘাটৰ মহাৰণৰ ৩৫৩ বছৰ পূৰ্ণ : লাচিত দিৱসৰ দিনাই গড়গাঁৱৰ সিংহদুৱাৰত অনুষ্ঠিত হ’ল মহাৰণৰ সোঁৱৰণী সভা আৰু অভিবাদন অনুষ্ঠান
নিউজডেক্স,২৫ নৱেম্বৰ,২০২৪ : যোৱা ২৪ নৱেম্বৰত অতীজৰ স্বাধীন অসমৰ প্ৰাচীন ৰাজধানী গড়গাঁৱৰ সিংহদুৱাৰত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত শৰাইঘাটৰ মহাৰণৰ ৩৫৩ বছৰ পূৰ্ণ হোৱা উপলক্ষে বিশেষ অভিবাদন অনুষ্ঠান আৰু সোঁৱৰণী সভা অনুষ্ঠিত হয় । মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি প্ৰসন্ন সিংহই সভাপতিত্ব কৰা সোঁৱৰণী সভাৰ আঁত ধৰে আহ্বায়ক কেশৱানন্দ বৰুৱাই । মুখ্য বক্তা ৰূপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত খিলঞ্জীয়া জনগোষ্ঠী সমূহে কেনেদৰে ঐক্যবদ্ধ ভাবে আক্ৰমণকাৰী ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজি নিজৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ কথা তথ্য সহ ব্যাখ্যা কৰে ।আক্ৰমণকাৰী ভাৰতৰ সেনাধ্যক্ষ ৰাজা ৰামসিংহই নিজৰ সেনা বাহিনীক তেতিয়াৰ অসমৰ যাদু-মন্ত্ৰৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ…
ৰাজ্য বাসীক গিনিপিগ কৰি বিভিন্ন নিউট্ৰেচন কোম্পানীৰ সৰবজান ডাক্তৰে ভৰি পৰিছে অসম : নিৰ্বিকাৰ স্বাস্থ্য বিভাগ
নিউজডেক্স,২৪ নৱেম্বৰ, ২০২৪ : বিগত বহু বছৰ ধৰি নেটৱৰ্ক মাৰ্কেটিঙৰ দ্বাৰা অসমৰ চুকে কোণে বিভিন্ন দেশীয় আৰু বহুজাতিক কোম্পানীয়ে খাদ্য পুষ্টি বা খাদ্য সম্পূৰক ( ফুড নিউট্ৰেচন বা ফুড চাপ্লিমেণ্ট ) ৰ নামত ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও স্বাস্থ্য বিভাগ এই সনদৰ্ভত ৰহস্যজনক ভাবে নিমাতেে থকাহে পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে দেশৰ প্ৰচলিত আইনত খাদ্য পুষ্টিি বা খাদ্য সম্পূৰক আৰু ঔষধৰ মাজত সুস্পষ্ট প্ৰভেদ নথকাৰ সুযোগ লৈ এমৱে, ডেক্কান, আৰ এম চি , ভেষ্টিজ ইত্যাদি বিভিন্ন কোম্পানীৰ এজেণ্ট সকলে সৰ্বৰোগ বিশেষজ্ঞৰ ভূমিকাৰে ৰাজ্যখনত নগৰে চহৰে , গাৱেঁ ভূঞে সাধাৰণ ৰাইজৰ মাজত এই কোম্পানীবোৰৰ দ্বাৰা উৎপাদিত বিভিন্ন ধৰণৰ খাদ্য পুষ্টি বা…
নিউজডেক্স,১৮ নৱেম্বৰ,২০২৪ :শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত তথা অসম ভাৰোত্তোলন সন্থাৰ সহযোগত ২০২৮ আৰু ২০৩২ অলিম্পিকৰ লক্ষ্যৰে ৮ ৰ পৰা ১৩ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সাম্ভাব্য ভাৰোত্তোলকৰ তৃণমূল পৰ্য্যায়ৰ বাচনি শিবিৰ দুদিনীয়াকৈ অনুষ্ঠিত হয় । উক্ত শিবিৰত অংশগ্ৰহণ কৰে টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মহিলা ভাৰোত্তোলক, পদ্মশ্ৰী মীৰাবাঈ চানুৰ লগতে দ্ৰোণাচাৰ্য বঁটা প্ৰাপক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক বিজয় শৰ্মা, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বিষয় ববীয়া অলকেশ বৰুৱা, শ্বহীদ পিয়লিফুকন মহাবিদ্যালয় ৰ অধক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ,ভাৰতীয় ভাৰোত্তোলন সন্থা ৰ উপ সভাপতি ভৱজ্যোতি গোস্বামী সহ বহু বিশিষ্ট ব্যক্তি। সদৌঅসম ভিত্তিত আয়োজিত বাচনি শিবিৰত সমগ্ৰ ৰাজ্য ৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী য়ে অংশগ্ৰহণ কৰে।বাছনি শিবিৰৰ…
গুৰু দুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এক সুন্দৰ প্ৰয়াসেৰে শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ বিষয়ববীয়াৰ লগতে সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ শ্ৰীশ্ৰী কাৱৈমাৰী সত্ৰৰ উদ্যোক্তা সকলে যোৱা ৭জুলাইৰ পৰা পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত কৰিছে উঠা নামৰ কৰ্মশালা। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শ্ৰীশ্ৰী কাৱৈমাৰী সত্ৰত অনুষ্ঠিত এই উঠা নামৰ কৰ্মশালাত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ কিশোৰ সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
লোকসভাৰ অধ্যক্ষ পদৰ বাবে এন ডি এৰ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে সাংসদ কে সুৰেশে
নিউজডেক্স,২৫জুন,২০২৪: শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে বিজেপিৰ সাংসদ ওম বিৰলাক লোকসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কিছু মুহূৰ্তৰ পিছতে মঙলবাৰে সাংসদ কে সুৰেশে লোকসভাৰ অধ্যক্ষ পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। বিজেপি নেতৃত্বাধীন এন ডি এ আৰু বিৰোধীৰ মাজত আলোচনা বিফল হোৱাত লোকসভাৰ অধ্যক্ষ পদত নিৰ্বাচন অনুষ্ঠিত হ’ব। এন ডি এয়ে বিজেপিৰ সাংসদ ওম বিৰলাক প্ৰাৰ্থী হিচাপে বাছি লোৱাৰ বিপৰীতে বিৰোধীয়ে প্ৰবীণ কংগ্ৰেছ নেতা কে সুৰেশক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লয়৷বুধবাৰে পুৱা ১১ বজাত অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছ নেতা কে চি ভেনুগোপালে প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙক সাক্ষাৎ কৰি কয় যে চৰকাৰে বিৰোধীক উপাধ্যক্ষ…
নিউজডেক্স,২৪ জুন,২০২৪ :জিম্বাবুৱেত অনুষ্ঠিতব্য টি-২০ৰ বাবে বিচিচিআয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দল ৷আইপিএলত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকীও খেলুৱৈয়ে এইবাৰ স্থান লাভ কৰিলে জিম্বাবৱে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলত। জিম্বাবুৱেৰ টি-২০ৰ বাবে ভাৰতৰ দলত অধিনায়ক ৰূপে শুভমন গিলৰ নাম ঘোষণাৰ সময়তে ৰিয়ান পৰাগৰ নামো ঘোষণা কৰে বিচিচিআইয়ে৷ বিচিচিআইয়ে গ্ৰহণ কৰা এক উল্লেখযোগ্য পদক্ষেপত অহা জুলাই মাহত পাঁচখন মেচৰ শৃংখলাৰ বাবে ভাৰতে জিম্বাবুৱে ভ্ৰমণ কৰাৰ সময়ত শ্বুবমান গিলক টি-২০ৰ নতুন অধিনায়কত্বৰ দায়িত্ব দিয়াৰ লগতে অভিষেক শৰ্মা, ৰিয়ান পৰাগ, আৰু আই পি এল ২০২৪ত আকৰ্ষণীয় খেল খেলা তুষাৰ দেশপাণ্ডেকো দলত অন্তৰ্ভুক্ত কৰিছে বিচিচিআইয়ে ৷ আই পি এল ২০২৪ৰ অসাধাৰণ খেলৰ অন্তত বছৰৰ উদীয়মান…
নিউজডেক্স, ২৪ জুন, ২০২৪: আজি শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নাজিৰাৰ আৱৰ্ত ভৱনত ৰিজাৰ্ভাৰসহ পানী পৰিশোধন প্ৰকল্প উদ্বোধন কৰে। উদ্বোধন অনুষ্ঠানৰ পিচত সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে হোৱা এক বৈঠকত তেখেতে আৱৰ্ত ভৱনৰ আন্তঃগাঁথনি আৰু পুনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। তেখেতে কয় যে নাজিৰাৰ আৱৰ্ত ভৱনৰ মেৰামতিৰ লগতে আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজন হৈ আছিল। এই ক্ষেত্ৰত তেওঁ নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে ক্ষীপ্রতাৰে লোৱা পদক্ষেপৰ শলাগ লয়। বৈঠকৰ অন্তত তেওঁ আৱৰ্ত ভৱনৰ পুনৰ নিৰ্মাণৰ কামৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰীৰ সহায় সহযোগিতা কামনা কৰি নিজৰ দায়িত্ব সমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ আহ্বান জনায়। এই উদ্ধোধনী অনুষ্ঠানত নাজিৰা নিৰ্বাচনী বিষয়া, নাজিৰাৰ সহকাৰী…

