Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,১২ মাৰ্চ,২০২৪ : “ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস – বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ ছানবছাস্থিত গাহৰি সংসাধন প্ৰকল্পৰ গাহৰি সংসাধন প্ৰকল্পৰ শুভ উদ্ধোধন কৰে।১৯৯৩চনৰ ২৩জুলাইত নাজিৰাৰ ছানবছা স্থিত অসম হাঁহকুকুৰা আৰু পশুধন নিগমৰ সংহত গাহৰি উন্নয়ন আঁচনি আৰু পৰিশোধিত মাংস প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই। নাজিৰা মৌজাৰ চানবছাত অসম পশুধন আৰু হাঁহ কুকুৰা নিগম লিমিটেডৰ দ্বাৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত নিৰ্মাণ হৈ উঠা এই ৰপ্তানিমুখী গাহৰি-মাংস সংসাধন (Export Oriented Pork Processing Plant – EOPPP) প্ৰকল্পৰ দুৱাৰ মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াক এক অভিলাষী পদক্ষেপ বুলি অভিহিত…
“There are so many supporters of “CAA” in Assam as there are opponents and both sides have their own arguments and opinions ”— Himanta Biswa Sharma
Newsdesk,12 March,2024 : After inaugurating the pig processing project at Sanbasa in Nazira today, Chief Minister Dr. Himanta Biswa Sharma told the media that there are o many supporters of “ CAA” as there are opponents of “CAA” in Assam ,and both sides have their own arguments and opinions. Anyone can file a case in court against the “CAA” which was passed in Parliament two and a half years ago. The court has already quashed the previous IMDT Act. The Chief Minister hoped that everyone should maintain peace and harmony in the peaceful state.
“ অসমত “কা” ৰ সমৰ্থনকাৰী লোক যিদৰে আছে সেইদৰে বিৰোধীও আছে আৰু দুয়োপক্ষৰ নিজা যুক্তি আৰু অভিমত আছে ”— হিমন্ত বিশ্ব শৰ্মা
নিউজডেক্স,১২ মাৰ্চ,২০২৪ : আজি নাজিৰাৰ ছানবছাত গাহৰি সংসাধন প্ৰকল্পৰ উদ্বোধন কৰাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত “কা” আইনৰ সন্দৰ্ভত কয় যে অসমত “কা” ৰ সমৰ্থনকাৰী লোক যিদৰে আছে সেইদৰে বিৰোধীও আছে আৰু দুয়োপক্ষৰ নিজা যুক্তি আৰু অভিমত আছে । আঢ়ৈ বছৰৰ পূৰ্বে সংসদত গৃহীত “কা” ৰ বিৰুদ্ধে আদালতত সকলোৱেই গোচৰ তৰিব পাৰে । ইতিমধ্যে আদালতেই পূৰ্বৰ “আইএমডিটি” আইন বাতিল কৰি গৈছে। ইয়াৰ পাচত শান্তিপূৰ্ণ ৰাজ্যখনত শান্তি সম্প্ৰীতি সকলোৱে বৰ্তাই ৰাখিব লাগিব বুলি মুখ্যমন্ত্ৰী জনে আশা প্ৰকাশ কৰে ।
নাজিৰাৰ নগা আলিৰ নিৰ্মাণ বিলম্বৰ বাবে পথৰ ধূলিত প্ৰদূষিত নাগৰিক জীৱন : মুখ্যমন্ত্ৰীৰ আগমণত একে নিশাৰ ভিতৰতে যুদ্ধকালীণ নিৰ্মাণৰ প্ৰস্ত্ততি
ভাস্কৰজ্যোতি বৰগোহাঁই,নাজিৰা ,১১ মাৰ্চ,২০২৪ : নাজিৰাৰ লোক নিৰ্মাণ পথ বিভাগৰ অধীনৰ ঐতিহাসিক নগা আলিৰ বিধ্বস্ত-প্ৰায় অৱস্থাৰ মাজতে পথটোৰ আধাৰশিলা স্থাপন নাজিৰাবাসীৰ বাবে এক আশীৰ্বাদ হৈ পৰিছিল । ৩ দশমিক ৩ কিঃমিঃ পথছোৱাৰ নাজিৰা কলেজ তিনিআলিত আধাৰশিলা স্থাপন কৰিছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই । ২০২৩ চনৰ ৯ মে’ত হোৱা এই আধাৰশিলাৰ সময়ৰপৰাই কাম আৰম্ভ হ’ব বুলি ৰাইজে আশা কৰিলেও প্ৰায় ৬ মাহ পলমকৈ কাম আৰম্ভ কৰিছিল ঠিকাদাৰে । পলমকৈ আৰম্ভ কৰা এই কামৰ অগ্ৰগতিও মাথো ৰোলাৰে সমান কৰি যোৱাৰ পৰ্য্যায়তে কামৰ পৰা ঠিকাদাৰ আঁতৰি যোৱাৰ লগতে বিগত দুমাহ কাল ধৰি কৰ্মশূণ্য…
নিউজডেক্স,১১ মাৰ্চ,২০২৪: ২০১৯ চনত সংসদৰ দুয়োটা সদনে CAA আইন গৃহীত কৰাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ কৈছে যে এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বেই CAAৰ নিয়মসমূহৰ বিষয়ে জাননী জাৰি কৰা হ’ব। সংবাদ মাধ্যমে লাভ কৰা খবৰ অনুসৰি আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ নিয়মৰ বিষয়ে জাননী জাৰি কৰাৰ সম্ভাৱনা আছে। ইতিপূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে কৈছিল যে এসপ্তাহৰ ভিতৰত সমগ্ৰ দেশত CAA কাৰ্যকৰী হ’ব আৰু সাত দিনৰ ভিতৰত এই আইনখন ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰা হ’ব।বাংলাদেশ, পাকিস্তান, আৰু আফগানিস্তানৰ পৰা অহা ছটা সম্প্ৰদায় – হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, আৰু খ্ৰীষ্টান -ৰ অন্তৰ্গত নিৰ্যাতিত প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ লক্ষ্যৰে…
নিউজডেক্স,১০ মাৰ্চ,২০২৪ :ৰাজ্যৰ অন্যান্য স্থানৰ লগতে নাজিৰাত আজি সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ বিৰোধীতাৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰা হৈছে৷ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত তথা ধোদৰ আলিৰ দাঁতিত পুৱা ছয় বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ বহু সংখ্যক কৰ্মীৰ লগতে জিলা সভাপতি মানৱ হাজৰিকাকে ধৰি আন কেইবাজনো ছাত্ৰ নেতাই অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি অনশনস্থলীত বহুকেইজন স্থানীয় ব্যক্তিৰ উপস্থিতি পৰিলক্ষিত হয়৷
নিউজডেক্স,৯ মাৰ্চ,২০২৪ : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পদত্যাগ কৰিলে দেশৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে ৷নিৰ্বাচন আয়োগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ কেইদিনমান পূৰ্বে শনিবাৰে আয়ুক্ত অৰুণ গোৱেলে পদত্যাগ পত্ৰ দাখিল কৰে। গোৱেলৰ পদত্যাগৰ লগে লগে ভাৰতীয় নিৰ্বাচন আয়োগ এতিয়া কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত গঠিত এজনীয়া সদস্যৰ সংস্থাত পৰিণত হ’ল। পদত্যাগৰ সময়ত গোৱেলৰ কাৰ্যকাল আৰু তিনি বছৰ বাকী আছিল। তিনিজনীয়া নিৰ্বাচন আয়োগত এজন নিৰ্বাচন আয়ুক্তৰ পদ ইতিমধ্যে খালী হৈ আছিল। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়ুক্ত অনুপ পাণ্ডেই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিছিল।”The Chief Election Commissioner and other Election Commissioners (Appointment, Conditions of Service and Term of…
নিউজডেক্স, ৮ মাৰ্চ, ২০২৪ : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাক ক্ষণত নাজিৰাৰ দিশা মহিলা সমিতিৰ উদ্যোগত যোৱা ৭ মাৰ্চৰ বিয়লি নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অঞ্জলী শৰ্মাক নাজিৰা নগৰৰ নিজা বাসগৃহত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ফুলাম গামোচাসহ সম্বৰ্দ্ধনা পত্ৰৰে আগবঢ়োৱা এই সন্মানত আনন্দ প্ৰকাশ কৰি বৰ্ষীয়ান শিক্ষাবিদ গৰাকীয়ে জ্ঞানৰ ব্যাপক প্ৰসাৰৰ দিনত নাৰীয়ে স্ব-জাগ্ৰত ব্যক্তি সচেতনতা, আত্ম-সন্মান আৰু সামাজিক দায়ৱদ্ধতাক প্ৰদৰ্শনৰ লগতে নাৰীয়ে স্বাভিমান বজাই ৰাখিবলৈ সক্ষম হ’ব লাগিব বুলি কোৱৰ লগতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সকলোৰে বোধগম্য হোৱা তাৎপৰ্য্যই দিৱসৰ নাৰীৰ প্ৰতি দায়িত্ব আৰু মৰ্য্যদাবোধ তুলি ধৰা বুলি উল্লেখ কৰে । সম্পাদিকা সংগীতা বৰকটকীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আমন্ত্ৰিত…
নিউজডেক্স,৬ ফ্ৰেব্ৰুৱাৰী,২০২৪ : নাজিৰা পৌৰসভাৰ চাফাই কৰ্মীসকলৰ দ্বাৰা আজি মহাশিৱৰাত্ৰী উপলক্ষে চাফাই অভিযান চলোৱা হয়। নাজিৰাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰী পাৰকে ধৰি বিভিন্ন স্থানত এই চাফাই কৰ্ম কৰা হয়। এই চাফাই অভিযানত নাজিৰাৰ ২ নং ৱাৰ্ডৰ পাৰিষদ গিতাঞ্জলি দত্তকে ধৰি কেইবাজনো পৌৰকৰ্মী উপস্থিত থাকে৷
নিউজডেক্স,৫ মাৰ্চ, ২০২৪ :ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ নেৰ্তৃত্বত অসমত কৰা ভাৰত জোড় ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ তুলি চৰকাৰৰ নিৰ্দেশত চি আই ডিয়ে গোচৰ ৰুজু কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক চমন জাৰি কৰিছে । দেৱব্ৰত শইকীয়াই কালিলৈ অৰ্থাৎ ৬ মাৰ্চত চি আই ডিৰ আদালতত দিনৰ ১১বজাত হাজিৰ হ’ব বুলি আজি নাজিৰাত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

