Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
দিলীপ হাজৰিকা; ২৪ ফেব্ৰুৱাৰী,২০২৪ : ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে বিভিন্ন ঠাইত অভিযান চলাই থকাৰ সময়তে আজি নাজিৰা মহকুমাৰ বিহুবৰত আৰক্ষীৰ জালত পৰে এজন সুদখোৰ ।উল্লেখ্য যে ,চণ্টক চাহ বাগিচাৰ ঋতুপন কোঁৱৰ নামৰ ব্যক্তিজনে গত ২০২২বৰ্ষৰ ২৬ অক্টোবৰত চণ্টকৰ নিবাসী বিজু আহমেদৰ পৰা ২০ হাজাৰ টকা ধাৰে বিচৰাত আহমেদে আমানত হিচাপে নিজা মূল্যৱান সম্পদ দিব লাগিব বুলি কোৱাত উপায়ন্তৰ হৈ কোঁৱৰে তেখেতে পিন্ধি থকা প্ৰায় ৫০ হাজাৰ টকাৰ মূল্যৰ সোণৰ আঙঠিটো দি ২০ হাজাৰ টকা লয় । অতি বুদ্ধিমত্তাৰে বিজু আহমেদে এখন কাগজত কোঁৱৰৰ পৰা স্বাক্ষৰ কৰাই লৈ পিছত ৪০ শতাংশ সুদৰ বিনিময়ত ২০ হাজাৰ টকা ঋতুপন কোঁৱৰে…
নাজিৰাৰ মেজেঙ্গাত বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত তেৰ গৰাকী মহিলাক চিলাই মেচিন আৰু প্ৰমাণ পত্ৰ প্ৰদান
নিউজডেক্স, ২৪ ফেব্ৰুৱাৰী,২০২৪ : নাজিৰাৰ মেজেঙ্গাত অৱস্থিত অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনস্থ মেজেঙ্গা বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত অসম চৰকাৰৰ শ্ৰম কল্যাণ,চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে আনুষ্ঠানিক ভাৱে ১৩গৰাকী মহিলাক চিলাই মেচিন আৰু প্ৰমাণ পত্ৰপ্ৰদান কৰে ৷ মেজেঙ্গা বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত ৬ মাহ প্ৰশিক্ষণ লোৱাৰ পিছত আজি এই ১৩ গৰাকী মহিলাক চিলাই মেচিন আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ঝুমুৰ আৰু হুচৰি পৰিবেশনেৰে জীপাল কৰা এই অনুষ্ঠানত উপস্থিত থাকে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া,অসম চাহ শ্ৰমিক কল্যাণ বিভাগৰ আয়ুক্ত কণপাই দাস , আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা , নাজিৰা মহকুমাধিপতি আয়ুসী জৈনৰ লগতে কেইবাগৰাকীয়ো…
নিউজডেক্স,২৪ ফ্ৰেব্ৰুৱাৰী, ২০২৪ :এক উল্লেখযোগ্য পৰিঘটনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাই দীৰ্ঘদিনীয়া অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ বাতিল কৰে।২৩ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। উত্তৰাখণ্ডই ভাৰতৰ প্ৰথমখন ৰাজ্য ৰূপে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰাৰ পিছতে অসম এই ক্ষেত্ৰৰ পিনে ধাৱমান হোৱাৰ ই এক পদক্ষেপ বুলিব পাৰি ৷ যোবা ২৩ ফ্ৰেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ইয়াক ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বাস্তৱায়িত কৰাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি বুলি অভিহিত কৰে। তেওঁ কয় যে এতিয়াৰ পৰা ৰাজ্যত প্ৰচলিত বিশেষ বিবাহ আইনে মুছলমান বিবাহ…
নিউজডেক্স,২৩ ফ্ৰেব্ৰুৱাৰী,২০২৪: যি সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত বহু চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম ঘটিছে তেনে সময়তে ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা এখন প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখি সকলো হতবাক হব । শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অধীনৰ পহুসিং প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই ৰাজহুৱা শিক্ষাখণ্ডৰ প্ৰতি চৰকাৰী অৱহেলাকেই প্ৰতিফলিত কৰিছে ৷ ৬৫ জন ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত এই বিদ্যালয় খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় দুমাহ ধৰি মুকলি আকাশৰ তলত গ্ৰহণ কৰিব লগা হৈছে শিক্ষাৰ আদিপাঠ৷ ২০২৩ বৰ্ষৰ ১৩ ডিচেম্বৰত অঞ্চলটোত হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত ক্ষতি সাধন হয় নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত এই পহুসিং প্ৰাথমিক বিদ্যালয় গৃহৰ টিনপাট৷ কিন্তু প্ৰায় ২ মাহ উকলি যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ মেৰামতিৰ কোনো…
লোকসভা নিৰ্বাচনৰ বাবে দিল্লী, গুজৰাট, অসম আৰু হাৰিয়ানাৰ বাবে আপ-কংগ্ৰেছৰ আসন ভাগ-বতৰা চূড়ান্ত : উত্তৰ প্ৰদেশত কংগ্ৰেছে ১৭ আৰু সমাজবাদীয়ে ৬৩ খন আসনত যুঁজ দিব
নিউজডেক্স,২২ ফ্ৰেব্ৰুৱাৰী,২০২৪ :উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ সৈতে কংগ্ৰেছৰ আসন ভাগ-বতৰাৰ চুক্তিৰ পিছতে আম আদমী পাৰ্টিয়ে দিল্লী, গুজৰাট, অসম আৰু হাৰিয়ানাৰ আসনৰ ক্ষেত্ৰতো কংগ্ৰেছ দলৰ সৈতে সহমতত উপনীত হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।দুয়োটা দলৰ নেতাৰ মাজত কেইবালানি আলোচনাৰ অন্তত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যাক লৈ চুক্তিবদ্ধ হোৱা বুলি উক্ত সূত্ৰই প্ৰকাশ কৰে৷চুক্তি অনুসৰি দিল্লীৰ চাৰিখন আসনত আপ আৰু তিনিখন আসনত কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আনহাতে গুজৰাটত কংগ্ৰেছে আপক দুখন আসন দিয়াৰ লগতে হাৰিয়ানা আৰু অসমত ১খনকৈ আসন আপক দিয়া হব যদিও পাঞ্জাৱক লৈ এতিয়াও দয়োদল ঐক্যমতত উপনীত হব পৰা নাই৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰত কয়…
ভাৰতৰ ২৭ বিধ কৃষি উৎপাদিত সামগ্ৰীৰ ভিতৰত অসমৰ নেমু, পঞ্জাৱৰ বাজৰা আদি ২০২৩-২৪ চনত আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যায়
নিউজডেক্স,২২ ফ্ৰেব্ৰুৱাৰী,২০২৪: ভাৰতৰ কৃষি উৎপাদিত সামগ্ৰীৰ ৰপ্তানি প্ৰসাৰিত কৰা কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই (এপিইডিএ) চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত ২৭ বাৰকৈ নতুন আৰু অন্য উৎপাদিত সামগ্ৰীৰ ৰাপ্তানি কৰে ৷ সংবাদ প্ৰতিষ্ঠান এ এন আই ৰ সূত্ৰ অনুসৰি কেন্দ্ৰীয় কৃষি বাণিজ্য প্ৰসাৰ সংস্থাটোৱে ইয়াৰ অধিক সংখ্যক “নিৰ্ধাৰিত” সামগ্ৰী নতুন গন্তব্যস্থানলৈ ৰপ্তানি কৰাটো নিশ্চিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।এই সন্দৰ্ভত অ’ডিঅ’পি (এক জিলা এক সামগ্ৰী) আৰু জিআই টেগ (ভৌগোলিক সূচক) সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়, লগতে অগতানুগতিক অঞ্চল বা ৰাজ্যৰ পৰা এই ৰপ্তানিৰ উৎস আহৰণ কৰা হয়।আজিলৈকে এপেডাৰ নিৰ্ধাৰিত সামগ্ৰীসমূহ বিশ্বৰ ভিন্ন প্ৰান্তৰ ২০৩খনতকৈও অধিক স্হানলৈ ৰপ্তানি…
আগন্তুক লোক সভা নিৰ্বাচন, সন্দৰ্ভত নাগালেণ্ডৰ লংলেং জিলাৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলাৰ জিলা প্ৰশাসনৰ বৈঠক
নিউজডেক্স,২১ ফেব্ৰুৱাৰী,২০২৪: আগন্তুক লোক সভা নিৰ্বাচন, সন্দৰ্ভত আজি নাজিৰা মহকুমা অন্তৰ্গত শিঙিবিল বি.অ.পি’ত নাগালেণ্ডৰ লংলেং জিলাৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলাৰ জিলা প্ৰশাসনৰ এক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত আগন্তুক লোক সভা নিৰ্বাচন দুইখন ৰাজ্যত যাতে শান্তিপূৰ্ণভাৱে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয় । শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত জিলা আয়ুক্ত জাভেদ অৰ্মান , নাজিৰা মহকুমাৰ মহকুমাধিপাতি আয়ুষী জৈন, নাজিৰা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী গোস্বামী, সহকাৰী আয়ুক্ত কল্যাণ জ্যোতি হাজৰিকা, নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া তপন চন্দ্ৰ কলিতা, গেলেকী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ…
নাজিৰাত অব্যাহত আছে অংগনবাড়ী কৰ্মী – সহায়িকাৰ প্ৰতিবাদ :সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননিৰ সলনি মজুৰি বৃদ্ধি কাৰ্যকৰী কৰাৰ দাবী
দিলীপ হাজৰিকা, নাজিৰা, ২১ফ্ৰেব্ৰুৱাৰী,২০২৪: যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম অংগনবাড়ী কৰ্মী – সহায়িকা সন্থাৰ আহ্বান মৰ্মে নাজিৰা প্ৰকল্প সমিতিয়েও নাজিৰা মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা – প্ৰতিবাদেৰে অসহযোগ কাৰ্যসূচী অব্যাহত ৰাখিছে । আজি এসপ্তাহে ৰাজ্যৰ অংগনবাড়ী কৰ্মী – সহায়িকা সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰী পক্ষৰ কোনো সঁহাৰি নোপোৱাত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ লগতে আগন্তুক সকলো নিৰ্বাচনত ভোট দান বৰ্জন কৰিব বুলি কয় প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী – সহায়িকা সকলে । সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননিৰ পৰিৱৰ্তে মজুৰি বৃদ্ধি কাৰ্যকৰী কৰা , মিনি অংগনবাড়ী কেন্দ্ৰ সমূহ পূৰ্ণাংগ কৰা , সহায়িকা সকলৰ বয়সৰ মাত্ৰা উঠাই দিয়া , বয়স আৰু…
নাজিৰাত চি পি আই অসম ৰাজ্য পৰিষদৰ সংবাদমেল : লোকসভা নিৰ্বাচনত দেশৰ মুঠ ৩৫ টা সংসদীয় সমষ্টিৰ লগতে অসমৰ যোৰহাট সমষ্টি দাবী
দিলীপ হাজৰিকা, নাজিৰা , ২১ ফেব্ৰুৱাৰী,২০২৪ :আজি নাজিৰাত চি পি আইৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয় । চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় , আগন্তুক লোকসভা নির্বাচনত চি পি আই ৰাষ্ট্রীয় পৰিষদে INDIA Alliance ত থাকি প্রতিদন্দ্বিতা কৰিবলৈ দেশৰ ১৭ খন বাজাৰ পৰা মুঠ ৩৫ টা সমষ্টি চিনাক্ত কৰিছে। ইয়াৰে অসমৰ যোৰহাট লোকসভা সমষ্টিটো চিনাক্ত কৰিছে। সেইমর্মে ৰাজ্য পৰিষদৰ সভাই চাৰিজনীয়া এখন প্রার্থীৰ পেনেল সর্বসম্মতিক্রমে গ্রহণ কৰি ৰাষ্ট্রীয় পৰিষদলৈ প্রেৰণ কৰে।সংবাদমেলত কনক গগৈয়ে লগতে কয় ,CAA চি পি আই পাটিয়ে পূর্বেও বিৰোধিতা কৰিছিল, বর্তমানেও বিৰোধিতা কৰে আৰু কেন্দ্রীয় গৃহমন্ত্রীয়ে লোকসভা নির্বাচনৰ…
নিউজডেক্স,২০ ফ্ৰেব্ৰুৱাৰী,২০২৪ : অসমত ২০২৩ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ মুঠ ৬৬৯৮টা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ৬৫% দুৰ্ঘটনাই দ্ৰুত বেগৰ বাবে সংঘটিত হোৱা বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে।সংবাদ মাধ্যমে লাভ কৰা তথ্যানুসৰি ২০২৩ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ৰাজ্যখনত মুঠ ১,৫২,২৮১টা অতিৰিক্ত গতিবেগৰ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু অতিৰিক্ত গতিবেগৰ বাবে জৰিমনা হিচাপে প্ৰায় ৫.৭৩ কোটি টকা সংগ্ৰহ কৰা হৈছে।অসমত বৃদ্ধি পোৱা দুৰ্ঘটনা আৰু পথ সুৰক্ষা সন্দৰ্ভত যান-বাহন আৰক্ষী আৰু পৰিবহন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো জনসাধাৰণে প্ৰায়েই যান-বাহনৰ নীতি নিয়ম উলংঘা কৰে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত থকা গতি সীমা উলংঘা কৰা ধৰা পৰে বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই…

