Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজ ডেক্স, ৬ মে’, ২০২৩ : অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে আজি চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ বৰাইক চুকত “জল জীৱন মিছন”ৰ অধীনত মথুৰাপুৰ বৰাইক চুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মথুৰাপুৰ ভকত গাৱৰ ঊনৈশ মিটাৰ পথ নিৰ্মানৰ আধাৰ শিলা স্থাপন কৰে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া অঞ্চল তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰত আজি মন্ত্ৰী গৰাকী উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু ৰাইজৰ অভাৱ-অভিযোগ সমূহ বুজ লোৱাৰ লগতে ৰাইজৰ সুবিধাৰ্থে দুটাকৈ প্ৰকল্প তথা আঁচনিৰ শুভউদ্বোধন কৰে ।
নিউজ ডেক্স, ৬ ম’,২০২৩: ভাৰতৰ সাতগৰাকী মহিলা মল্লযুদ্ধ খেলুৱৈক বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে কৰা শাৰীৰিক,মানসিক নিৰ্যাতনৰ বিৰুদ্ধে যোৱা ৫ মে’ত নাজিৰাৰ কলেজ তিনিআলিত হাতে হাতে মমবাতি লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছে।ভাৰতৰ সাতগৰাকী মহিলা মল্লযুদ্ধ খেলুৱৈক বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে কৰা শাৰীৰিক,মানসিক নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰতো প্ৰতিবাদী কাৰ্য্যসূচী চলি থকাৰ সমান্তৰালকৈ ৫ মে’ৰ নিশা নাজিৰাত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ বিষয়ববীয়াই বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নাজিৰাৰ ৰাজপথ।
নিউজ ডেক্স, ২ মে’২০২৩ : যোৱা ১ মে’ তাৰিখে AITUC অন্তগৰ্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নামতি আৰু গেলেকী আঞ্চলিকৰ সহযোগত নাজিৰা মহকুমা কমিটিৰ উদ্যোগত গেলেকী নাট্যমন্দিৰত দিনজোৰা কাৰ্যসূচীয়ে আন্তজাৰ্তিক শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷ শ্ৰমিক নেতা জয়ৰাম কোঁৱৰে পতাকা উত্তোলন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তনু গগৈয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতে এক বৰ্ণাঢ্য সাংস্কৃতিক দল সহ বিভিন্ন দাবীৰ ভিত্তিত প্লে’কাৰ্ড লৈ শ্ল’গান দি শ্ৰমিক সকলে শোভাযাত্ৰা কৰে ৷ প্ৰবীন কমিউনিষ্ট নেতা তথা সমাজকৰ্মী চেনীৰাম বৰগোহাঁই সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে মহেন্দ্ৰ বৰগোহাঁইয়ে আৰু নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জিলা সভাপতি নাথুৰাম দত্তই মে’ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি শ্ৰমিকৰ সমস্যা সমূহ সমাধানৰ…
পেঞ্চন নীতি সন্দৰ্ভত প্ৰাক্তন সৈনিকৰ দ্বাৰা সাংসদ তপন গগৈৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
নিউজ ডেক্স, ০১ মে ২০২৩ : যোৱা ৩০ এপ্রিলৰ দিনা প্ৰাক্তন সৈনিক সকলে One Rank One Pension(OROP) প্ৰদান কৰোতে হোৱা বিসংগতি বিলাক দূৰ কৰিবৰ বাবে সম্পূর্ণ ভাৰতবৰ্ষত প্ৰাক্তন সৈনিক, বীৰ নাৰী, শ্বহীদ সৈনিকৰ বিধৱা সকলে নিজ নিজ অঞ্চলৰ লোকসভা সাংসদ সকলৰ যোগেদি ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্রী লৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গোটেই ভাৰত জুৰি হোৱা স্মাৰক পত্ৰ প্ৰদান কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু শ্বহীদ সৈনিকৰ বিধৱা সকলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰী তপন কুমাৰ গগৈক চফ্ৰাইৰ মুকলি মঞ্চত ‘ভাৰত মাতা কী জয়’, ‘বন্দে মাতৰম্’ ধ্বনি দি দলে-বলে গৈ…
নাজিৰাত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ নৱনিৰ্বাচিত শিৱসাগৰ জিলা সমিতিৰ শপত গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠান
নিউজ ডেক্স, ৩০ এপ্ৰিল,২০২৩ :অসম চাহ জনগোষ্ঠী সাহিত্য সভা শিৱসাগৰ জিলাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ সমান্তৰালকৈ চাহ জনগোষ্ঠী সমাজৰ কেইবাগৰাকী গণ্য-মান্য ব্যক্তিৰ সম্বদ্ধনা অনুষ্ঠান আজি নাজিৰাৰ চণ্টক চাহ বাগিচাত অনুষ্ঠিত হয় । পুৱাৰ ভাগতে বৃক্ষ ৰোপন, পাতাকা উত্তোলন, সাংস্কৃতিক শুভাযাত্ৰা আদিকে ধৰি কেইবাটাও বৰ্ণাধ্য কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় তিনিসহস্ৰাধিক লোকৰ সমাৱেশৰ পাছত অনুষ্ঠিত ৰাজহুৱা সভাত চাহ জন-গোষ্ঠী সকলক শৈক্ষিক, সামাজিক আদিৰ দিশত আগবঢ়াই নিয়াৰ লগতে অন্ধ বিশ্বাস, কুসংস্কাৰ মুক্ত সমাজ এখন গঢ়াৰ সম্পৰ্কত আলোচনা কৰাৰ উপৰিও চাহ জনগোষ্ঠীয় সমাজক বিভিন্ন দিশত সজাগ- সচেতন আৰু সবল কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনা চক্ৰত কেন্দ্ৰীয় সমিতিৰ…
জনজাতি কৰণৰ দাবীত শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মটৰ চাইকেল ৰেলী : ৰংঘৰৰ ৰূপ বিকৃত নকৰিবলৈ চৰকাৰক সঁকিয়নি
নিউজ ডেক্স,২৯ এপ্ৰিল,২০২৩ : জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি শিৱসাগৰ চেৰেকাপাৰৰ পৰা গড়গাঁও কাৰেংঘৰ সমীপৰ লৈকে আটাছুৰ কেইবা শতাধিক কৰ্মীয়ে এক মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে। বিজেপি চৰকাৰ মুৰ্দাবাদ, ন’ এছ’টি ন’ৰেষ্ট, আমাক জনজাতিকৰণ লাগিবই ধ্বনিৰে শিৱসাগৰ আকাশ বতাহ কঁপাই তোলে সংগঠনটোৰ কৰ্মীসকলে।আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” অনুস্থানৰ বাবে ঐতিহাসিক শিৱসাগৰ ৰংঘৰক বিকৃত ৰূপ দিয়াকলৈ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে আটাছুৰ নেতৃবৃন্দই।
নিউজ ডেক্স,২৮ এপ্ৰিল, ২০২৩ : – আজি চৰাইদেউ জিলাৰ মাহমৰা বিধান সভা সমষ্টিৰ কাকতিবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত জল জীৱন মিচনৰ অধীনত হাতীমূৰীয়া পথাৰ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ উপস্থিতিত উদ্বোধন কৰা এই পানী যোগান আচনিখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ অধীনত ১৩৫.৭১ লাখ টকা ধনৰাশিৰে নিৰ্মাণ কৰা হৈছে।এই আঁচনিখনৰ জড়িয়তে বৃহত্তৰ হাতীমূৰীয়া পথাৰ অঞ্চলৰ ১৫৮ ঘৰ পৰিয়ালে স্বাস্থ্যসন্মত আৰু বিশুদ্ধ খোৱা পানী লাভ কৰিব।এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকল্প স্থলীতে এখন সভাও অনুষ্ঠিত হৈ যায়। সভাত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়া কৰ্মচাৰী;…
মাহমৰা বালিজান আদৰ্শ বিদ্যালয় স্থাপন সন্দৰ্ভত মন্ত্ৰী যোগেন মহনৰ স্থানীয় ৰাইজৰ সৈতে পৰ্যালোচনা।
নিউজ ডেক্স; ২৭ এপ্ৰিল, ২০২৩ :- চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা বালিজানত অসম চৰকাৰৰ উদ্যোগত এখন আদৰ্শ বিদ্যালয় স্থাপন কৰা সন্দৰ্ভত আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে স্থানীয় ৰাইজ; ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু মাহমৰা বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলৰ লগত এক আনুষ্ঠানিক সভাত মিলিত হয়।উক্ত সভাত মন্ত্ৰী গৰাকীয়ে আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ পূৰ্বে ৰাইজৰ লগত মত বিনিময় আৰু এক পৰ্যালোচনা সভাত মিলিত হয়।সভাত মাহমৰা বালিজানবাসী ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে শিক্ষাৰ সামগ্ৰিক পৰিবেশ উন্নয়নৰ দিশত এখন আদৰ্শ বিদ্যালয়ৰ ভুমিকা সম্পৰ্কে স্থানীয় ৰাইজ আৰু অভিভাৱক সকলক অৱগত কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে…
নিউজ ডেক্স, ২৭ এপ্ৰিল, ২০২৩ : অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত বিগত কইবামাহ ধৰি তীব প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাৰ নাগৰিক সকলে বিগত ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰাৰ পিছত ২৭ এপ্ৰিলত নাজিৰা পৌৰসভাই ৫% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ ২’৫% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰে ৷ নাজিৰাৰ পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ , ৱাৰ্ড…
নিউজ ডেক্স,২৬ এপ্ৰিল,২০২৩ : নাজিৰা মহকুমাৰ দহটা চাৰ্কোলৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দুইশতাধিক মহিলাই নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী । অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মজুৰি বৃদ্ধিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে যোৱা কালিৰ পৰা দুদিনীয়াকৈ নাজিৰা প্ৰকল্প সমিতিয়েও ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী । পৰিশ্ৰমৰ মূল্যৰ নূন্যতম মাননি দি অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক নিজ কৰ্ত্তব্যৰ উপৰিও আন বিভিন্ন চৰকাৰী বিভিন্ন কাম – কাজত নিয়োজিত কৰি আহিছে চৰকাৰে । বিগত বহুদিনৰ পৰা মাননিৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীৰ সম মৰ্যদাৰে মজুৰি প্ৰদানৰ…

