Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজ ডেক্স, ১৯ মাৰ্চ,২০২৩ :  বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ৰাজ্যৰ  সহস্ৰাধিক  ঢুলীয়া-নাচনী l অসম চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমৰ প্ৰতিখন জিলাৰ পৰা সাজু হৈছে শতাধিক বিহুৱা বিহুৱতী৷  অংশগ্ৰহণ কাৰী প্ৰতিজন বিহুৱা বিহুৱতীক চৰকাৰে ১০৫০০/টকা প্ৰদান কৰিব ৷ ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলা ভিত্তিত আৰু ৯-১২ এপ্ৰিললৈ গুৱাহাটীৰ সৰুসজাইত কেন্দ্ৰীয় ভাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷  প্ৰতিগৰাকী বিহুৱা বিহুৱতীয়ে ব্যক্তিগত ভাবেও লাভ কৰিব গিণিজ বিশ্ব ৰেকৰ্ডৰ প্ৰমাণপত্ৰ৷  ১৪ এপ্ৰিলত অৰ্থাৎ গৰু বিহুৰ দিনা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে গুৱাহাটীত এই বিহু প্ৰদৰ্শন কৰা হ’ব ৷  বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশিক্ষণত ব্যস্ত হাজাৰ হাজাৰ বিহুৱা বিহুৱতী…

Read More

নিউজ ডেক্স,১৩ মাৰ্চ,২০২৩ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা হোৱা কাণ্ডৰ প্ৰতিবাদত আজি নাজিৰাত  শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে।ছেবাৰ কৰ্মদক্ষতা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আজি নাজিৰাত আছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী  । হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হোৱা ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰে ছাত্ৰ সংগঠনটোৱে।

Read More

নিউজ ডেক্স, ১০ মাৰ্চ,২০২৩ : শিৱসাগৰ জিলা শিক্ষা বিভাগৰ উদ্যোগত যোৱা ৮ মাৰ্চত শিৱসাগৰ যুৱদলত জিলা ভিত্তিত ইংৰাজী ভাষাত আয়োজিত ’’ প্ৰাদেশিক ভাষাৰ শিক্ষা ইংৰাজীত যোগাযোগৰ অন্তৰায় নহয়“ শীৰ্ষক বিষয়ৰ তৰ্ক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ফুলেশ্বৰী  উঃ মাঃ বালিকা বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মিছ ৰজদা আফিফা হানুমে সাৱলীল ভাবে ইংৰাজী ভাষাত আগবঢ়োৱা বক্তব্যত মুগ্ধ হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত গৌৰৱেৰে এই কথা প্ৰচাৰ কৰে৷ উল্লেখ্য যে উক্ত বিদ্যালয়ৰে শিক্ষক তথা এসময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক প্ৰশান্ত শৰ্মাৰ  তত্বাৱধানত ইংৰাজী কথন শিল্পত বিশেষ পাৰদৰ্শিতা লাভ কৰা ৰজদা আফিফা হানুমৰ ভাইৰেল ভিডিঅ’ই ৰাজ্যখনৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক উচ্ছসিত কৰি তুলিছে৷

Read More

নিউজ ডেক্স, ৯ মাৰ্চ,২০২৩:  নাজিৰা নগৰত অত্যাধিক হাৰত পৌৰ কৰ বৃদ্ধিৰ বাবে নাজিৰা পৌৰসভাই চলোৱা প্ৰচেষ্টাৰ প্ৰতিবাদত যোৱা পাঁচ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা বৃহৎ ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে আজি নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ যোগেদি  বৰ্দ্ধিত পৌৰ কৰ প্ৰত্যাহাৰৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷ এই স্মাৰকপত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘাল, স্থানীয় সাংসদ তপন গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া আৰু নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াকো প্ৰদান কৰা হয়৷ স্মাৰকপত্ৰ প্ৰদানৰ সময়ত নাজিৰা পৌৰসভাৰ সভানেত্ৰীয়ে কয় যে পৌৰকৰ বৃদ্ধিৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই আৰু এইক্ষেত্ৰত ৰাইজৰ মতামতক গুৰুত্ব সহকাৰে লোৱা হব যদিও চৰকাৰে পৌৰকৰ বৃদ্ধি…

Read More

নিউজ ডেক্স,৮ মাৰ্চ, ২০২৩: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে নাজিৰা মহকুমা প্ৰশাসনৰ:মহিলা কোষৰ উদ্যোগত আজি নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত “এমব্ৰেচ ইকুইটী”(Embrace Equity) শীৰ্ষক এখন সভা আয়োজন কৰা হয়। নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই সভাত নাজিৰা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ মহিলা মুৰব্বী বিষয়া সকল, বিশিষ্ট মহিলা সমাজ কৰ্মী সকল, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ মহিলা ৱাৰ্ড কমিছনাৰ সকল, নগৰীয়া আৰু গ্ৰাম্য অভিযান, বেচৰকাৰী প্ৰতিষ্ঠান সমূহত নিয়োজিত মহিলা সকল, অংগনৱাড়ী কর্মী সকল, মহিলা চাফাই কৰ্মী সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকল আৰু নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে। উপস্থিত বহু কেইগৰাকী মহিলাই নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা…

Read More

न्यूज डेस्क -6मार्च 2023 : नाजिरा नगरपालिका द्वारा शहर के वार्षिक कर दाताओं पर वार्षिक कर (टैक्स) की अप्रत्याशित वृद्धि किए जाने के विरोध में शहर कै दस वार्डो के अधीन स्थानीय नागरिकों द्वारा कल नाजिरा नाट्य मंदिर में एक जनसभा आयोजित की गई। हाल ही में नाजिरा नगरपालिका द्वारा जारी नए निर्देश के अनुसार नगरपालिका क्षेत्र के अधीन कर दाताओं पर नए टैक्स स्लैब के तहत पहले के मुकाबले कई गुना अधिक प्रस्तावित टैक्स से लोगों में तीखी प्रतिक्रिया देखी जा रही है। स्थानीय शिक्षाविद् एवं सामाजिक कार्यकर्ता प्रभात बरठाकुर की अध्यक्षता में आयोजित सभा में नई टैक्स व्यवस्था…

Read More

নিউজ ডেক্স, ৩ মাৰ্চ,২০২৩ :  আজিৰে পৰা ৰাজ্যত নতুন শিক্ষা নীতিৰে আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ১,৯৪,০৫৪ গৰাকী ছাত্ৰ আৰু ২,২৮,১২০ গৰাকী ছাত্ৰী। এইবাৰ বৰপেটা জিলাত সৰ্বাধিত ২৭,৬৪৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। মুখ্য বিষয় চাৰিটা- গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ দুটা খণ্ডৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।বিগত বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা  কিছু পৃথক৷ পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰৰ প্ৰশ্নকাকতো কিছু পৃথক ,কিয়নো চাৰি বিষয়ত ৪৫ নম্বৰ হ’ব অৱজেক্টটিভ৷ অৱজেক্টটিভ প্ৰশ্নৰ বাবে আছে সুকীয়া…

Read More

নিউজ ডেক্স, ০১ মাৰ্চ ২০২৩ :  যোৱা ২৬ তাৰিখৰ পৰা দিখৌ নদীত সন্ধানহীন হৈ থকা শিৱসাগৰ হাঁহচৰা চাউদাং গাঁৱৰ গোপাল বৰুৱাৰ সন্ধানত SDRF বাহিনীয়ে চলোৱা অভিযান আজি সামৰণি পৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল সন্ধানহীন ব্যক্তিজনক। সন্ধানহীন ব্যক্তিজনক বিচাৰি যোৱা ২৭, ২৮ ফেব্ৰুৱাৰী আৰু আজি ১ মাৰ্চ তাৰিখত SDRFএ অভিযান চলাইছিল। শিৱসাগৰ SDRF বাহিনী সফল নোহোৱাত দিখৌ নদীত গোলাঘাট জিলাৰ পৰা আন এটা  SDRFৰ দল আহি চলাইছিল অভিযান। কিন্তু সফল হব নোৱাৰিলে উদ্ধাৰকাৰী দল SDRF.

Read More

নিউজ ডেক্স,২৭ ফেব্ৰুৱাৰী, ২০২৩: নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অঞ্চলক প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে আজি গেলেকী হাইস্কুল খেলপথাৰত প্ৰজেক্ট – SHARP ( STUDENTS HOLISTIC APPROACH TO REDUCE POLLUTION) শীৰ্ষক যুগান্তকাৰী পদক্ষেপৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্ধোধন কৰি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে  কয় যে, ছাত্ৰ ছাত্ৰী সকলৰ মাজত সজাগতা তথা পৰিৱেশ পৰিস্কাৰ, প্ৰদূষণ মুক্ত কৰি ৰখাৰ মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যৰে প্ৰজেক্ট – SHARP হাতত লোৱা হৈছে।” ক্লীনাৰ, গ্ৰীনাৰ আৰু হেলথী গেলেকী – মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ হ’বলগীয়া এই অভিযান পৰৱৰ্তী সময়ত নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত হাতত…

Read More

নিউজ ডেক্স,২৭ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰ জিলাৰ বেতবাৰীৰ বাকচুৰ কোঁচ গাঁও,কোঁৱৰ গাঁও,খেলুৱা গাঁও,দুৱৰী গাঁও,খেলুৱা কৈৱৰ্ত্ত গাঁও,মাউত মৌপিয়া গাঁও,শ্ৰীশ্ৰী কাৱৈমাৰি সত্ৰ,শ্ৰীশ্ৰী সাউদকুছি সত্ৰ আৰু শ্ৰীশ্ৰী আদ্যগজলা কোৰেখনা সত্ৰৰ ভাগৱত প্ৰেমী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ধিতাইপুখুৰীৰ বাকচু কোঁচগাঁৱৰ সৰুবিল খেলপথাৰ তথা বৃন্দাবন ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অহা ২৪,২৫আৰু২৬মাৰ্চত বাকচু অনুস্থিত কৰিবলৈ লোৱা হৈছে ভাগৱত ব্যাখ্যা মহোৎসৱ।এই ভাগৱত ব্যাখ্যা মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয় বাকচু কোঁচ গাঁৱৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত।এই লাইখুঁটা স্থাপন কাৰ্য্যসূচীৰ লাইখুঁটা স্থাপন কৰে সাউদকুছি সত্ৰৰ নামঘৰ পৰিচালনা সমিতিৰ হৰি মহন্ত,লগতে বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক জয়জ্যোতি গগৈ,অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি শইকীয়া।এই লাইখুঁটা স্থাপন…

Read More