Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,১০ ফেব্ৰুৱাৰী,২০২৪:আজি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বৃহৎ ঘোষণা কৰিছে। তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে CAA কাৰ্যকৰী কৰাৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু ইয়াকো কাৰ্যকৰী কৰা হ’ব। তেওঁ কয় যে এই আইনক লৈ কোনেও বিভ্ৰান্ত হ’ব নালাগে।যোৱা বছৰৰ ডিচেম্বৰ মাহত পশ্চিম বংগ ভ্ৰমণৰ সময়ত তেওঁ দাবী কৰিছিল যে CAA ৰূপায়ণ কোনেও বাধা দিব নোৱাৰে। সংবাদ সংস্থা এএনআইৰ মতে, অমিত শ্বাহে কয় — “মই স্পষ্টকৈ ক’ব বিচাৰো যে CAA ই কোনো ব্যক্তিৰ নাগৰিকত্ব কাঢ়ি নিদিয়ে। ইয়াৰ উদ্দেশ্য হৈছে কেৱল ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা পাকিস্তানী, আফগান আৰু বাংলাদেশী সংখ্যালঘুসকলক নাগৰিকত্ব দিয়া।”অমিত শ্বাহে কয় যে কংগ্ৰেছে চুবুৰীয়া…
নিউজডেক্স,৯ ফেব্ৰুৱাৰী,২০২৪ ; সমগ্ৰ দেশতে এক বৃহৎ আন্দোলনৰ দ্বাৰা কোলাহল সৃষ্টিৰ বাবে সাজু হৈছে কৃষক৷নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১০ বছৰীয়া শাসন কালত সন্মুখীন হোৱা বহু বিপৰ্যয়ৰ ভিতৰত ২০২০ বৰ্ষটো অন্যতম। চৰকাৰে প্ৰস্তুত কৰা কৃষি আইন তিনিখনৰ বাবে মোডী চৰকাৰে বহু বাধাৰ সন্মুখীন হৈ অৱশেষত চৰকাৰে তিনিওখন আইন প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল৷এতিয়া ২০২৪ চনৰ নির্বাচনলৈ মাত্র কিছুদিন বাকী থকা অৱস্থাত পুনৰবাৰ কিষাণ মর্চা গঠন কৰি দিল্লীলৈ সমদল উলিয়াবৰ বাবে সাজু হৈছে কৃষক সমাজ৷ অহা ১৩ ফেব্ৰুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০০ টা কৃষক সংগঠনে দিল্লীলৈ সমদল উলিয়াবলৈ সাজু হৈছে। কৃষকৰ মূলতঃ দুটা দাবী। প্ৰথম – এম এছ পি অৰ্থাৎ…
নৰসিংহ ৰাও, চৰণ সিং, এম এছ স্বামীনাথনক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণা
নিউজডেক্স,৯ ফেব্ৰুৱাৰী,২০২৪ : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং আৰু কৃষি বিজ্ঞানী ড০ এম এছ স্বামীনাথনক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন, মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।বিগত সপ্তাহত বিজেপিৰ প্ৰবীণ তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীয়ে ভাৰত ৰত্নৰ সন্মান “নম্ৰতা আৰু কৃতজ্ঞতাৰে” গ্ৰহণ কৰি কৈছিল যে – “এই জীৱন মোৰ নহয়। মোৰ জীৱন মোৰ জাতিৰ বাবে” – ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰ্পুৰীক ঠাকুৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল । ১৯৫৪ চনৰ পৰা বছৰি প্ৰদান কৰি অহা দেশৰ সৰ্বোচ্চ ভাৰত ৰত্ন বঁটা…
নিউজডেক্স,৮ ফেব্ৰুৱাৰী,২০২৪ : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ভাৰতীয় অৰ্থনীতিৰ ওপৰত এখন শ্বেতপত্ৰ দাখিল কৰে।অন্তৱৰ্তীকালীন বাজেটত দিয়া ভাষণত সীতাৰমণে ২০১৪ চনৰ লৈকে ইউ পি এ চৰকাৰৰ শাসনৰ দহ বছৰীয়া অৰ্থনৈতিক দুৰ্নীতিৰ ৰূপৰেখা দাঙি ধৰি অৰ্থনীতিৰ ওপৰত এখন শ্বেতপত্ৰ লৈ চৰকাৰে প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছিল।সীতাৰমনৰ উদ্ধৃতিৰে সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, এনডিএ চৰকাৰে সেই বছৰবোৰৰ সংকট অতিক্ৰম কৰিছে, আৰু অৰ্থনীতিক সৰ্বাংগীন উন্নয়নৰ সৈতে উচ্চ বহনক্ষম বৃদ্ধিৰ পথত দৃঢ়তাৰে আগবঢ়া হৈছে। “তেতিয়া আমি ক’ত আছিলো(২০১৪ চনৰ লৈকে) আৰু এতিয়া ক’ত আছো, কেৱল সেই বছৰবোৰত (যিবোৰ সংঘটিত হৈছিল) অপ-ব্যৱস্থাপনাৰ পৰা শিক্ষা লোৱাৰ উদ্দেশ্যে এতিয়া সেইবোৰ চোৱাটো প্ৰয়োজন। চৰকাৰে এখন শ্বেতপত্ৰ টেবুলত…
নিউজডেক্স,৮ ফেব্ৰুৱাৰী,২০২৪ : কেন্দ্ৰীয় চৰকাৰে ইউ পি এ চৰকাৰৰ দহ বছৰীয়া কাৰ্যকালত (২০০৪-২০১৪) অৰ্থনৈতিক প্ৰদৰ্শনৰ ওপৰত চোকা দৃষ্টি ৰাখি ‘শ্বেতপত্ৰ’ দাখিল কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদ স্বৰূপে কংগ্ৰেছ দলে নৰেন্দ্ৰ মোডী চৰকাৰৰ দশকজোৰা কাৰ্যক আলোকপাত কৰি এখন ‘ব্লেক পেপাৰ’ প্ৰকাশ কৰিছে ৷আজি বৃহস্পতিবাৰে (৮ ফেব্ৰুৱাৰী) কংগ্ৰেছে নৰেন্দ্ৰ মোডী চৰকাৰৰ ব্যৰ্থতাৰ ওপৰত এখন ক’লা কাগজ প্ৰকাশ কৰি বিগত দহ বছৰৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অন্যায়ৰ ওপৰত আলোকপাত কৰে।কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ৰাষ্ট্ৰীয় ৰাজধানীত এক সংবাদমেলত প্ৰকাশ কৰা “১০ সাল অন্যায় কল” শীৰ্ষক ৫৪ পৃষ্ঠাৰ পুস্তিকা খনত দাবী কৰা হৈছে যে মোডী চৰকাৰে দহ বছৰীয়া শাসন কালত “দেশৰ অৰ্থনীতি ধ্বংস কৰিছে, নিবনুৱা সমস্যা বৃদ্ধি…
নিউজডেক্স,৮ ফেব্ৰুৱাৰী,২০২৪ :আজি দিনৰ প্ৰায় চাৰে এঘাৰ বজাত নাজিৰাৰ কাহ পিতলৰ ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘটিত হয়৷এই অগ্নিকাণ্ডত ৰমেশ কলিতাৰ বাসগৃহত ভাৰাতীয়া হিচাপে থকা ৰীতা বৰুৱা গগৈ, পম্পী আগৰৱালা, আৰু পৰিষ্মিতা ফুকনৰ আবাস সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে ৷ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।বৰ্তমানেও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
নিউজডেক্স,৭ ফেব্ৰুৱাৰী,২০২৪ : জনপ্ৰিয় অভিনেতা দেৱাশীষ বৰঠাকুৰক নাজিৰা নিৰ্বাচনী জিলাৰ “নিৰ্বাচনৰ আইকন” ৰূপে নিয়োগ কৰা হৈছে।অভিনেতা গৰাকীয়ে এক ভিডিঅ’ যোগে ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ সমূহ ভোটাৰ ৰাইজক আগন্তুক লোক সভা নিৰ্বাচন, ২০২৪ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰাৰ লগতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সঠিক ভাৱে সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে। নাজিৰা মহকুমাৰ তথ্য আৰু জনসংযোগ বিভাগে এক বিজ্ঞপ্তি যোগে এই কথা জনাইছে৷
নিউজডেক্স, ৭ ফেব্ৰুৱাৰী,২০২৪ : সংসদৰ বাজেট অধিবেশনত ভাষণ দি আজি ৰাজ্যসভাত ‘ধন্যবাদৰ প্ৰস্তাৱ’ৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সংৰক্ষণ বিৰোধী আছিল৷পিছপৰা শ্ৰেণীৰ কোটা সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে জৱাহৰলাল নেহৰুৱে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰৰ উদ্ধৃতি দি কয় যে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীয়ে যিকোনো ধৰণৰ সংৰক্ষণৰ বিৰোধীতা কৰিছিল৷কংগ্ৰেছে দলিত, পিছপৰা, আদিবাসীৰ বিৰোধিতা কৰি আহিছে বুলি কৈ তেওঁ কয়—“যি কংগ্ৰেছে অ’বিচিক সংৰক্ষণ নিদিলে, যিয়ে কেতিয়াও সাধাৰণ শ্ৰেণীৰ দুখীয়াক সংৰক্ষণ নিদিলে, যি কংগ্ৰেছে ভাৰতৰত্নৰ বাবে বাবাছাহেবক বিবেচনা নকৰি তাৰ পৰিৱৰ্তে নিজৰ পৰিয়ালৰ সদস্যক ভাৰত ৰত্ন দি থাকিল, তেওঁলোকে আমাক আজি সামাজিক ন্যায়ৰ ওপৰত পাঠ দিয়ে ৷” প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়—“কংগ্ৰেছৰ ১০…
নিউজডেক্স:৬ ফ্ৰেব্ৰুৱাৰী,২০২৪ : শিৱসাগৰ জিলাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ডিমুৱাল বিদ্যাভৱনৰ আজি ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনৰ লগত জড়িত ব্যক্তি সকলৰ উপস্থিতিত পুৱা ৯ বজাৰ পৰা দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসত ছাত্ৰী সকলৰ সমাৰোহৰ পিছতেই পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ সমান্তৰালকৈ দিনৰ ১১ বজাত এখনি মুকলি সভা অনুস্থিত হয়। এই মুকলি সভাত অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
নিউজডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪: ইছলাম ধৰ্মৰ পাঁচটা মূল স্তম্ভৰ অন্যতম এটা হৈছে হজ৷ বিশ্বৰ প্ৰতেকজন সমৰ্থবান ইছলাম ধৰ্মী লোকেই জীৱনত এবাৰ হজলৈ যোৱাটো অৱশ্যে কৰণীয় আৰু প্ৰতিজন মুছলমান লোকেই হজলৈ যোৱাৰ আশা কৰাৰ লগতে ধৰ্ম পৰায়ণ সাধাৰণ মুছলমান লোকৰ বাবে ই এক সপোন৷ অগণন নীতিনিষ্ঠ মুছলমানে নিজৰ বৈধ উপাৰ্জনৰ পৰা দীৰ্ঘদিন ধৰি “হজ”লৈ বুলি আচুতীয়াকৈ জমা ৰখা সাচতীয়া ধনেৰে পবিত্ৰ হজ সমাপনৰ আকাঙ্খা অব্যাহত ৰাখি সম্পূৰ্ণৰূপে চৰকাৰী নীতিনিয়ম মানি আজিও বছৰি বছৰি হজ সম্পাদন কৰি আহিছে ৷এই হজযাত্ৰী সকলে আমাৰ ভাৰত চৰকাৰৰ হজ নিৰ্দেশনা আৰু মুছলিম শ্বৰীয়ত আইন অনুসৰি হজলৈ যায়৷ কিন্তু হজ সম্পাদনৰ এই পবিত্ৰ আধ্যাত্মিক ক্ষেত্ৰতো বহু সহজ সৰল …

