Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,২৪ জানুৱাৰী,২০২৪ :নাজিৰাৰ NB Newsৰ সাংবাদিক সৌৰভ কোঁচক যোৱানিশা প্ৰায় এক বজাত নিজ ঘৰৰ সন্মুখতে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰাৰ লগতে তেওঁৰ বাসগৃহ  জ্বলাই দিয়াৰ ভাবুকি দি ঘৰৰ পৰ্দা জ্বলাই দিয়ে । ঘটনাৰ কিছু সময় পিছতেই স্থানীয় শিমলুগুৰি আৰক্ষীক সাংবাদিক গৰাকীয়ে  অৱগত কৰাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত সাংবাদিক গৰাকীক নাজিৰা লিগিৰীপুখুৰী চিকিৎসালয়ত প্ৰাৰ্থমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তেওঁ বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Read More

নিউজডেক্স,২৪ জানুৱাৰী,২০২৪ : আজি শিৱসাগৰ জিলাৰ ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ “পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ”ৰ শ্লগান লৈ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে নাজিৰাতো ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯৭নং নাজিৰা বিধান সভা সমষ্টিত আজি ৩৪হাজাৰ ৫ শ ৮৪ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৮ হাজাৰ ৪১১ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়।

Read More

নিউজডেক্স,২০ জানুৱাৰী,২০২৪ : অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম লাল্লাৰ মূৰ্তিৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব য’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।২২ জানুৱাৰীত ৰাম লল্লাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেশজোৰা উদযাপনৰ পূৰ্বে ২০ জানুৱাৰীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সংবাদ মাধ্যমক কোনো ধৰণৰ ভুৱা বা হেতালি খেলা,  পৰীক্ষা নকৰা, উচটনিমূলক বা সাম্প্ৰদায়িক সম্প্ৰীতি তথা জনশৃংখলা বিঘ্নিত কৰিব পৰা কোনো বিষয়বস্তু প্ৰকাশ বা টেলিকাষ্টৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ বা নিৰ্দেশ জাৰি কৰে। প্ৰাণ প্ৰতিষ্ঠা’ৰ বাবে মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত বৰ্তমান অযোধ্যা উৎসৱমুখৰ হৈ পৰিছে ৷  সংবাদ মাধ্যম তথা ডিজিটেল মিডিয়া আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বাতৰি কাকত, টিভি নিউজ চেনেলৰ বাতৰি…

Read More

নিউজডেক্স, ২০ জানুৱাৰী,২০২৪ :শিৱসাগৰ জিলাৰ বকতা কৰঙা গাৱঁৰ ৰূপকুমাৰ ৰাজখোৱাৰ বাৰীত ওলাইছে ইপাহৰ পাছত সিপাহ ঢেঁকীয়াফুল ৷ মাঘ বিহুৰ ভেলাঘৰ বনাবলৈ বাঁহ কাটিবলৈ যাওঁতে দেখা পাই দুপাহ ফুল ৷ এই খৱৰ জানিব পাৰি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰাত বন্দী হ’ল আৰু আন দুপাহ ঢেঁকীয়াফুল ৷ এই আপুৰুগীয়া ঢেকীয়া ফুল উদ্ধাৰ কৰি ধুপ-চাকি জ্বলাই সযতনে ৰাখিছে গৃহস্থই।  এনে ঘটনাই সমগ্ৰ অঞ্চলটোতে কৌতূহলৰ সৃষ্টি কৰিছে ৷

Read More

নিউজডেক্স,১৭ জানুৱাৰী,২০২৪ : আজি শিল্পী দিৱসৰ দিনাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২৩-২৪ বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা  কৰিছে৷ৰাজ্যখনৰ কলা-সংস্কৃতি জগতৰ ৬২ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন।  চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চনৰ তালিকা অনুসৰি ০২৩ – ২৪ বৰ্ষৰ বাবে শিল্পী পেঞ্চন লাভ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকল হ’ল : ১) ৰজনী পাটগিৰি ( ৭৫ বছৰ, বজালী ) : সংগীত, নৃত্য ২) ভগীৰাম দাস ( ৭৭ বছৰ, বজালী ) : সুকনান্নী ওজাপালি ৩) উত্তম বৰ্মণ ( ৭২ বছৰ, বজালী ) : লোকগীতৰ শিল্পী ৪) পদ্মধৰ বসুমতাৰী ( ৭৬ বছৰ, বাক্সা ) : কণ্ঠশিল্পী ৫) অচ্যুত ওজা ( ৭৯ বছৰ, বৰপেটা )…

Read More

নিউজডেক্স,১২ জানুৱাৰী,২০২৪ :নাজিৰাৰ মেজেঙ্গাস্থিত ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান চেইন্ট পিটাৰ্চ বিদ্যালয়ত আজি ছাত্ৰ – ছাত্ৰী সকলৰ দ্বাৰা চিত্ৰকলা , হস্তকলা আৰু বিজ্ঞানৰ প্ৰদৰ্শনী আয়োজন কৰা হয়। দ্বিতীয় বাৰৰ বাবে আয়োজিত এই প্ৰদৰ্শনীত ছাত্ৰ – ছাত্ৰী সকলৰ হাতৰ পৰশত উদ্ভাৱিত হোৱা বিজ্ঞান প্ৰদৰ্শনীত প্ৰায় ২০০ জন ছাত্ৰ-ছাত্ৰী,চিত্ৰকলাত প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰী আৰু হস্তকলাত  প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি বিজয়ী হোৱা ছাত্ৰ – ছাত্ৰীসকলৰ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হ’ব পুৰস্কাৰ।এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ – ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ লগতে মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰিছে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু…

Read More

নিউজডেক্স,০৯ জানুৱাৰী,২০২৪: অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত  বহু দিন ধৰি তীব প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাৰ নাগৰিক সকলে বিগত ২০২৩ চনৰ ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰাৰ পিছত গত বৰ্ষৰ ২৭ এপ্ৰিলত নাজিৰা পৌৰসভাই  ৫% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ ২’৫% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰিছিল৷নাজিৰাৰ পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ , ৱাৰ্ড পাৰিষদ সকলৰ…

Read More

নিউজডেক্স,৬ জানুৱাৰী,২০২৪ : ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণালী স্বাক্ষৰ বহন কৰা নাজিৰাৰ ঐতিহাসিক গড়গাঁও কাৰেঙঘৰৰ বাকৰিত তাই ধৰ্মীয় ৰীতি – নীতিৰে আজি অনুষ্ঠিত হয় জাতিংফা পূজা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা টাই পণ্ডিত তথা মলুঙ সকলে পুলিন পোথাও সকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে জাতিংফা  পূজা অৰ্চনাত টাই আহোমৰ ঐতিহ্য, পৰম্পৰাক আধ্যাত্মিক চেতনাৰে ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙঘৰ বাকৰি বিৰাজমান হৈ পৰে।ইয়াৰ পিছতে আজি টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী বিশেষ এককালীন সাহাৰ্য্য ৰূপে ২০০ জন মলুঙক ৩০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয়। তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহায়ে আঁত-ধৰা এই সাহাৰ্য্য প্ৰদান অনুষ্ঠানত  অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী…

Read More

নিউজডেক্স, ২৬ ডিচেম্বৰ,২০২৩ :  :আজি  নাজিৰাৰ মহকুমা কাৰ্যালয়ত চি পি আই দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পিছত অনুষ্ঠিত  সংবাদমেলত দলটোৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যেশেহতীয়াকৈ সঘন এনকাউণ্টাৰ বিষয়টোয়ে ৰাজ্যবাসীক আতংকিত কৰি তুলিছে ৷ সেয়েহে চি পি আই দলে  আলফাৰ সন্দেহত কৰা এই এনকাউণ্টাৰ অসাংবিধানিক আৰু অগণতান্ত্ৰিক আখ্যা দি পাৰ্টিয়ে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি তৎকালে এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত  চি পি আইয়ে বিৰোধী ঐক্যমঞ্চত থাকি অৱতীৰ্ণ হ’ব আৰু ইয়াৰ বাবে যোৰহাট লক্ষীমপুৰ আৰু কাজিৰঙা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত পাৰ্টিয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰিব ৷ ইতিমধ্যে তিনিওটা সমষ্টিতে পাৰ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি…

Read More

নিউজডেক্স,১৬ ডিচেম্বৰ,২০২৩ :অসমত ২৬খন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল। লগতে ৮খনকৈ স্থানীয় ৰে’লৰ যাত্ৰা সংকুচিত আৰু ৩১খন দূৰণিবটীয়া ৰে’লৰ যাত্ৰাপথ সলনি। চাংসাৰি-আগিয়াঠুৰীৰ মাজত দ্বৈত ৰে’লপথৰ কামৰ বাবে এই সিদ্ধান্ত NFRৰ। ১৭ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰৰ লৈকে বন্ধ থাকিব এই ৰেলসেৱা৷

Read More