Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নাজিৰাত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া : অ’এনজিচি, নিৰাপত্তা বাহিনী আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ
নিউজ ডেক্স, ২৫ এপ্ৰিল, ২০২৩ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি নাজিৰাৰ অ’এন.জি.চি ৰ সভাকক্ষত শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মূৰব্বী বিষয়া আৰু নিৰাপত্তা বাহিনীৰ মুৰব্বী বিষয়া সকলৰ লগত এক পৰ্যলোচনা সভাত মিলিত হৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা আঁচনি সমূহৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগে সম্পাদন কৰি থকা কাম কাজ আৰু নিৰাপত্তা বাহিনীৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়ত আলোচনা কৰে ৷ এই পৰ্যালোচনা সভাত অ’এন.জি.চিয়ে বৰ্তমানলৈকে তেল আৰু গেছ উৎপাদনৰ কাৰণে লোৱা ব্যৱস্থা আৰু সামাজিক উন্নয়নৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে পিপিটি পদ্ধতিৰ বিষয়েও অৱগত কৰে ৷ সভাত…
নাজিৰাত ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া : উপায়ুক্ত , আৰক্ষী অধীক্ষক তথা প্ৰশাসনৰ মূৰব্বীৰ সৈতে বৈঠক : সংবাদসেৱীক বাতৰি সংগ্ৰহৰ বাবে প্ৰৱেশ কৰাত বাধা
নিউজ ডেক্স, ২৫ এপ্ৰিল, ২০২৩: আজি শিৱসাগৰ জিলাত প্ৰথম বাৰৰ বাবে উপস্থিত হয় ৰাজ্যৰ নৱ নিযুক্ত ৰাজ্যপাল গোলাৱ চান্দ কাটাৰীয়া । মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম , অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত , জিলা আৰক্ষী অধীক্ষক তথা প্ৰশাসনীয় বিষয়া আৰু বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়া বৰ্গৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্যৰ মূৰব্বী ৰাজ্যপাল গৰাকী । বিয়লি প্ৰায় ৫ বজাৰ পৰা বৈঠকত মিলিত হোৱা এই বৈঠকৰ বিষয়ে সংবাদ সংগ্ৰহৰ বাবে যথা স্থানত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ স্থানীয় সংবাদসেৱী সকল উপস্থিত হয় যদিও নিৰাপত্তাৰক্ষী তথা প্ৰশাসনে সভাকক্ষত প্ৰৱেশত বাধা প্ৰদান কৰে । শিৱসাগৰ জিলা তথা নাজিৰা মহকুমা…
নিউজ ডেক্স,২৫ এপ্ৰিল,২০২৩ : নাজিৰা মহকুমাৰ দহটা চাৰ্কোলৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দুইশতাধিক মহিলাই নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী । অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মজুৰি বৃদ্ধিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে আজিৰ পৰা দুদিনীয়াকৈ নাজিৰা প্ৰকল্প সমিতিয়েও ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী । পৰিশ্ৰমৰ মূল্যৰ নূন্যতম মাননি দি অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক নিজ কৰ্ত্তব্যৰ উপৰিও আন বিভিন্ন চৰকাৰী বিভিন্ন কাম – কাজত নিয়োজিত কৰি আহিছে চৰকাৰে । বিগত বহুদিনৰ পৰা মাননিৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীৰ সম মৰ্যদাৰে মজুৰি প্ৰদানৰ দাবী…
নাজিৰা মিলন ক্লাৱৰ সৌজন্যত আৰু ওপৰ নাজিৰা যুৱক সকলৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দিনযোৰা কাৰ্য্যসূচীৰে মেহফিল এ ঈদ উদযাপন
নিউজ ডেক্স, ২৫ এপ্ৰিল,২০২৩ : নাজিৰা মিলন ক্লাৱ প্ৰাঙ্গণত ২৪ এপ্ৰিলত ওপৰ নাজিৰা যুৱক সকলৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ইছলাম ধৰ্মালম্বী লোকসকলে দিনযোৰা কাৰ্য্যসূচীৰে পৱিত্ৰ মেহফিল-এ-ঈদ উদ্যাপন কৰে। পুৱাৰ ভাগত সামাজিক দোৱা আৰু কেৰাত পাঠ অনুষ্ঠানেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত দিনৰ ভাগত নাটে ৰছুল প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, মুৰ্দা গোচল প্ৰতিযোগিতা, কছিদা আৰু জিকিৰ প্ৰতিযোগিতা ইত্যাদিকে ধৰি বহুকেইটা অনুষ্ঠান তথা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সন্ধিয়ালৈ সাংস্কৃতি অনুষ্ঠানৰ লগত সংগতি ৰাখি হজলৈ যোৱা ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়। বিগত বহু বছৰৰ পৰাই ওপৰ নাজিৰা অঞ্চলত পৱিত্ৰ ঈদৰ পাছতে ইছলাম ধৰ্মালম্বী লোক সকলে আৰম্বনাপূৰ্ণ ভাৱে “মেহফিল-এ-ঈদ” অনুষ্ঠানটি উদ্যাপন কৰি আহিছে।
নাজিৰাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৭তম মৃত্যু বাৰ্ষিকী উদ্যাপন।
নিউজ ডেক্স,২২ এপ্ৰিল,২০২৩ : আজি নাজিৰাত নাজিৰা ব্লক কংগ্ৰেছ কমিটী আৰু ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন ৰাজ্যিক কমিটিৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে উদ্যাপন কৰা হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৭তম মৃত্যু বাৰ্ষিকী।অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৭তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা,দিহানাম পৰিৱেশন,কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ আৰু নাজিৰাৰ এম.চি.ক্লাৱত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা অনুস্থিত হয়৷এই অনুষ্ঠানত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া,নাজিৰাৰ প্ৰাক্তন বিধায়িকা হেমপ্ৰভা শইকীয়া লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
আজি নাজিৰাত পালন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ : নাজিৰাৰ ঈদগাহ ময়দানত আশ্ৰয় এনজিঅ ৰ দ্বাৰা ২০ গৰাকী ইছলামধৰ্মীয় ব্যক্তিক সম্বৰ্দ্ধনা
নিউজ ডেক্স,২২ এপ্ৰিল,২০২৩ : সমগ্ৰ বিশ্বৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোক সকলে আজি নাজিৰাতো উলহ মালহেৰে পালন কৰে পবিত্ৰ ঈদ উল ফিতৰ। নাজিৰা ঈদগাহ ময়দানত নগৰখনৰ ইছলাম ধৰ্মী লোকসকলে সমূহীয়া ভাবে ঈদৰ নামাজ পঢ়াৰ লগতে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা ভিক্ষা কৰে। ঈদ উপলক্ষে নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে আন বহুজনে শুভেচ্ছা জ্ঞাপন কৰে৷ ঈদ উপলক্ষে স্বেচ্ছাসেৱী অনুষ্ঠান আশ্ৰয়ৰ তৰফৰ পৰা নাজিৰা ঈদগাহ ময়দানত ২০ জন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়: পবিত্ৰ ঈদৰ দিনাই নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান আশ্ৰয় এনজিঅৰ তৰফৰ পৰা নাজিৰাৰ তিনিটা মছজিদ জামাতৰ মুঠ ২০ গৰাকী লোকক ঈদ উপলক্ষে ঈদগাহ…
নিউজ ডেক্স, ২১ এপ্ৰিল ২০২৩ : এমাহ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কঠোৰ নীতি-নিয়মৰ মাজেৰে নিজক সংজম কৰি পালন কৰি আহিছে ৰোজা ৰমজান মাহৰ এমাহ ব্যাপী কঠোৰ ৰোজা বা উপবাসৰ অন্তত কাইলৈ ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব ঈদ-উল-ফিটৰ। ২০ এপ্ৰিলত ছৌদি আৰৱত ঈদৰ জোন দেখাৰ পিছত আজি ছৌদি আৰৱত পালন কৰা হ’য় ঈদ-উল-ফিটৰ। শনিবাৰে আমাৰ দেশত পালন কৰা হ’ব ঈদ। ঈদত সকলোৱে আনন্দ উত্সৱত ভাগ লয় । দৰিদ্ৰসকলেও ঈদৰ আনন্দ উপভোগ কৰাৰ সুবিধাৰ্থে ফিতৰা আৰু জাকাত দিয়া প্ৰথা প্ৰচলিত আছে ইছলাম ধৰ্মীয়লোকসকলৰ মাজত৷ ঈদৰ নামাজৰ পূৰ্বে এই ফিতৰা আৰু জাকাত দি আদায় কৰিব লাগে।বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে ত্যাগ আৰু ভাতৃত্ববোধৰ বানী…
নিউজ ডেক্স, ১৮ এপ্ৰিল ২০২৩ : অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অজয় সিঙৰ মঙলবাৰে পুৱা দেহাৱসান ঘটে। ২০০৩-০৮লৈ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা অজয় সিঙে আলফাৰ বিৰুদ্ধে ‘অপাৰেচন ৰাইনো’ৰো নেতৃত্ব দিছিল ।১৯৩৪ চনৰ ২০ নৱেম্বৰত ৰাজস্থানত জন্মগ্ৰহণ কৰা সিঙে মেয়ো কলেজ আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল৷১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত সক্ৰিয় ভূমিকা পালন কৰি অদম্য সাহস আৰু বুদ্ধিমত্তাৰ পৰিচয় দিয়া লেফটেনেন্ট জেনেৰেল অজয় সিঙ উত্তৰ-পূব পৰিষদৰো অধ্যক্ষ আছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷
নিউজ ডেক্স,১২ এপ্ৰিল,২০২৩ :আজি পুৱা গুৱাহাটী মহানগৰীৰ বশিষ্ঠত পথ দুৰ্ঘটনাত চিটী বাছৰ খুন্দাত থিতাতে মৃত্যু হয় সংবাদকৰ্মী মুস্তাক আলমৰ৷বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ স্কুটীৰে গৈ থকাৰ সময়তে বেলতলাৰ পৰা দিছপুৰ অভিমুখী চিটী বাছে মহতিয়াই নিয়ে সংবাদকৰ্মীজনক। যাৰ ফলত থিতাতে মৃত্যু হয় তেওঁৰ। গুৱাহাটীৰ TIME 8 নামৰ সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম।
নিউজ ডেক্স, ১০ এপ্ৰিল,২০২৩ : আজি নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে নাজিৰাত বাহিৰ কৰা হাত ছে হাত জোড়ো যাত্ৰা আৰু জয় ভাৰত সত্যাগ্ৰহ , পথসভাত অংশ লৈ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , সাম্প্ৰতিক দেশৰ অৰ্থনৈতিক সংকটৰ ছবি স্পষ্ট হৈ পৰিছে , যুৱ সমাজৰ কৰ্ম সংস্থাপনহীনতা , সহ্যাতীত মূল্যবৃদ্ধি , কৃষি খণ্ডৰ ভয়ংকৰ দুৰ্দশাগ্ৰস্ত অৱস্থা আৰু দেশৰ সম্পদৰাজিৰ ওপৰত কৰ্পৰেট গোষ্ঠীৰ আগ্ৰাসী দখল অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাহুল গান্ধীক বিজেপি চৰকাৰে অন্যায় ভাৱে জেললৈ নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰে …

