Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজ ডেক্স, ২৭ ফ্ৰেব্ৰুৱাৰী,২০২৩ : সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো ৰাজ্যিক কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম কৰ্মচাৰী পৰিষদে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এখনি প্ৰতিবাদী সভাৰ আয়োজন কৰে। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰা, ৰাজ্যিক কৰ্মচাৰীৰ বিনামূলীয়া চিকিৎসাসেৱা আঁচনি কাৰ্যকৰী কৰা , শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি, বিভিন্ন বিভাগৰ কনিষ্ঠ অভিযন্তাক এক্স-কেডাৰ পদ সৃষ্টিৰে পদোন্নতি দিয়া, সকলো বিভাগৰ চাকৰিৰ সেৱাবিধি প্ৰস্তুত কৰা, দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলে লাভ কৰা ফিক্সড টি এ আদায় দিয়া আদিকে ধৰি মুঠ ২১ দফীয়া দাবীৰে প্ৰতিবাদী সভা অনুস্থিত কৰাৰ লগতে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।…

Read More

নিউজডেক্স, ফ্ৰেব্ৰুৱাৰী ২৭, ২০২৩: পৃথিৱীৰ বিভিন্ন  অঞ্চলৰ লগতে অসমতো হাতী-মানুহৰ সংঘাত আৰু জৈৱবৈচিত্ৰৰ সংৰক্ষণ দুই বৃহৎ প্ৰত‍্যাহ্বান হিচাপে ঠিয় দিছে । এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠন আৰণ‍্যকে যোৱা দেওবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে । বন‍্য প্ৰাণীৰ খাদ্যৰ অভাব আৰু বনাঞ্চলৰ দ্ৰুত হ্ৰাস হাতী-মানুহৰ সংঘাতৰ এক অন্যতম কাৰণ ‌হিচাপে চিহ্নিত কৰা হয় ‌। আৰণ‍্যকৰ জ্যেষ্ঠ বিজ্ঞানী বিভূতি লহকৰে স্লাইডৰ জড়িয়তে অসমৰ বিভিন্ন অঞ্চলত  হাতী-মানুহৰ সংঘাত দুৰ কৰিবলৈ সংগঠনটোৱে কি কি কাৰ্যপন্থা হাতত লৈছে  সেই বিষয়ে বিতংকৈ আলোচনা কৰে । তেওঁ উল্লেখ কৰা মতে, ২০১৮-২০২২ বৰ্ষত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী আৰু চৰাইদেউ জিলাত হাতী-মানুহৰ…

Read More

নিউজ ডেক্স,২৬ ফ্ৰেব্ৰুৱাৰী,২০২৩: আজি দ’লবাগান আঞ্চলিক ঈদগাহ ময়দানত উদ্‌যাপন  কৰা হয় “দ্বীনি জলছা” ।  দ’লবাগান আঞ্চলিক আহমদীয়া মাদ্ৰাছাৰ হাফিজ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱা ছাত্ৰ সকলক আজিৰ এই অনুষ্ঠানত প্ৰদান কৰা হয় পাগুৰী। মাদ্ৰাছাৰ  নতুন ভৱনৰ আধাৰশিলা উপলক্ষে দ’লবাগান আঞ্চলিকৰ  অন্তৰ্গত সমূহ জামাত আৰু মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সৌজন্যত দিনজোৰা কাৰ্য্যসূচীৰে  আয়োজিত হয় দ্বীনি জলছা। এই  অনুষ্ঠানত তিনিজন ছাত্ৰক পাগুৰি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক মাজত কেইবাটাও শিতানত অনুষ্ঠিত কৰা হয় প্ৰদৰ্শনী।বহুসংখ্যক ইছলাম ধৰ্মীয়গুৰু উপস্থিত থকা উক্ত জলছাত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়৷

Read More

নিউজ ডেক্স,২৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰ জিলাৰ হাঁহচৰাৰ কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন সমন্বয় ক্ষেত্ৰত আজি সদৌ অসম ভিৰ্ত্তিত চেতিয়া সন্মিলনৰ লাইখুটা স্থাপন কৰা হয়।  অহা ইংৰাজী ১,২আৰু৩ এপ্ৰিল তাৰিখত সদৌ অসম ভিৰ্ত্তিত অনুষ্ঠিত হ’ব এই অনুস্থান। ইয়াৰ বাবে পূৰ্ণ গতিত চলিছে ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সকলে। সমগ্ৰ অসমত সিঁচৰতি হৈ থকা চেতিয়া বংশধৰ সকলক একত্ৰিত কৰাৰ সংকল্পৰে শিৱসাগৰ হাঁহচৰাত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।

Read More

নিউজ ডেস্ক , ২৫ ফ্ৰেব্ৰুৱাৰী,২০২৩ : অনামিকা বৰা নামৰ এগৰাকী ছাত্ৰীৰ এটা ফেচবুক প’ষ্টে পুনৰ এবাৰ আলোকিত কৰিছে অসমীয়া জনজীৱন৷ অগ্নিগৰ্ভা ঐতিহাসিক অসম আন্দোলনৰ সময় অৰ্থাৎ ১৯৭৯ চনৰ কথা। অগ্নিগৰ্ভা হৈ পৰা তেতিয়াৰ অসমখনত নিদ্ৰা হৰণ হৈছিল বহু  পৰিয়ালৰ। জীৱনৰ তাড়নাত বহুতো পৰিয়ালে আত্মগোপন কৰিবলগীয়া হৈছিল।সেই সময়তে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰা নামৰ লোকজনৰ ঘৰত আশ্ৰয় বিচাৰি আহিছিল অঞ্চলটোত  সৰু সৰু বেপাৰ-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে।যোগেন্দ্ৰনাথ বৰাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰা মুছলমান লোক কেইজনৰ মাজত আছিল মংগল শ্বেখো।নিশাটো বৰাৰ ঘৰতে পাৰ কৰাৰ পিছত পুৱতি নিশাই  মুছলমান লোক কেইজনক কেনেবাকৈ কপিলী নৈ পাৰ কৰাই থৈ আহিছিল গৃহস্থ…

Read More

নিউজ ডেক্স,২৫ ফ্ৰেব্ৰুৱাৰী,২০২৩: নাজিৰাৰ ৰহদৈ পুখুৰীৰ শিৱসাগৰ কৃৰ্ষি বিজ্ঞান কেন্দ্ৰত যোৱা ৯ফেব্ৰুৱাৰী পৰা অনুস্থিত হোৱা কৃৰ্ষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ ২৪ ফ্ৰেব্ৰুৱাৰীৰ দিনা সামৰণি পৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই    ১৫ দিনীয়া প্ৰশিক্ষণ  কাৰ্য্যসূচীৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়  ৷ কেইবাগৰাকী কৃষি বিজ্ঞানীয়ে অংশ লোৱা এই প্ৰশিক্ষণ  কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎ,চৰাইদেউ জিলা কৃষি বিষয়া ৰবীন য়েন,নাজিৰা মহকুমা কৃষি বিষয়া খিৰেশ্বৰ শইকীয়া,শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ কৃষি বিজ্ঞানী ড° প্ৰদীপ সন্দিকৈ আৰু শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষিবিজ্ঞানী,প্ৰশিক্ষণ সমন্বয়ক ড° অৰুন্ধুতী বৰদলৈকে ধৰি আন বহু লোক ৷

Read More

নিউজ ডেক্স, ২৪ ফ্ৰেব্ৰুৱাৰী, ২০২৩:  নাজিৰাৰ শিমলুগুৰিত যোৱা নিশা সংঘটিত হৈছে এক গাড়ী চুৰি ঘটনা। প্ৰণৱ সন্দিকৈ নামৰ এজন ব্যক্তিৰ এখন বলেৰ বাহনখন যোৱা নিশা তেওঁৰ ভাড়া ঘৰৰ পৰা চুৰি হয়। পুৱা প্ৰায় ৫ মান বজাত তেওঁৰ পৰিয়ালে যেতিয়া শুৱা পাটি এৰি বাহিৰলৈ আহে তেতিয়া তেওঁলোকে পূৰ্বৰ গাড়ী ৰখাই থোৱা  স্থানত গাড়ী খন দেখা নাপাই স্বাভাৱিকতে শংকিত হৈ উঠে। পৰৱৰ্তী সময়ত  পৰিয়ালৰ লোকৰ লগতে প্ৰণৱ সন্দিকৈয়ে গাড়ী খনৰ অনুসন্ধান কৰি কোনো সন্ধান নোপোৱাত শিমলুগুৰি আৰক্ষীৰ কাষ চাপে । চুৰি হোৱা বলেৰ খনৰ নম্বৰ হৈছে AS  04 1ED4864 । শিমলুগুৰি আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত যদিও তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানৰ লৈকে…

Read More

নিউজ ডেক্স, ২২ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : শিৱসাগৰৰ নিতাইপুখুৰী পৰা AS04X5460নম্বৰৰ এখন স্কুটী লৈ আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি নাজিৰাৰ যান বাহন আৰক্ষী বিষয়া হৰদেৱ সিঙে আটক কৰে নিতাইপুখুৰীৰ অংকুৰ গগৈ নামৰ এজন যুৱকক। স্কুটীখনত দুজন যুৱক উঠি আহিছিল যদিও  আনজন যুৱক ঘটনাস্থলীৰ পৰা পলায়ন কৰে আটকাধীন যুৱকজনৰ পৰা ড্ৰাগছ সেৱনত ব্যৱহৃত চিৰিঞ্জ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

Read More

न्यूज डेस्क/21फरवरी2023 : आज के समय में हर इंसान कहीं न कहीं तनाव भरी जिंदगी जीने को विवश है और खेल कूद के माध्यम से इस तनाव को कम किया जा सकता है।इसी को ध्यान में रखते हुए शिवसागर जिले के नामटी स्थित कुछ युवाओं ने आर्थिक रूप से कमजोर छात्र छात्राओं एवं बीमार लोगों की सहायता के लिए विगत 14वर्षो से मेगा प्राईजमनि क्रिकेट प्रतियोगिता आयोजित करते आ रहे हैं। स्थानीय मेट्रो क्लब के सौजन्य से इस बार भी 17फरवरी से शुरु इस प्रतियोगिता में तेजपुर गोलाघाट होजाई शिवसागर जिले सहित 32 टीमें भाग ले रही है।इस का फाइनल…

Read More

নিউজডেক্স, ২১ ফেব্ৰুৱাৰী, ২০২৩:  খেল-ধেমালিয়েও মানুহক সমাজৰ উত্তৰণৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে । এই কথা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ নামতিৰ কেইজনমান যুৱকে । দুখীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীক সহায় কৰাৰ মানসেৰে তেওঁলোকে যোৱা চৈধ্য বছৰ ধৰি নামতি অঞ্চলত এখন বাৰ্ষিক মেগা প্ৰাইজমনি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে ।     যুৱক কেইজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নামতি চাৰিআলি যুৱ  সমাজৰ উদ‍্যোগত স্থানীয় মেট্ৰ’ ক্লাবৰ সহযোগত দিবা-নৈক্ষ ক্ৰিকেট প্ৰতিযোগিতা খনৰ ১৫তম সংস্কৰণ বৰ্তমান নামতি অঞ্চলত হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছে । যোৱা ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৩ ফেব্ৰুৱাৰীত অন্ত…

Read More